ETV Bharat / bharat

হাথৰছ দুৰ্ঘটনাৰ তদন্তৰ 300 পৃষ্ঠাজোৰা প্ৰতিবেদন যোগী চৰকাৰলৈ প্ৰেৰণ এছ আই টিৰ; 6 বিষয়াক নিলম্বন - Hathras Stampede SIT Report

author img

By ETV Bharat Assamese Team

Published : Jul 9, 2024, 12:00 PM IST

Hathras stampede case: শোকাৱহ হাথৰছ দুৰ্ঘটনাৰ প্ৰতিবেদন যোগী চৰকাৰলৈ প্ৰেৰণ কৰিলে এছ আই টিয়ে । 300 পৃষ্ঠাৰ প্ৰতিবেদনত এছ আই টিয়ে বিতংভাৱে ব্যাখ্যা কৰিছে যে কেনেকৈ এই পদপিষ্টৰ ঘটনাটো সংঘটিত হৈছিল । আৰক্ষী, ৰাজহ বিভাগৰ বিষয়াৰ ওপৰিও প্ৰত্যক্ষদৰ্শী আৰু ভুক্তভোগীকো সাক্ষাৎ বিশেষ তদন্তকাৰী দলটোৰ ৷ অভিযুক্ত 6 বিষয়াক নিলম্বনৰ সিদ্ধান্ত ৷

Hathras Stampede: SIT Submits Report To Uttar Pradesh Govt
ভুক্তভোগীক সাক্ষাৎ (ETV Bharat)

নেশ্যনেল ডেস্ক, 9 জুলাই: হাথৰছৰ ঘটনাৰ তদন্ত চলোৱা এছ আই টিয়ে কৰ্তব্যত গাফিলতি কৰাৰ বাবে ছয়জন বিষয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ পৰামৰ্শ দিছিল ৷ ইয়াৰ পাচতেই বিষয়াকেইজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰি নিলম্বন কৰা হৈছিল ৷ নিলম্বিত বিষয়াসকল আছিল মহকুমাধিপতি, আৰক্ষী চক্ৰ বিষয়া, পৰিদৰ্শক, তহচিলদাৰ আৰু 2 জন ভাৰপ্ৰাপ্ত বিষয়া ৷

উল্লেখ্য যে, হাথৰছৰ ছিকন্দ্ৰৰাও নাৰায়ণ সাকাৰ হৰি ওৰফে ভোলে বাবাৰ সৎসংগত 123 জন ভক্তৰ মৃত্যুৰ ঘটনাৰ তদন্তৰ প্ৰতিবেদন বিশেষ তদন্তকাৰী দলে যোগী চৰকাৰলৈ ইতিমধ্যে প্ৰেৰণ কৰিছে । 5 দিনৰ তদন্তৰ অন্তত সোমবাৰে এই প্ৰতিবেদন প্ৰেৰণ কৰিছে এছ আই টিয়ে । ইয়াত দুৰ্ঘটনাটোৰ সৈতে জড়িত সকলো পক্ষৰ বক্তব্য লিপিৱদ্ধ কৰাৰ লগতে ঘটনাস্থলী আৰু অন্যান্য স্থানৰ পৰাও প্ৰমাণ সংগ্ৰহ কৰা হৈছে ।

এই প্ৰতিবেদনত সম্ভাৱ্য সকলো প্ৰশ্নৰ উত্তৰ বিচাৰি উলিওৱাৰ সমান্তৰালকৈ এছ আই টিয়ে প্ৰতিবেদনত অভিযুক্তৰ নামো উল্লেখ কৰিছে । এছ আই টিৰ অধ্যক্ষ এ ডি জি অনুপম কুলশ্ৰেষ্ঠই এই প্ৰতিবেদন চৰকাৰলৈ প্ৰেৰণ কৰা হৈছে বুলি নিশ্চিত কৰিছে ।

উল্লেখ্য যে, চলিত বৰ্ষৰ 2 জুলাইৰ দিনা হাথৰছ জিলাৰ ছিকন্দ্ৰৰাউ অঞ্চলৰ ফুলৰাই গাঁৱত সুৰজ পাল সিং ওৰফে নাৰায়ণ সাকাৰ হৰি ওৰফে ভোলে বাবাৰ সৎসংগত অনাকাংশিত পৰিস্থিতিৰ সৃষ্টি হৈছিল । য'ত 123 জন ভক্ত নিহত হয় । দুৰ্ঘটনাটোৰ পিছত হাথৰছৰ প্ৰশাসনিক আৰু আৰক্ষীৰ লগতে স্বাস্থ্য বিভাগ সন্দৰ্ভত প্ৰশ্ন উত্থাপন হয় ।

