ETV Bharat / bharat

হেমন্ত-হিমন্তই সুস্থিৰ ৰাজনীতিৰ এক উদাহৰণ দেখুৱাইছে, কিন্তু কেনেকৈ ? - ASSAM FLOOD 2024

Flood in Assam: ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনে অসমৰ বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি হোৱা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা আগবঢ়াইছে দুই কোটি টকাৰ সাহায্য । অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এই সহায়ৰ বাবে ধন্যবাদ জনাইছে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীগৰাকীক ।

author img

By ETV Bharat Assamese Team

Published : Jul 22, 2024, 7:51 PM IST

ASSAM FLOOD 2024
অসমলৈ ঝাৰখণ্ডৰ বান সাহায্য (ETV Bharat)

নেশ্যনেল ডেস্ক, 22 জুলাই: এক প্ৰবাদ আছে যে, ৰাজনীতিত কেতিয়াও কোনো স্থায়ী বন্ধু বা শত্ৰু নহয় । গোটেই খেলটো চলে এক সমীকৰণত ৷ য'ত লাভ হয়, তাত বন্ধুত্ব থাকে আৰু য'ত লোকচান হয়, তাত বন্ধুত্ব এৰাই চলে । কিন্তু ৰাজনীতিৰ এই ধাৰণা সলনি কৰিছে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰমাণ কৰিছে যে, ৰাজনীতিৰ বন্ধুৰো স্থান আছে আৰু শত্ৰুৰো স্থান আছে । সম্ভৱতঃ এইকাৰণেই ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনে অসমৰ শেহতীয়া বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আগবঢ়াইছে দুই কোটি টকাৰ সাহায্য ৷ অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ইয়াক মুকলিকৈ গ্ৰহণ কৰি এই সহায়ৰ বাবে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেণক কৃতজ্ঞতা জনায় ৷

সুস্থিৰ ৰাজনীতিৰ এই ছবিখন এনে এক সময়ত দেখা গৈছে, যেতিয়া ঝাৰখণ্ড বিজেপিৰ নিৰ্বাচনী সহ-ভাৰপ্ৰাপ্ত বিষয়া(সহ-প্ৰভাৰী) হিচাপে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যখনত নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ লগতে চৰকাৰৰ কামৰ খতিয়ান লৈ কাঠগড়াত তুলিছে । একে সময়তে জে এম এমে অসমৰ মুখ্যমন্ত্ৰী শৰ্মাৰ নিৰাপত্তাৰ সন্দৰ্ভত কৰা ব্যয় সম্পৰ্কেও প্ৰশ্ন উত্থাপন কৰিছে ।

তাৎপৰ্যপূৰ্ণভাৱে এই ৰাজনৈতিক ভংগীক 2010 চনৰ বিহাৰ আৰু গুজৰাটৰ সৈতে তুলনা কৰা হৈছে । যেতিয়া নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰি আছিল । সেই সময়ত মোদীয়ে বিহাৰত হোৱা বানৰ ফলত ক্ষতিগ্ৰস্ত লোকসকলৰ বাবে পাঁচ কোটি টকাৰ চেক প্ৰেৰণ কৰিছিল, যিখন ৰাজ্যখনৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে ঘূৰাই দিছিল ।

এই বিষয়টোত জ্যেষ্ঠ সাংবাদিক মধুকৰে কয় যে, "মুখ্যমন্ত্ৰী হেমন্তে অসমৰ মুখ্যমন্ত্ৰী হিমন্তক দিয়া ধন হেমন্ত বা হিমন্তৰ নহয় । এয়া ঝাৰখণ্ডীসকলৰহে ধন । কিন্তু সমস্যাত সহায় কৰাটো এটা ভাল কথা । ই আমাৰ একতাক প্ৰদৰ্শন কৰে । মুখ্যমন্ত্ৰী হেমন্তে দেখুৱাইছিল যে, অসমৰ মানুহো আমাৰ মানুহ । অসমৰ চাহ বাগিচাতো বহুসংখ্যক ঝাৰখণ্ডী আছে । সেয়েহে হেমন্তে বাৰ্তা দিছে যে আমি একেলগে সমস্যাবোৰৰ বিৰুদ্ধে যুঁজিম । ৰাজনীতিৰ এক স্থান আছে । এয়া প্ৰশংসনীয়"।

কিন্তু এগৰাকী জ্যেষ্ঠ নেতা হোৱা স্বত্বেও নীতিশ কুমাৰ আৰু নৰেন্দ্ৰ মোদীৰ মাজত যি ধৰণৰ বিবাদ চলিছিল, সেয়া প্ৰকৃততে ৰাজনীতিৰ আঁৰত আছিল । নীতিশে অনুভৱ কৰিছিল যে, যদি তেওঁ গুজৰাট চৰকাৰৰ পৰা ধন লয়, আৰ জে ডি-য়ে তেওঁক উপহাস কৰিব । এতিয়া নীতিশে বিশেষ মৰ্যাদাৰ বাবে যুঁজ দি আছে । কিন্তু তেওঁলোকৰ আকাংক্ষা পূৰণ নহ'ব । এইটো সম্ভৱ যে, তেওঁৰ সততে সলনি হোৱা স্বভাৱ পুনৰ দেখা যাব । সামগ্ৰিকভাৱে এইটো ক'ব পাৰি যে সমস্যাৰ সময়ত, দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰী দুগৰাকীয়ে ৰাজনীতিৰ এক সুন্দৰ নিদৰ্শন উপস্থাপন কৰিছে । সকলোৱে ইয়াৰ পৰা শিকিব লাগে ।

