ETV Bharat / bharat

উচ্চ ন্যায়ালয়ৰ আবেদনক প্ৰত্যাহ্বান জনাই শীৰ্ষ আদালতৰ দ্বাৰস্থ হেমন্ত ছোৰেন - Hemant Soren Moves SC

Hemant Soren Moves SC: প্ৰাক্তন মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনে ঝাৰখণ্ড উচ্চ ন্যায়ালয়ৰ দ্বাৰা তেওঁৰ জামিন আবেদন নাকচ কৰাৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে । ইডিৰ গ্ৰেপ্তাৰক প্ৰত্যাহ্বান জনাই আদালতত আবেদন জনাইছিল ছোৰেনে ।

Hemant Soren Moves SC
উচ্চ ন্যায়ালয়ৰ আবেদনক প্ৰত্যাহ্বান জনাই শীৰ্ষ আদালতৰ দ্বাৰস্থ হেমন্ত চোৰেন (IANS)
author img

By ETV Bharat Assamese Team

Published : May 6, 2024, 1:20 PM IST

নেশ্যনেল ডেস্ক, ৬ মে' : ঝাৰখণ্ড উচ্চ ন্যায়ালয়ৰ আদেশক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ কাষ চাপিল প্ৰাক্তন মুখ্যমন্ত্ৰী হেমন্ত ছোৰেন । ইডিৰ গ্ৰেপ্তাৰক প্ৰত্যাহ্বান জনাই ছোৰেনে উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰিছিল । কিন্তু উচ্চ ন্যায়ালয়ে এই আবেদন নাকচ কৰিছিল ।

জ্যেষ্ঠ অধিবক্তা কপিল চিব্বালে ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত তিনিজনীয়া বিচাৰপীঠৰ সন্মুখত উচ্চ ন্যায়ালয়ৰ আদেশৰ বিৰুদ্ধে ছোৰেনৰ আবেদনৰ কথা উল্লেখ কৰে । চলিত লোকসভা নিৰ্বাচনৰ উদ্ধৃতি দি চিব্বালে বিষয়টো শুনানিৰ বাবে জৰুৰীভাৱে তালিকাভুক্ত কৰিবলৈ আহ্বান জনায় । উচ্চতম ন্যায়ালয়ে কয় যে তেওঁ জৰুৰী তালিকাভুক্তিৰ বাবে চিব্বালৰ অনুৰোধৰ ওপৰত গুৰুত্ব দিব ।

ছোৰেনক ৩১ জানুৱাৰীত ইডিয়ে এক কথিত ভূমি কেলেংকাৰীৰ সৈতে জড়িত ধন আত্মসাৎ গোচৰত গ্ৰেপ্তাৰ কৰিছিল আৰু ৰাঁচীৰ বিৰচা মুণ্ডা কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ আছে । ছোৰেনক ১৫ ফেব্ৰুৱাৰীত ইডিৰ ১৩ দিনৰ জিম্মাৰ পিচত বিৰচা মুণ্ডা কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল ।

ছোৰেনৰ বিৰুদ্ধে প্ৰকাশ পোৱা প্ৰমাণ আৰু নথিপত্ৰ মিছা নহয় বুলি উল্লেখ কৰি উচ্চ ন্যায়ালয়ে কয় যে তেওঁৰ দিল্লীৰ বাসগৃহৰ পৰা বৃহৎ নগদ ধন উদ্ধাৰ আবেদনকাৰীয়ে অস্বীকাৰ নকৰে আৰু ৩৬ লাখতকৈ অধিক নগদ ধন ৰখাৰ বাবে তেওঁৰ পিতৃ-মাতৃৰ অসুস্থতাৰ অজুহাত প্ৰাথমিকভাৱে অযোগ্য যেন লাগিছে বুলিও উচ্চ ন্যায়ালয়ে উল্লেখ কৰে ।

উচ্চ ন্যায়ালয়ে লগতে কয় যে আবেদনকাৰীৰ বিৰুদ্ধে ইডিয়ে স্থাপন কৰা গোচৰটো কেৱল পিএমএলএৰ ধাৰা ৫০ৰ অধীনত লিপিবদ্ধ কৰা বিবৃতিৰ ওপৰত আধাৰিত নহয় ।

লগতে পঢ়ক :ইণ্ডিয়া ব্লকত এতিয়াও আছে একতা, দিল্লীৰ ৰেলীয়ে কৰিলে স্পষ্ট - INDIA Bloc Rally

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.