ETV Bharat / bharat

নিৰ্বাচন আয়ুক্তৰ পদত্যাগ, কংগ্ৰেছ আৰু টিএমচিৰ তীব্ৰ প্ৰতিক্ৰিয়া - EC resignation

EC resignation: লোকসভা নিৰ্বাচনৰ পূৰ্বে নিৰ্বাচন আয়ুক্ত অৰুণ গোৱেলৰ আকস্মিক পদত্যাগক লৈ কংগ্ৰেছ আৰু তৃণমূল কংগ্ৰেছে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে বিজেপিয়ে মুক্ত আৰু নিৰপেক্ষ নিৰ্বাচন নিবিচাৰে ।

EC resignation
নিৰ্বাচন আয়ুক্তৰ পদত্যাগক লৈ কংগ্ৰেছ আৰু টিএমচিৰ তীব্ৰ প্ৰতিক্ৰিয়া
author img

By ETV Bharat Assamese Team

Published : Mar 10, 2024, 2:11 PM IST

নেশ্যনেল ডেস্ক, ১০ মাৰ্চ : লোকসভা নিৰ্বাচনৰ পূৰ্বে ভাৰতৰ নিৰ্বাচন আয়ুক্ত অৰুণ গোৱেলৰ পদত্যাগক লৈ দেশজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । ইফালে বিৰোধী কংগ্ৰেছ আৰু তৃণমূল কংগ্ৰেছে লোকসভা নিৰ্বাচনৰ ঠিক পূৰ্বে নিৰ্বাচন আয়ুক্তৰ আকস্মিক পদত্যাগক লৈ নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰক আক্ৰমণ কৰিছে ।

কংগ্ৰেছৰ সাধাৰণ সম্পাদক কে.চি বেণুগোপাল আৰু তৃণমূল কংগ্ৰেছৰ সাংসদ সাকেত গোখলেয়ে বিষয়টোত হতাশা ব্যক্ত কৰি কয় যে আগন্তুক নিৰ্বাচনক লৈ সমগ্ৰ দেশ উদ্বিগ্ন হৈ আছে । তেওঁলোকে অভিযোগ কৰা মতে চৰকাৰে মুক্ত আৰু নিৰপেক্ষ নিৰ্বাচন নিবিচাৰে ।

কংগ্ৰেছ নেতা কে.চি বেণুগোপালে কয় যে এই ঘটনা অতি আচৰিত । নিৰ্বাচনৰ দিন ঘোষণাৰ ঠিক পূৰ্বে নিৰ্বাচন আয়ুক্তই পদত্যাগ কৰিছে । তেওঁৰ মতে ইয়াৰ পূৰ্বে বিজেপিয়ে ভাৰতৰ মুখ্য ন্যায়াধীশক নিৰ্বাচন আয়োগ আৰু নিৰ্বাচন আয়ুক্তৰ বাছনি সমিতিৰ পৰা অপসাৰণ কৰিছিল । মুখ্য ন্যায়াধীশৰ স্থানত তেওঁলোকে এগৰাকী কেবিনেট মন্ত্ৰী অন্তৰ্ভুক্ত কৰিছিল ।

কংগ্ৰেছ নেতাগৰাকীৰ মতে এইটো এতিয়া এক চৰকাৰী বিষয় হৈ পৰিছে । এই প্ৰক্ৰিয়াত স্বচ্ছতা নোহোৱা হৈছে বুলি তেওঁ অভিযোগ কৰে ।বেণুগোপালে নিৰ্বাচন আয়ুক্ত গোৱেলৰ পদত্যাগক লৈ উদ্বেগ প্ৰকাশ কৰি কয় যে বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰৰ প্ৰতি উদ্বেগৰ বিষয় যে নিৰ্বাচন আয়ুক্ত অৰুণ গোৱেলে লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত পদত্যাগ কৰিছে ।

ইচিআইৰ দৰে সাংবিধানিক প্ৰতিষ্ঠান এটাই কেনেদৰে কাম কৰি আছে আৰু চৰকাৰে তেওঁলোকক কেনেদৰে হেঁচা প্ৰয়োগ কৰিছে তাত কোনো সন্দেহ নাই বুলিও কংগ্ৰেছ নেতাগৰাকীয়ে উল্লেখ কৰে । বিজেপি নেতৃত্বাধীন চৰকাৰক আক্ৰমণ কৰি কে.চি বেণুগোপালে কয় যে ২০১৯ ৰ নিৰ্বাচনৰ সময়ত অশোক লাভাছাই আচৰণ বিধি উলংঘা কৰাৰ বাবে প্ৰধানমন্ত্ৰীক ক্লিন চিট দিয়াৰ বিৰুদ্ধে ভিন্নমত পোষণ কৰিছিল । পিচত তেওঁ নিৰন্তৰ অনুসন্ধানৰ সন্মুখীন হৈছে ।

ইফালে তৃণমূল কংগ্ৰেছৰ সাংসদ সাকেত গোখলেয়ে এক্সৰ এটা পোষ্টত লিখিছে যে হঠাতে লোৱা পদক্ষেপ হিচাপে নিৰ্বাচন আয়ুক্ত অৰুণ গোৱেলে পদত্যাগ কৰিছে । আন ইচিৰ পদ খালী আছে । ইয়াৰ ফলস্বৰূপে এতিয়া নিৰ্বাচন আয়োগৰ হাতত মাত্ৰ এগৰাকী মুখ্য নিৰ্বাচন আয়ুক্ত আছে ।

মুখ্য নিৰ্বাচন আয়ুক্ত আৰু অন্যান্য নিৰ্বাচন আয়ুক্ত নিযুক্তি আইন সন্দৰ্ভত তেওঁ কয় যে মোদী চৰকাৰে এখন নতুন আইন প্ৰৱৰ্তন কৰিছে য'ত এতিয়া প্ৰধানমন্ত্ৰী মোদী আৰু তেওঁ নিযুক্তি দিয়া এগৰাকী মন্ত্ৰীৰ সংখ্যাগৰিষ্ঠ ভোটৰ দ্বাৰা নিৰ্বাচন আয়ুক্তসকলক নিযুক্তি দিয়া হ'ব ।

২০২৩ চনৰ ডিচেম্বৰত সংসদৰ দ্বাৰা গৃহীত এই আইনখনত আইন মন্ত্ৰী আৰু সচিবৰ পদবীৰ তলত নথকা আন দুজন ব্যক্তিৰ অধ্যক্ষতাত এক অনুসন্ধান সমিতি গঠন কৰাৰ ব্যৱস্থা আছে । যাতে চিইচি বা ইচি হিচাপে নিযুক্তিৰ বাবে বাছনি সমিতিৰ বিবেচনাৰ বাবে ৫ জনীয়া ব্যক্তিৰ এক সমিতি গঠন কৰা হয় ।

লগতে পঢ়ক :দল গঠনৰ ৯৯ বছৰ পিচত নিৰ্বাচনী প্ৰতীক চিহ্ন হেৰুৱাব চিপিএমে !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.