ETV Bharat / bharat

ঘৃণনীয়: ককাদেউতাকৰ কামনাৰ বলি বিশেষভাৱে সক্ষম নাতিনী - Rape allegation against grandfather - RAPE ALLEGATION AGAINST GRANDFATHER

Rape Case: এজন ককাদেউতাকৰ লজ্জাজনক কাণ্ডই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ সম্পৰ্কীয় ককাদেউতাকৰ কামনাৰ বলি এগৰাকী বিশেষভাৱে সক্ষম নাতিনীয়েক ৷

GRANDFATHER ARRESTED FOR RAPE
নাতিনীয়েকক ধৰ্ষণৰ অভিযোগ উত্থাপন হৈছে ককাদেউতাকৰ বিৰুদ্ধে (ETV BHARAT)
author img

By ETV Bharat Assamese Team

Published : Jun 14, 2024, 9:57 PM IST

নেশ্যনেল ডেস্ক, 14 জুন : ধৰ্ষণ, নিৰ্যাতনৰ বিৰুদ্ধে দেশত কঠোৰ আইন বলবৎ কৰা হৈছে যদিও এতিয়াও বন্ধ হোৱা নাই এই ঘৃণনীয় অপৰাধ ৷ মানৱতাক ভৰিৰে মোহাৰি এতিয়াও দেশৰ বিভিন্ন প্ৰান্তত সংঘটিত হৈ আহিছে এনেধৰণৰ নিকৃষ্ট ঘটনা ৷ আনকি এইধৰণৰ ঘটনাৰ পৰা সাৰি নাযায় শিশু অথবা নাবালক-নাবালিকাও ৷ ইয়াৰ মাজতে দেশত পুনৰ সংঘটিত হৈছে আন এক লজ্জাজনক ঘটনা ৷

এইবাৰ নাতিনীয়েকক ধৰ্ষণৰ অভিযোগ উত্থাপন হৈছে ককাদেউতাকৰ বিৰুদ্ধে ৷ ককাকৰ বিৰুদ্ধে বিশেষভাৱে সক্ষম নাতিনীয়েকক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ দেৱভূমি উত্তৰাখণ্ডৰ হৰিদ্বাৰ জিলাত সংঘটিত হৈছে এই পৈশাচিক ঘটনা ৷ হৰিদ্বাৰৰ পিৰাণ কলিয়াৰ থানাৰ অন্তৰ্গত এজন ককাকে নিজৰ বিশেষভাৱে সক্ষম নাতিনীক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ ইতিমধ্যে এই ঘটনা সন্দৰ্ভত অভিযুক্ত ককাকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ৷

তথ্য অনুসৰি বিগত 13 জুনত ভুক্তভোগীৰ ভাতৃয়ে পিৰাণ কলিয়াৰ থানাত ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰিছে ৷ এজাহাৰত অভিযোগকাৰীয়ে কয় যে ককাদেউতাকে তেওঁৰ বিশেষভাৱে সক্ষম ভগ্নীৰ সৈতে বলপূৰ্বক অসৎ কামত লিপ্ত হৈছিল ৷ অভিযোগকাৰীয়ে জনায় যে যোৱা 12 জুন, বুধবাৰে গভীৰ নিশা সম্পৰ্কীয় ককাদেউতাকে ভুক্তভোগীক নিজৰ ঘৰলৈ লৈ গৈছিল ৷ তাতেই অভিযুক্তই ভুক্তভোগীক ধৰ্ষণ কৰিছিল ৷ গাঁৱৰ একাংশ লোকে অভিযুক্তৰ এই ঘৃণনীয় কাণ্ড দেখি এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে ৷

লগতে পঢ়ক : চাঞ্চল্যকৰ ! স্বামীয়ে ল'লে পত্নীৰ প্ৰাণ, পত্নীৰ হাতত নিহত স্বামী - Husband Wife Killed Each Other

ঘটনাস্থলীত ৰাইজ সমবেত হোৱা দেখি অভিযুক্তই সেই স্থানৰ পৰা পলায়ন কৰে ৷ ভুক্তভোগীৰ ভাতৃৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে অভিযুক্তৰ বিৰুদ্ধে সংশ্লিষ্ট ধাৰাত গোচৰ ৰুজু কৰে ৷ আৰক্ষীৰ এটা দলে অভিযুক্তৰ সন্ধানত ধাৰাবাহিকভাৱে অভিযান চলাই অৱশেষত আজি সফলতা লাভ কৰে ৷ শুকুৰবাৰে মাছাৰহেৰী দলঙৰ সমীপত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অভিযুক্তক ৷ আৰক্ষীয়ে অভিযুক্তক আদালতত হাজিৰ কৰি জেললৈ প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক : ভূমি সমাধি লৈ যুৱকৰ প্ৰতিবাদ; মুখ্যমন্ত্ৰীৰ সন্মুখত আত্মহননৰ ভাবুকি মাতৃৰ - Bharatpur Youth Protest

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.