ETV Bharat / bharat

তেঁতেলীৰ বীজেৰে ক'ত নিৰ্মাণ কৰা হৈছে গণেশৰ মূৰ্তি ? - Ganesh Chaturthi 2024

author img

By ETV Bharat Assamese Team

Published : Sep 7, 2024, 5:29 PM IST

Eco friendly Ganesh idols: গণেশ চতুৰ্থী উপলক্ষে সমগ্ৰ ভাৰতবৰ্ষতে এক উখল-মাখল পৰিৱেশ । বিভিন্ন প্ৰান্তত নিৰ্মাণ কৰা হৈছে ভিন্ন আকৃতিৰ গণেশৰ মূৰ্তি । পিচে ইয়াৰ মাজত বিশেষ চৰ্চা লাভ কৰিছে এটা বিশেষ গণপতিৰ মূৰ্তিয়ে ।

Ganesh Idol Made in 2.21 lakh Tamarind Seeds
তেঁতেলীৰ গণেশ মূৰ্তি (ETV Bharat Assam)

নেশ্যনেল ডেস্ক,৭ ছেপ্টেম্বৰ: আজি পৱিত্ৰ গণেশ চতুৰ্থী । সমগ্ৰ দেশতে বিৰাজ কৰিছে উখল-মাখল পৰিৱেশ । ভিন্ন আকৃতিৰ গণপতি মূৰ্তিয়ে আকৰ্ষণ কৰিছে ভক্তক । ইয়াৰ মাজতে এটা বিশেষ গণেশৰ মূৰ্তিয়ে পাইছে সমাদৰ । পৰিৱেশ অনুকুল গণেশৰ মূৰ্তিটোক কেন্দ্ৰ কৰি চলিছে চৰ্চা । কিয়নো গণপতি বিসৰ্জ্জনৰ পিছতো সমাদৰ থাকিব এই বিশেষ মূৰ্তিটোৰ ।

কৰ্ণাটকৰ বেলাগাভিৰ এগৰাকী শিল্পীয়ে গণেশৰ এই মূৰ্তি তৈয়াৰ কৰি বিশেষ চৰ্চা লাভ কৰিছে । ৮ ফুট ওখ আৰু ৪ ফুট বহল গণেশৰ মূৰ্তিটোৰ সমাদৰ বিসৰ্জ্জনৰ পাছতো অব্যাহত থাকিব বুলি বিশ্বাসী শিল্পীগৰাকী । তেঁতেলীৰ বীজেৰে বেলাগাভিৰ শিল্পীগৰাকীয়ে নিৰ্মাণ কৰি উলিয়াইছে গণেশৰ মূৰ্তিটো । যাতে বিসৰ্জনৰ পাছত তেঁতেলীৰ বীজেৰে একো একোটা তেঁতেলীৰ পুলি বিকশিত হয় ।

পৰিৱেশ-অনুকূল গণেশ মূৰ্তি নিৰ্মাণৰ বাবে জনাজাত পুৰণি গান্ধী নগৰৰ এগৰাকী ভাস্কৰ্যশিল্পী সুনীল সিদ্ধাপ্পা আনন্দচে তেঁতেলীৰ বীজৰে গণেশৰ মূৰ্তি নিৰ্মাণ কৰি উলিয়াইছে । বিগত বছৰত ৰুদ্ৰাক্ষৰে গণেশ মূৰ্তি নিৰ্মাণ কৰা সুনীলে এইবাৰ এই অভিনৱ পদক্ষেপ গ্ৰহণ কৰিছে । পুনৰ ব্যৱহাৰযোগ্য বাতৰি কাকত আৰু কাৰ্ডবোৰ্ড, ঘাঁহ আৰু লক্ষাধিক তেঁতেলীৰ বীজ ব্যৱহাৰ কৰি এটা সুন্দৰ ৮ ফুট ওখ গণেশ মূৰ্তি নিৰ্মাণ কৰিছে শিল্পীগৰাকীয়ে ।

২ লাখ ২১ হাজাৰ তেঁতেলীৰ বীজ ব্যৱহাৰ কৰি নিৰ্মাণ কৰিছে গণেশৰ মূৰ্তিটো:

সুনীলে প্ৰায় ২ লাখ ২১ হাজাৰ ১১১ টা তেঁতেলীৰ বীজ ব্যৱহাৰ কৰি এই গণেশ মূৰ্তিটো তৈয়াৰ কৰে । ৩৫,০০০ টকা ব্যয় কৰি এমাহৰ ভিতৰত তেওঁৰ পৰিয়াল আৰু চুবুৰীয়াসকলৰ সহযোগত এই মূৰ্তিটো তৈয়াৰ কৰিছিল, যাৰ বাবে তেওঁৰ দৈনন্দিন কামৰ পৰা কেইবাঘণ্টাও ক্ষতি হৈছিল ।

পেছাত প্লাম্বাৰ হিচাপে কাম কৰা সুনীলে গণেশ মূৰ্তি নিৰ্মাণ কৰাটো এক ফেশ্বন হিচাপে বাচনি কৰিছে । তেওঁ প্ৰতি বছৰে এটাকৈ পৰিৱেশ-অনুকূল গণেশৰ মূৰ্তি প্ৰস্তুত কৰে । ইয়াৰোপৰি তেওঁ কিছুমান ঘৰৰ বাবে বোকামাটিৰে গণপতিৰ মূৰ্তি তৈয়াৰ কৰে । এইক্ষেত্ৰত সুনীলক সহায় কৰে পত্নী ৰশ্মি, পুত্ৰ সমৰ্থ আৰু যশে ।

গণেশ মূৰ্ত্তি নিৰ্মাতা সুনীল আনন্দচে ই টিভি ভাৰতৰ সৈতে এই সন্দৰ্ভত কয়, "মই পৰিৱেশ-অনুকূল গণেশ বনাবলৈ পাই সুখী । কিয়নো পাৰিপাৰ্শ্বিক সুৰক্ষা আমাৰ দায়িত্ব । সেয়েহে, আগতে মই কাঠ বাদাম, মোডক, কাপোৰৰ ফুলৰ পৰা গণেশৰ মূৰ্তি তৈয়াৰ কৰিছিলো । কাগজৰ কাপ, বালি, শুকান ফল, বিভিন্ন শস্য, ৰূদ্ৰাক্ষৰ ব্যৱহাৰ কৰিছিলো । এইবাৰ এটা নতুন ধাৰণাৰে মই তেঁতেলীৰ বীজেৰে মূৰ্তিটো তৈয়াৰ কৰিছো । সকলোকে পৰিৱেশ-অনুকূল গণেশোৎসৱ উদযাপন কৰিবলৈ আহ্বান জনাইছো ।"

লগতে পঢ়ক: গণেশ চতুৰ্থীৰ বাবে গৰুৰ গোবৰেৰে নিৰ্মাণ পৰিৱেশ অনুকূল গণেশৰ মূৰ্তি - Ganesh Chaturthi 2024

গণেশ চতুৰ্থীৰ দিনা কৰক এই সহজ কাম, সুখ-সমৃদ্ধিৰে ভৰি পৰিব আপোনাৰ জীৱন - GANESH CHATURTHI 2024

কেতিয়া পালন কৰা হ’ব গণেশ চতুৰ্থী ? জানি লওক গণপতি স্থাপনৰ সঠিক সময় তথা পূজা বিধি - Ganesh Chaturthi 2024

গুৱাহাটীত উত্তৰ পূৰ্বাঞ্চলৰ সৰ্বাধিক উচ্চতাৰ গণেশৰ মূৰ্তি - Lord Ganesha large idol

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.