নীতিশে মোদীৰ প্ৰস্তাৱ কিয় প্ৰত্যাখ্যান কৰিছিল

সুস্থিৰ ৰাজনীতিৰ এই অধ্যায়টোৱে 2010 চনৰ বিহাৰৰ বান পৰিস্থিতিৰ কিছু স্মৃতি ঘূৰাই আনিছে । তেতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী গুজৰাটৰ মুখ্যমন্ত্ৰী আছিল । তেওঁ সাহায্য হিচাপে 5 কোটি টকা আগবঢ়াই বিহাৰ চৰকাৰলৈ চেক প্ৰেৰণ কৰিছিল । কিন্তু নীতিশ কুমাৰে এই অৱদান গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছিল ।

তেতিয়া নীতিশ কুমাৰ বিচলিত হৈ বানৰ ক্ষেত্ৰত গুজৰাটৰ আৰ্থিক সহায়ৰ বাবে নৰেন্দ্ৰ মোদীক ধন্যবাদ জনাই এক বিজ্ঞাপন প্ৰকাশ কৰিছিল । নীতিশে তেতিয়া এইটোও কৈছিল যে, দুৰ্যোগৰ সময়ত দিয়া সহায় প্ৰকাশ কৰাটো ভাৰতীয় সংস্কৃতি আৰু নৈতিকতাৰ বিৰোধী । এই বিজ্ঞাপনটো মুখ্যমন্ত্ৰীগৰাকীৰ অনুমতি অবিহনে প্ৰকাশ কৰা হোৱা বুলিও তেওঁ কৈছিল ।

কিন্তু 2014 চনত নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হোৱাৰ পিচত নীতিশ কুমাৰে এন ডি এৰ পৰা অংশীদাৰিত্ব প্ৰত্যাহাৰ কৰি পিছত পুনৰ যোগদান কৰে ৷

হেমন্ত আৰু হিমন্তই সুস্থিৰ ৰাজনীতিৰ উদাহৰণ দাঙি ধৰিছে

বিশেষ কথাটো হ'ল এয়ে যে, ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে অসমত সংঘটিত প্ৰাকৃতিক দুৰ্যোগৰ ক্ষেত্ৰত নিকৃষ্ট ৰাজনীতিৰ প্ৰভাৱ পৰিব নিদিলে ৷ ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনে অসমৰ শেহতীয়া বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আগবঢ়াইছে দুই কোটি টকাৰ সাহায্য ৷ অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ইয়াক মুকলিকৈ গ্ৰহণ কৰে ৷ তদুপৰি অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীক তেওঁৰ উদাৰতাৰ বাবে অসমৰ জনসাধাৰণৰ হৈ কৃতজ্ঞতা জ্ঞাপন কৰে ।

অসমৰ মুখ্যমন্ত্ৰীৰ এই পোষ্ট সামাজিক মাধ্যমত আপলোড হোৱাৰ পিচতে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনে হিমন্ত বিশ্ব শৰ্মাৰ উদ্ধৃতি দি প্ৰতিক্ৰিয়াস্বৰূপে লিখিছে যে, "ঝাৰখণ্ডে দুৰ্যোগৰ সময়ত সদায় সংবেদনশীলতাৰে দেশৰ ৰাজ্যসমূহৰ সৈতে থিয় দি আহিছে । মই মা কামাখ্যাক প্ৰাৰ্থনা জনাইছো যে এই বানৰ কবলৰ পৰা অসমৰ লোকসকলে সোনকালেই পৰিত্ৰাণ লাভ কৰি স্বাভাৱিক জীৱন-যাপন আৰম্ভ কৰিব ।'

ঝাৰখণ্ড চৰকাৰক সমালোচনা কৰিবলৈ এৰি নিদিয়ে মুখ্যমন্ত্ৰী হিমন্তই

এই সাহায্যৰ আন এটা কাৰণো নথকা নহয় ৷ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ঝাৰখণ্ডৰ নিৰ্বাচনী সহ প্ৰভাৰী হিচাপে শেহতীয়াকৈ নিযুক্তি দিয়া হৈছে । শৰ্মাই সঘনে ঝাৰখণ্ড ভ্ৰমণ কৰি আছে । শেহতীয়াকৈ অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ নিৰাপত্তাৰ বাবদ হোৱা ব্যয়ৰ বিষয়েও ৰাজনীতিত যথেষ্ঠ চৰ্চা হোৱা দেখিবলৈ পোৱা হৈছিল । যেতিয়া জে এম এমে এই ব্যয় সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰিছিল, তেতিয়া হিমন্ত বিশ্ব শৰ্মাই তেওঁক ৰাজ্য চৰকাৰৰ নিৰাপত্তাৰ প্ৰয়োজন নাই বুলি মন্তব্য কৰিছিল ।

এই ঘটনাৰ পিচদিনা অসমৰ অতিৰিক্ত আৰক্ষী সঞ্চালকপ্ৰধানে ঝাৰখণ্ডৰ ডিজিপিলৈ এখন পত্ৰ লিখি স্পষ্ট কৰি দিছিল যে, মুখ্যমন্ত্ৰীগৰাকীক এম এইচ এ-য়ে Z+ নিৰাপত্তা প্ৰদান কৰিছে । নিৰ্বাচনৰ খাতিৰত ঝাৰখণ্ডলৈ সঘন অহা-যোৱা অব্যাহত থাকিব অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ । সেয়েহে এই নিৰাপত্তাৰ বাবে যি ব্যয় হ’ব, তাক বহন কৰিব অসম চৰকাৰে ৷

লগতে পঢ়ক: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰাপত্তা ব্যয় : এ ডি জি পি হীৰেন নাথৰ পত্ৰই জোকাৰিছে ৰাজনীতি - Assam CM Himanta Biswa Sarma

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.