মুখ্যমন্ত্ৰী যোগীয়ে গঠন কৰিছিল এছ আই টি

দুৰ্ঘটনাচো সংঘটিত হোৱাৰ দ্বিতীয় দিনাই মুখ্যমন্ত্ৰী যোগীয়ে এছ আই টি গঠন কৰি দিছিল । আগ্ৰা মণ্ডলৰ এডিজি অনুপম কুলশ্ৰেষ্ঠৰ অধ্যক্ষতাত এছ আই টি গঠন কৰা হৈছিল । য’ত তেওঁৰ লগতে আলিগড়ৰ সংমণ্ডল আয়ুক্ত চৈত্ৰা ভিকো অন্তৰ্ভুক্ত কৰা হৈছিল । দুৰ্ঘটনাৰ পিছৰে পৰা দুয়োগৰাকী জ্যেষ্ঠ বিষয়াই হাথৰছত শিবিৰ পাতিছিল ।

এছ আই টিয়ে এই প্ৰতিবেদন প্ৰস্তুত কৰিছিল

এছ আই টিৰ অধ্যক্ষ তথা আগ্ৰা মণ্ডলৰ এ ডি জি অনুপম কুলক্ষেশ আৰু তেওঁৰ দলটোৱে দুৰ্ঘটনাটোৰ সৈতে জড়িত সকলো বিষয়া-কৰ্মচাৰীৰ লগতে মৃত ভক্তসকলৰ পৰিয়াল, আহতলোকসকলৰ সৈতে বাৰ্তালাপ কৰে আৰু তেওঁলোকৰ বক্তব্য সংগ্ৰহ কৰে । এই প্ৰতিবেদনত 100 জনতকৈ অধিক লোকৰ বক্তব্য লিপিবদ্ধ কৰা হৈছে । ইয়াৰ লগতে এছ আই টিয়ে হাথৰছ জিলাৰ ডি এম আশীষ কুমাৰ আৰু এছ পি নিপুন আগৰৱালাৰ বক্তব্যও প্ৰতিবেদনত লিপিৱদ্ধ কৰিছে । দুৰ্ঘটনাটোৰ সৈতে জড়িত প্ৰতিটো প্ৰমাণ সংগ্ৰহ কৰিছে এছ আই টিৰ দলে । দুৰ্ঘটনাস্থলীৰ লগতে আন প্ৰতিটো সম্ভাৱ্য স্থানৰ পৰাও প্ৰমাণ সংগ্ৰহ কৰা হৈছে । বক্তব্য আৰু প্ৰমাণৰ ভিত্তিত সিদ্ধান্ত লোৱাৰ পিচত এছ আই টিয়ে এই প্ৰতিবেদন প্ৰস্তুত কৰিছে ।

চৰকাৰলৈ প্ৰেৰণ কৰা প্ৰতিবেদন

সোমবাৰৰ সন্ধিয়া এছ আই টিৰ বিষয়াসকলে তেওঁলোকৰ তদন্তৰ প্ৰতিবেদন প্ৰস্তুত কৰি চৰকাৰলৈ প্ৰেৰণ কৰে । এই সন্দৰ্ভত এছ আই টিৰ অধ্যক্ষ তথা আগ্ৰা মণ্ডলৰ এ ডি জি অনুপম কুলশ্ৰেষ্ঠই কয়, "এছ আই টিয়ে চৰকাৰলৈ প্ৰেৰণ কৰা প্ৰতিবেদনত হাথৰছ দুৰ্ঘটনাৰ সৈতে জড়িত সকলো পক্ষৰ লোকৰ বক্তব্য লিপিবদ্ধ কৰা হৈছে । সকলো পক্ষৰ বক্তব্য আৰু প্রমাণ ভালদৰে পৰীক্ষা কৰাৰ পাচত প্রতিবেদন প্রস্তুত কৰি মুখ্য কার্যালয়লৈ প্রেৰণ কৰা হৈছে ৷ এই প্ৰতিবেদন গোপনীয় ।"

