ETV Bharat / bharat

সৎসংগ অনুষ্ঠানত পদপিষ্ট হৈ নিহত হোৱা লোকসকলৰ তালিকা প্ৰকাশ ; মুকলি হেল্পলাইন নম্বৰ - STAMPEDE DURING SATSANG

author img

By ETV Bharat Assamese Team

Published : Jul 3, 2024, 8:17 AM IST

Updated : Jul 3, 2024, 12:57 PM IST

Hathras Satsang Dead Person List : হাথৰছৰ দুৰ্ঘটনাত পদপিষ্ট হৈ মৃত্যু ঘটা লোকসকলৰ এখন তালিকা প্ৰকাশ কৰিছে জিলা প্ৰশাসনে ৷ লগতে মুকলি কৰিছে হেল্পলাইন নম্বৰ ৷ বৰ্তমানলৈকে 121 গৰাকী লোকে প্ৰাণ হেৰুওৱা বুলি নিশ্চিত কৰিছে জিলা প্ৰশাসনে ৷ চাওক সবিশেষ খবৰ...

STAMPEDE DURING SATSANG
সৎসংগ অনুষ্ঠানত পদপিষ্টৰ ঘটনা (ETV Bharat Assam)

নেশ্যনেল ডেস্ক, 3 জুলাই: হাথৰছৰ সৎসংগত মঙলবাৰে সংঘটিত এটি শোকাৱহ দুৰ্ঘটনাত বৰ্তমানলৈকে মৃত্যু হৈছে 121 জন লোকৰ । পৰৱৰ্তী সময়ত সৎসংগ(প্ৰাৰ্থনা সভা) ৰ পৰা চিকিৎসালয়লৈকে সকলোতে মৃতদেহবোৰ সিঁচৰতি হৈ থকা দেখা যায় । ইতিমধ্যে এই মৰ্মান্তিক দুৰ্ঘটনাত নিহতসকলৰ এখন তালিকা প্ৰকাশ কৰিছে জিলা প্ৰশাসনে ৷ সমান্তৰালকৈ মুকলি কৰিছে হেল্পলাইন নম্বৰ ৷

উল্লেখ্য যে, জিলাখনৰ চিকান্দ্ৰৰাউ আৰক্ষী থানাৰ অন্তৰ্গত ৰতিভানপুৰৰ ফুলৰাই গাঁৱত নাৰায়ণ সাকাৰ বিশ্ব হৰি সংস্থাই মঙলবাৰে আয়োজন কৰিছিল এক সৎসংগ(প্ৰাৰ্থনা সভা) ৰ অনুষ্ঠান । য’ত শিৱবাবাৰ আৰাধনা চলি আছিল ৷ সৎসংগ শেষ হোৱাৰ পিছতে এই হৃদয় বিদাৰক দুৰ্ঘটনাটো সংঘটিত হয় ৷ এই দুৰ্ঘটনাত বিশেষকৈ মহিলা আৰু শিশুসকল অধিক পৰিমাণে পদপিষ্ট হয় ৷ মঙলবাৰৰ নিশালৈকে 116 গৰাকী লোকৰ মৃত্যু ঘটা বুলি জিলা প্ৰশাসনে নিশ্চিত কৰিছিল ৷ মৃতদেহবোৰ চিকিৎসা মহাবিদ্যালয়লৈ ইতিমধ্যে প্ৰেৰণ কৰা হৈছে ।

উল্লেখ্য যে, জিলা প্ৰশাসনে প্ৰকাশ কৰিছে নিহত আৰু আহতসকলৰ নামৰ তালিকা । দুৰ্ঘটনাটোত আহতসকলৰ পৰিয়ালে প্ৰশাসনে মুকলি কৰা হেল্পলাইন নম্বৰবোৰত যোগাযোগ কৰি প্ৰয়োজনীয় তথ্য়সমূহ লাভ কৰিব পাৰিব ৷

হাথৰাছৰ ঘটনা সন্দৰ্ভত আলিগড়ৰ জিলা দণ্ডাধীশে জিলাখনৰ 23 গৰাকী লোকৰ মৃত্যু ঘটা বুলি নিশ্চিত কৰে ৷ বিপৰীতে তিনিজন আহত জে এন চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থকা বুলি দণ্ডাধীশগৰাকীয়ে ব্যক্ত কৰে । ইয়াৰে এজনৰ অৱস্থা সংকটজনক ।

একে সময়তে 15 টা মৃতদেহ জে এন চিকিৎসা মহাবিদ্যালয়লৈ, 6 টা মালখান সিং জিলা চিকিৎসালয়লৈ আৰু দুটা মৰণোত্তৰ পৰীক্ষাগৃহলৈ অহা বুলিও জানিব পৰা গৈছে । আৰক্ষীয়ে এইক্ষেত্ৰত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰি আছে ৷

জিলা প্ৰশাসনে মুকলি কৰা হেল্পলাইন নম্বৰসমূহ হৈছে

  • আগ্ৰা জ’ন কণ্ট্ৰ’ল- 7839866849
  • আলিগড় ৰেঞ্জ কণ্ট্ৰ’ল- 7839855724
  • আগ্ৰা ৰেঞ্জ কণ্ট্ৰ’ল- 7839855724
  • হাথৰাছ কণ্ট্ৰ’ল- 9454417377
  • এটা কণ্ট্ৰ’ল- 9454417438
  • আলিগড় কণ্ট্ৰ’ল- 7007459568

লগতে পঢ়ক: সৎসংগ অনুষ্ঠানত অংশ ল’বলৈ গৈ প্ৰাণ হেৰুৱালে কমেও 116 গৰাকী ভক্তই : মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা - stampede during satsang

Last Updated : Jul 3, 2024, 12:57 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.