ETV Bharat / bharat

ভাৰত-কানাডা সম্পৰ্ক; সংসদীয় পেনেলক বিষয়টো সম্পৰ্কে জনাব বৈদেশিক সচিবে - INDIA CANADA RELATIONS

India Canada Row: খালিস্তানী নেতাৰ হত্যাত ভাৰত জড়িত থকাৰ অভিযোগৰ পিছতে কানাডাৰ সৈতে সম্পৰ্ক অৱনমিত হৈছে । ভাৰতে সকলো অভিযোগ নস্যাৎ কৰিছে ।

India Canada Row
ভাৰত-কানাডা সম্পৰ্ক; সংসদীয় পেনেলক বিষয়টো সম্পৰ্কে জনাব বৈদেশিক সচিবে (AP)
author img

By PTI

Published : Nov 3, 2024, 11:40 AM IST

নতুন দিল্লী : কানাডাত খালিস্তানী নেতাৰ হত্যাত ভাৰত জড়িত থকাৰ অভিযোগৰ পিছৰে পৰা ভাৰত আৰু কানাডাৰ সম্পৰ্কৰ যথেষ্ট অৱনতি হৈছে । ইয়াৰ মাজতে বৈদেশিক সচিব বিক্ৰম মিছৰীয়ে বুধবাৰে ভাৰত-কানাডা সম্পৰ্কৰ বিষয়ে সংসদীয় পেনেলক অৱগত কৰাৰ সম্ভাৱনা আছে ।

ভাৰত-কানাডা সম্পৰ্ক

উল্লেখ্য যে প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৱে ভাৰতীয় শীৰ্ষ বিষয়াসকলক নিজ্জাৰ হত্যাত জড়িত থকাৰ অভিযোগৰ পিছতে কানাডাৰ সৈতে ভাৰতৰ সম্পৰ্ক প্ৰভাৱিত হৈছে । ইতিমধ্যে কানাডাৰ অভিযোগ অস্বীকাৰ কৰি আহিছে ভাৰতে ।

কানাডাৰ উপ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডেভিদ মৰিছনে মঙলবাৰে পুনৰ অভিযোগ কৰে যে গৃহমন্ত্ৰী অমিত শ্বাহে কানাডাত শিখ বিচ্ছিন্নতাবাদীসকলক লক্ষ্য কৰি হিংসা, ভাবুকি আৰু চোৰাংচোৱা সংগ্ৰহৰ এক অভিযানৰ নিৰ্দেশ দিছিল । অৱশ্যে এই অভিযোগ ভাৰতে অযৌক্তিক আৰু ভিত্তিহীন বুলি খাৰিজ কৰিছে ।

কানাডাত খালিস্তান পন্থী উপাদানবোৰক স্থান দিয়া বিষয়টো ভাৰতে দুয়োখন দেশৰ মাজৰ আলোচনাৰ মূল বিষয় হিচাপে জোৰ দি আহিছে । দুয়োখন দেশৰ সম্পৰ্ক ইমানে অৱনমিত হৈছে ইতিমধ্যে উভয় পক্ষই কেইবাগৰাকী কূটনৈতিক বিষয়াক বহিষ্কাৰ কৰিছে ।

বিক্ৰম মিছৰীয়ে সংসদীয় পেনেলক অৱগত কৰাৰ সম্ভাৱনা

ইয়াৰ মাজতে বুধবাৰে বৈদেশিক সচিব বিক্ৰম মিছৰীয়ে ভাৰত-কানাডা সম্পৰ্কৰ বিষয়ে সংসদীয় পেনেলক অৱগত কৰাৰ সম্ভাৱনা আছে । পূৱ লাডাখৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ সমীপৰ বিবদমান এলেকাত টহল পুনৰ আৰম্ভ কৰাৰ চুক্তিৰ পিছত মিছৰীয়ে চীনৰ সৈতে ভাৰতৰ সম্পৰ্কৰ শেহতীয়া উত্থানৰ বিষয়েও সংসদীয় পেনেলক অৱগত কৰাৰ সম্ভাৱনা আছে ।

২৫ অক্টোবৰত মিছৰীয়ে সংসদীয় পেনেলক ইজৰাইল-পেলেষ্টাইন সংঘাতৰ বিষয়ে অৱগত কৰিছিল আৰু দৃঢ়তাৰে কৈছিল যে ভাৰতে বিষয়টোৰ দুই পক্ষৰ সমাধানৰ পক্ষপাতী ।

ভাৰতে ইজৰাইলৰ সৈতে শান্তিৰে একেলগে বাস কৰি সুৰক্ষিত আৰু স্বীকৃত সীমাৰ ভিতৰত এক সাৰ্বভৌম, স্বাধীন আৰু কাৰ্যকৰী ৰাজ্য স্থাপনৰ দিশত এক মীমাংসামূলক দ্বি-ৰাজ্যিক সমাধানৰ সমৰ্থন জনাইছে । প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী শশী থাৰুৰৰ অধ্যক্ষতাত বৈদেশিক পৰিক্ৰমা সম্পৰ্কীয় সংসদীয় পেনেলে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ দাবী নিৰীক্ষণ কৰি আছে ।

লগতে পঢ়ক :ভাৰতে নিজকে বিশ্বমিত্ৰ হিচাপে প্ৰতিষ্ঠা কৰিছে : এছ জয়শংকৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.