SIT এ তোলা প্ৰশ্নবোৰ

  • ইমান বৃহৎ কাৰ্যসূচীৰ বাবে স্বাস্থ্য বিভাগে আগতীয়াকৈ কি প্ৰস্তুতি চলাইছিল ?
  • কিমানখন এম্বুলেন্স ঘটনাস্থলীলৈ প্ৰেৰণ কৰিলে স্বাস্থ্য বিভাগে ?
  • দুৰ্ঘটনাৰ তথ্য লাভ কৰাৰ পিছত চিকিৎসালয়সমূহত কি ব্যৱস্থা কৰা হ’ল ?
  • দুৰ্ঘটনাৰ দিনটোত জিলা চিকিৎসালয় আৰু সামূহিক আৰু প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত কোন কোন চিকিৎসক আৰু কৰ্মচাৰী কৰ্তব্যত আছিল আৰু এই চিকিৎসক আৰু কৰ্মচাৰীৰ কিমানজন অনুপস্থিত আছিল ?
  • কোন কোন এম্বুলেন্স চালকে আহতসকলক চিকিৎসালয়লৈ লৈ যায় ?
  • কিমান সময়ৰ পিছত আহতসকলে চিকিৎসালয়ত চিকিৎসা লাভ কৰিলে ?
  • কোন চিকিৎসকে মৰণোত্তৰ পৰীক্ষা কৰিছিল? দুৰ্ঘটনাটোত ভক্তসকলৰ মৃত্যুৰ কাৰণ কি আছিল ?

আৰক্ষী আৰু ৰাজহ বিভাগ:

  • অনুষ্ঠানৰ স্থান পৰিদৰ্শন কৰি কোন আৰক্ষীয়ে প্ৰতিবেদন প্ৰস্তুত কৰিছিল ?
  • সৎসংগ স্থানলৈ অহা আনুমানিক ভিৰ সন্দৰ্ভত কি মূল্যায়ন কৰা হ’ল ?
  • সভাস্থলীত জৰুৰীকালীন সময়ত প্ৰস্থানৰ ব্যৱস্থা আপুনি দেখিছেনে, যদি আছে, তেন্তে থানাৰ পৰা প্ৰেৰণ কৰা আপোনাৰ প্ৰতিবেদনত ইয়াৰ কথা উল্লেখ আছেনে ?
  • অগ্নিনিৰ্বাপক বাহিনীয়ে সভাস্থলীত হোৱা ব্যৱস্থা সন্দৰ্ভত কি প্ৰতিবেদন দিলে ?
  • এই অনুষ্ঠান সন্দৰ্ভত এল আই ইউয়ে নিজৰ প্ৰতিবেদন দাখিল কৰিছিল নে ? এই প্ৰতিবেদন কি আছিল আৰু কোনে দাখিল কৰিছিল ?
  • ঘটনাস্থলীত কোন কোন আৰক্ষী কৰ্তব্যৰত আছিল ? কোনজন আৰক্ষী প্ৰথমে উপস্থিত হ’ল ?
  • কিমান সময়ত আৰক্ষীয়ে নিজৰ বিষয়াক হাথৰছ দুৰ্ঘটনাৰ বিষয়ে অৱগত কৰিছিল ?
  • কিমান সময়ত বিষয়াসকল সেই স্থানত উপস্থিত হ’ল? জৰুৰীকালীন সময়ত আহতসকলক কঢ়িয়াই নিবলৈ কি ব্যৱস্থা লোৱা হৈছিল ?

প্ৰত্যক্ষদৰ্শী আৰু ভুক্তভোগী

  • ভোলে বাবাৰ সৎসংগত কেতিয়া আৰু কেনেকৈ এই ঘটনাৰ সৃষ্টি হ’ল ?
  • সৎসংগত উপস্থিত থকা আয়োজক আৰু সেৱকসকলে জনসমাগম নিয়ন্ত্ৰণৰ বাবে কি প্ৰচেষ্টা চলালে ?
  • আয়োজক আৰু সেৱকসকলে তেওঁক ঠেলি ঠেলি দিছিল নেকি ? এই কাম কৰাসকলৰ ভিতৰত তেওঁ কোনোবাক চিনি পায় নেকি ?
  • অনুগামীসকলে যেতিয়া নিজৰ আত্মীয়ক চিকিৎসালয়লৈ লৈ গৈছিল, তেতিয়া তেওঁলোকৰ চিকিৎসা লাভ কৰিবলৈ কিমান সময় লাগিছিল ?

