ETV Bharat / bharat

এখন ভৰিৰ ওপৰত থিয় দি বাচ্চা বাবাৰ অভিনৱ প্ৰতিবাদ - Hathayogi Baba - HATHAYOGI BABA

Hathayogi Baba: বাবা মহেশানন্দ গিৰি ওৰফে বাচ্চা বাবা তেওঁৰ অভিনৱ প্ৰতিবাদৰ বাবে চৰ্চা লাভ কৰিছে । যোৱা ৩ বছৰ ধৰি সাধুগৰাকীয়ে এখন ভৰিৰ ওপৰত থিয় হৈয়ে আছে । এখন ভৰিৰেই খোজ কাঢ়িছে । কিন্তু তেওঁৰ দাবী কি ?

Hathayogi Baba
এখন ভৰিৰ ওপৰতে থিয় হৈ প্ৰতিবাদ এগৰাকী সাধুৰ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Aug 20, 2024, 2:09 PM IST

নেশ্যনেল ডেস্ক,২০ আগষ্ট : ভাৰতৰ দৰে দেশত প্ৰতিবাদ নতুন নহয় । বিভিন্ন অধিকাৰৰ বাবে ৰাজপথলৈ ওলাই আহে বহু লোক । এইবাৰ উত্তৰ প্ৰদেশত এক অভিনৱ প্ৰতিবাদ পোহৰলৈ আহিছে । এজন সাধুৱে বিগত ৩ বছৰ ধৰি অব্যাহত ৰাখিছে এই প্ৰতিবাদ । তেওঁৰ এলেকাত পথৰ দুৰৱস্থাৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে সাধুগৰাকীয়ে । তেওঁৰ প্ৰতিবাদৰ ধৰণৰ কথা জানিলে আপুনিও আচৰিত হ'ব । যোৱা ৩ বছৰে এখন ভৰিৰ ওপৰতে থিয় হৈ প্ৰতিবাদ সাব্যস্ত কৰি আছে সাধুগৰাকীয়ে ।

অভিনৱ প্ৰতিবাদ

বাবা মহেশানন্দ গিৰি ওৰফে 'বাচ্চা বাবা'ই দিনে-ৰাতিয়ে এনেদৰেই প্ৰতিবাদ সাব্যস্ত কৰি আছে । আনকি তেওঁ এখন ভৰিৰ ওপৰত থিয় হৈয়েই শোৱে । ৰাজহুৱা প্ৰশাসনৰ সংস্কাৰৰ বাবে তেওঁৰ এই অনন্য প্ৰতিবাদৰ বাবে তেওঁক এতিয়া 'হাতযোগী বাবা' নামেৰে জনা যায় ।

সাধুগৰাকীৰ দাবী

সাধুগৰাকীয়ে টুণ্ডলা তহচিলৰ অধীনৰ গোৱাৰাই গাঁৱৰ বাহিৰত নিৰ্মাণ কৰা মন্দিৰৰ মহন্ত (প্ৰধান)। গোৱাৰাই গাঁওখন টুণ্ডলাৰ পৰা প্ৰায় ২০ কিলোমিটাৰ দূৰত যমুনা নদীৰ ওচৰত অৱস্থিত । সাধুগৰাকীয়ে উল্লেখ কৰা মতে গাঁওবাসীয়ে পথৰ দুৰৱস্থা আৰু বিদ্যুৎ কৰ্তনৰ দৰে সমস্যাত ভুগি আছে ।

তেওঁ কয়, "যেতিয়া মই মানুহৰ সমস্যাবোৰ দেখিছিলো, মই এখন ভৰিৰ ওপৰত থিয় হৈ প্ৰতিবাদ কৰাৰ প্ৰতিজ্ঞা কৰিছিলো । হয় মই এখন ভৰিৰ ওপৰতে থিয় হৈ থাকো আৰু তেনেদৰেই খোজ কাঢ়ো কিন্তু মই কেতিয়াও দুয়োখন ভৰিৰ ওপৰত পোনকৈ থিয় নহওঁ । মই ওচৰৰ গাঁওবোৰত উন্নয়নমূলক কাম কৰাটো বিচাৰো । কিন্তু ইয়াত কিয় উন্নয়ন নহয় ? আমাৰ গাঁৱত কোনো ষ্ট্ৰীটলাইট নাই । আমি কৃত্ৰিম বানৰ সমস্যাত ভুগি আছো ।"

সাধুগৰাকীৰ আন এটা দাবী হ'ল যে তেওঁৰ মন্দিৰটোও পুনৰ নিৰ্মাণ কৰিব লাগে । সাধুগৰাকীয়ে কয়, "নিৰ্বাচনৰ পূৰ্বে কেইবাজনো নেতা আহি মন্দিৰটো পুনৰ নিৰ্মাণ কৰাৰ প্ৰতিশ্ৰুতি দিছিল । বিধায়ক প্ৰেমপাল ধংগাৰ তেওঁলোকৰ মাজৰ এজন আছিল । এতিয়ালৈকে কোনো কাম আৰম্ভ হোৱা নাই । মোৰ দাবী পূৰণ নোহোৱালৈকে মই প্ৰতিবাদ কৰি যাম ।"

লগতে পঢ়ক :ফেচবুক-ইউটিউবৰ পৰা উপাৰ্জন হোৱা ধন বৰ্ণিলৰ পিতৃ-মাতৃয়ে ক'ত খৰচ কৰিছে জানেনে ? - Kid YouTubers

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.