ETV Bharat / bharat

উত্তৰ ভাৰতত গ্ৰীষ্ম প্ৰৱাহৰ প্ৰভাৱ : হিটষ্ট্ৰোকৰ ফলত কমেও ৪১ গৰাকীৰ মৃত্যু - Suspected heatstroke death

author img

By ETV Bharat Assamese Team

Published : May 31, 2024, 6:07 PM IST

Suspected heatstroke death: বিহাৰ, ৰাজস্থান, ওড়িশা আৰু উত্তৰ প্ৰদেশকে ধৰি উত্তৰ ভাৰতৰ বিভিন্ন ৰাজ্যত গ্ৰীষ্ম প্ৰৱাহে উদ্বেগৰ সৃষ্টি কৰিছে । বিহাৰত সন্দেহজনক হিটষ্ট্ৰোকৰ ফলত আৰক্ষীসহ কমেও ১৯ গৰাকী লোকৰ মৃত্যু হৈছে । ওড়িশাত ১০ গৰাকী লোকৰ মৃত্যুৰ কাৰণ গ্ৰীষ্ম প্ৰৱাহ বুলি সন্দেহ কৰা হৈছে ।

Suspected heatstroke death
হিটষ্ট্ৰোকৰ ফলত প্ৰায় ৪১ গৰাকীৰ মৃত্যু (ETV Bharat)

নেশ্যনেল ডেস্ক,৩১ মে': দেশৰ কিছুমান ৰাজ্যত ঘূৰ্ণিবতাহ 'ৰেমল'ৰ প্ৰভাৱ অব্যাহত আছে । ৰাজ্যসমূহত ধাৰাসাৰ বৰষুণ, ধুমুহাৰ প্ৰভাৱ দেখা গৈছে । আনহাতে উত্তৰ ভাৰতত গ্ৰীষ্ম প্ৰৱাহে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । বিহাৰ আৰু মধ্যপ্ৰদেশকে ধৰি কেইবাখনো ৰাজ্যত গ্ৰীষ্ম প্ৰৱাহৰ ফলত বহু লোক প্ৰভাৱিত হৈছে । কিছুমান অঞ্চলত ৪৭ ডিগ্ৰী চেলছিয়াছলৈকে উষ্ণতা বৃদ্ধি পাইছে । ইয়াৰ মাজতে সন্দেহজনক গ্ৰীষ্ম প্ৰৱাহৰ ফলত কমেও ৪১ গৰাকী লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে ।

ৰাজ্যসমূহৰ ভিতৰত বিহাৰত মৃত্যুৰ সংখ্যা সৰ্বাধিক । বিহাৰত যোৱা ৪৮ ঘণ্টাত তীব্ৰ গ্ৰীষ্ম প্ৰৱাহৰ পৰিস্থিতিৰ ফলত আৰক্ষী কৰ্মীসহ প্ৰায় ১৯ গৰাকী লোকৰ মৃত্যু হৈছে । ইতিমধ্যে বতৰ বিজ্ঞান বিভাগে তীব্ৰ গ্ৰীষ্ম প্ৰৱাহৰ সতৰ্কবাণী জাৰি কৰিছে । বুধবাৰে বাক্সাৰনৱানগৰ আৰক্ষী থানা এলেকাত ফ্লেগ মাৰ্চৰ সময়ত বিহাৰৰ সামৰিক আৰক্ষীৰ এগৰাকী জোৱানৰ মৃত্যু হয় আৰু হিটষ্ট্ৰোকৰ ফলত ৰোহতাছত এজন উপ-পৰিদৰ্শকৰ মৃত্যু হয় ।

আৰক্ষী অধীক্ষক মনীষ কুমাৰে কোৱা মতে গোৰ্খা ৰেজিমেণ্টত নিয়োজিত বিএমপি কৰ্মীজনৰ স্বাস্থ্যৰ অৱনতি হোৱাত তেওঁক এখন চিকিৎসালয়লৈ লৈ যোৱা হৈছিল । য'ত চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে । হিটষ্ট্ৰোকৰ ফলত মৃত্যু হোৱা দেৱনাথ ৰাম ভোজপুৰৰ বিহিয়াৰ বাসিন্দা আছিল আৰু ৰোহতাছৰ ডেহৰিৰ আৰক্ষী লাইনত উপ-পৰিদৰ্শক হিচাপে নিয়োজিত আছিল ।

ওড়িশাত গ্ৰীষ্ম প্ৰৱাহৰ ফলত ১০ গৰাকী লোকৰ মৃত্যুৰ খবৰ পোৱা গৈছে । আটাইকেইজনে ৰাজ্যখনৰ ৰাউৰকেলা চহৰৰ । তেওঁলোকৰ হিটষ্ট্ৰোকৰ ফলত মৃত্যু হোৱাৰ সন্দেহ কৰা হৈছে ।

একেদৰে ৰাজস্থানতো গ্ৰীষ্ম প্ৰৱাহৰ প্ৰভাৱ দেখা গৈছে । এতিয়ালৈকে ৰাজ্যখনত ৫ গৰাকী লোকৰ মৃত্যুৰ খবৰ পোৱা গৈছে । এনে পৰিস্থিতিত স্বাস্থ্য বিভাগে প্ৰয়োজনীয় প্ৰস্তুতি আৰম্ভ কৰিছে ।

ঝাৰখণ্ডৰ পালামু জিলাত বৃহস্পতিবাৰে সৰ্বাধিক তাপমাত্ৰা ৪৭.৪ ডিগ্ৰী চেলছিয়াছ হোৱাৰ ফলত গ্ৰীষ্ম প্ৰৱাহ সম্পৰ্কীয় লক্ষণৰ ফলত এগৰাকী মহিলাসহ প্ৰায় ৪ গৰাকী লোকৰ মৃত্যু হয় ।

জানিব পৰা মতে চিকিৎসালয়ত চিকিৎসাৰ সময়ত ৩ গৰাকী লোকৰ মৃত্যু হয় । আনহাতে এগৰাকী লোকৰ চিকিৎসালয়ৰ বাহিৰত মৃত্যু হয় । আনহাতে গ্ৰীষ্ম প্ৰৱাহ সম্পৰ্কীয় ৰোগত আক্ৰান্ত প্ৰায় ১০ গৰাকী লোক জিলা চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে । উত্তৰ প্ৰদেশত বৃহস্পতিবাৰে সন্দেহজনক হিটষ্ট্ৰোকৰ ফলত এগৰাকী মহিলাৰ মৃত্যু হয় আৰু তেওঁৰ পুত্ৰক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ।

লগতে পঢ়ক :গ্ৰীষ্মপ্ৰবাহ : বিহাৰত 24 ঘণ্টাত 19 গৰাকী লোকৰ মৃত্যু - Heat Stroke In Bihar

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.