কেতিয়া কি হ’ল ?

  • 2 জুলাই: সৎসংগত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি । এই ঘটনাত মৃত্যু ঘটে 123 জন অনুগামীৰ ৷ এই সন্দৰ্ভত মুখ্য সচিব আৰু ডিজিপি হাথৰছলৈ আহি এছআইটি পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিয়ে ।
  • 3 জুলাই: মুখ্যমন্ত্ৰী যোগী নিজেই আহিছিল হাথৰছলৈ । হাথৰছৰ বিষয়াসকলৰ সৈতে তেওঁ দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰে । ঘটনাৰ আঁৰত ষড়যন্ত্ৰৰ সন্দেহ কৰি SIT গঠন কৰা হয় ।
  • ৪ জুলাই: হাথৰছ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে 6 জন সেনা জোৱানক । ইয়াৰ লগতে মুখ্য সেৱাকৰ্মী দেৱপ্ৰকাশ মধুকৰক বিচাৰি উলিওৱাৰ বিনিময়ত 1 লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰা হয় । দুৰ্ঘটনাটোত পোহৰলৈ আহে ষড়যন্ত্ৰৰ দিশ ।
  • ৫ জুলাই: কংগ্ৰেছৰ প্ৰাক্তন ৰাষ্ট্ৰীয় সভাপতি ৰাহুল গান্ধীয়ে হাথৰছৰ ঘটনাত প্ৰাণ হেৰুওৱা পৰিয়ালবোৰক সাক্ষাৎ কৰে । ক্ষতিপূৰণ বৃদ্ধিৰ দাবী জনায় । ইয়াৰ সমান্তৰালকৈ হাথৰছ আৰক্ষীয়ে দিল্লীৰ পৰা আটক কৰে মুখ্য সেৱাকৰ্মীক ।
  • ৬ জুলাই: ন্যায়িক আয়োগৰ দলটোৱে হাথৰছত উপস্থিত হৈ বিষয়াসকলৰ সৈতে মিলিত হ’ল । এছ আই টিৰ সৈতে কথা পতাৰ সমান্তৰালভাৱে ঘটনাস্থলী পৰিদৰ্শন কৰে । চিকিৎসালয়ত ৰোগীৰ সৈতে মত বিনিময় কৰিলে । পোহৰলৈ আহিল সুৰজপাল সিং ওৰফে ভোলে বাবাৰ প্ৰথমটো ভিডিঅ’ ।
  • ৭ জুলাই : ন্যায়িক আয়োগৰ দলটোৱে 34 জন লোকৰ বক্তব্য সংগ্ৰহ কৰে, তাৰ পিচত দলটো উভতি যায় । হাথৰছ আৰক্ষীয়ে আৰু দুজন লোকক গ্ৰেপ্তাৰ কৰি জে’ললৈ প্ৰেৰণ কৰে ।
  • ৮ জুলাই: কৃষক নেতা ৰাকেশ টিকেইট, সাংসদ চন্দ্ৰশেখৰ আজাদে নিহত পৰিয়ালক সাক্ষাৎ কৰে ।

লগতে পঢ়ক: হাথৰছৰ পদপিষ্টৰ ঘটনাৰ এজাহাৰ দাখিল: নাম নাই স্বয়ম্ভূ গুৰু ভোলে বাবাৰ - Hathras Stampede Incident

সৎসংগ অনুষ্ঠানত পদপিষ্ট হৈ নিহত হোৱা লোকসকলৰ তালিকা প্ৰকাশ ; মুকলি হেল্পলাইন নম্বৰ - STAMPEDE DURING SATSANG

সৎসংগ অনুষ্ঠানত অংশ ল’বলৈ গৈ প্ৰাণ হেৰুৱালে কমেও 116 গৰাকী ভক্তই : মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা - stampede during satsang

হাথৰছ কাণ্ডৰ ভুক্তভোগীক সাক্ষাৎ কৰিব ৰাহুল গান্ধীয়ে - Hathras stampede case

আগ্ৰাতো আছে ভোলে বাবাৰ নিৰাপদ ঘৰ, পোহৰলৈ আহিছে চাঞ্চল্যকৰ কাহিনী - Hathras Stampede Incident

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.