ETV Bharat / bharat

তিনিবাৰ পৰীক্ষা দিও উত্তীৰ্ণ হোৱা নাছিল দশম শ্ৰেণী; তথাপিও অঞ্জুৱে পিন্ধিলে আৰক্ষীৰ পোছাক...কেনেকৈ হ’ল এয়া ? - FRAUD IN UNIFORM

অঞ্জু শৰ্মাই ভুৱা পৰিচয়-পত্ৰ ব্যৱহাৰ কৰি একাধিক ৰাজ্যৰ পৰা লাখ লাখ টকা সংগ্ৰহ কৰিছিল । ভুক্তভোগীক দিল্লী আৰক্ষীত নিযুক্তিৰ আশ্বাস দিছিল ।

FAKE SI ARRESTED FROM DELHI
দিল্লী আৰক্ষীৰ ভুৱা বিষয়া হৈ থকা ৰাজস্থানৰ যুৱতীক গ্ৰেপ্তাৰ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Oct 30, 2024, 1:07 PM IST

ৰাজস্থান: এইবাৰ দিল্লী আৰক্ষীত ভুৱা বিষয়া । তাকো এগৰাকী মহিলা বিষয়া । তিনি বছৰ ধৰি দিল্লী আৰক্ষীৰ ছদ্মবেশ ধৰি থকা এইগৰাকী যুৱতীক কেইবাজনো নিবনুৱাক প্ৰতাৰণা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰে ৰাজস্থান আৰক্ষীয়ে ।

২৪ বছৰীয়া অভিযুক্ত অঞ্জু শৰ্মাক মঙলবাৰে গ্ৰেপ্তাৰ কৰা হয় । আৰক্ষীৰ তদন্তত প্ৰকাশ পাইছিল যে তেওঁ দিল্লী আৰক্ষীৰ উপ-পৰিদৰ্শক হিচাপে চৰকাৰী চাকৰিৰ প্ৰতিশ্ৰুতি দি ভুক্তভোগীসকলৰ পৰা যথেষ্ট পৰিমাণৰ ধন সংগ্ৰহ কৰি আহিছিল ।

চুৰুৰ আৰক্ষী অধীক্ষক জয় যাদৱে জনোৱা মতে, দেৱগড়ৰ বাসিন্দা অঞ্জু শৰ্মাই দিল্লী, জয়পুৰ আৰু হাৰিয়ানাত নিবনুৱা যুৱক-যুৱতীসকলক বিপথে পৰিচালিত কৰিবলৈ দিল্লী আৰক্ষীৰ ভুৱা পৰিচয়-পত্ৰ ব্যৱহাৰ কৰি আহিছে । অনুসন্ধানকাৰীয়ে তেওঁক গ্ৰেপ্তাৰ কৰাৰ সময়ত তেওঁৰ নকল পৰিচয়-পত্ৰখন উদ্ধাৰ কৰে । লগতে তেওঁৰ ফোনত থকা ফটো আৰু ভিডিঅ'বোৰো উদ্ধাৰ কৰে । এই সকলোতে তেওঁ আৰক্ষীৰ পোছাকত আছিল ।

এগৰাকী ভুক্তভোগী অৰ্জুন লালে কয় যে অঞ্জু শৰ্মাই তেওঁক দিল্লী আৰক্ষীত হেড কনিষ্টবল হিচাপে নিযুক্তি দিয়াৰ মিছা আশ্বাস দি 12.93 লাখ টকাৰ পৰা প্ৰতাৰণা কৰিছিল । চুৰু, হনুমানগড়, ফতেহাবাদ, চিৰচা আৰু পানীপথকে ধৰি বিভিন্ন অঞ্চলৰ ভুক্তভোগীসকলেও অভিযোগ কৰে যে অঞ্জু শৰ্মাই চৰকাৰী পদত নিযুক্তি দিয়াৰ প্ৰতিশ্ৰুতিৰে তেওঁলোকক প্ৰৱঞ্চনা কৰিছিল ।

আনহাতে, আন এক আচৰিত কথা প্ৰকাশ কৰি এছ এইচ অ' অলকা বিষ্ণৈয়ে কয় যে অঞ্জু শৰ্মাই তিনিবাৰকৈ অৱতীৰ্ণ হৈয়ো দশম শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ হ'ব পৰা নাছিল । কিন্তু অতি চতুৰ বুদ্ধিৰ অঞ্জুৱে এগৰাকী আৰক্ষী বিষয়াৰ ছদ্মবেশত এক বিলাসী জীৱন যাপন কৰি আছিল ।

"অঞ্জুৱে তেওঁৰ ভুৱা পৰিচয়ৰ সুযোগ লৈ টোল প্লাজা, মন্দিৰ আৰু পাৰ্কিঙত সুবিধা লাভ কৰিছিল । লগতে বন্ধুবৰ্গ আৰু পৰিয়ালকো পতিয়ন নিয়াইছিল যে তেওঁ এগৰাকী প্ৰকৃত আৰক্ষী বিষয়া ।" এছ এইচ অ'গৰাকীয়ে কয় ।

উল্লেখ্য যে অপৰাধী আৰু প্ৰৱঞ্চনামূলক কাৰ্যকলাপত লিপ্ত ব্যক্তিসকলক লক্ষ্য কৰি চলোৱা এক বিস্তৃত অভিযানৰ সময়ত অঞ্জু শৰ্মা আৰক্ষীৰ জালত পৰে । কৰ্তৃপক্ষই তেওঁৰ বিৰুদ্ধে বহুতো অভিযোগ লাভ কৰিছিল । যিয়ে তেওঁৰ নিযুক্তি প্ৰক্ৰিয়াত প্ৰৱঞ্চনাৰ বিষয়টো নিশ্চিত কৰে ।

ইতিমধ্যে আৰক্ষীয়ে তেওঁক জিম্মাত লৈ আন ভুক্তভোগীসকলক চিনাক্ত কৰিবলৈ আৰু তেওঁৰ প্ৰৱঞ্চনাৰ বিশাল জালখন বিচাৰি উলিয়াবলৈ অধিক অনুসন্ধান চলাই আছে ।

লগতে পঢ়ক :ছলমান খান-বাবা ছিদ্দিকীৰ পুত্ৰক হত্যাৰ ভাবুকি: নয়ডাৰ পৰা গ্ৰেপ্তাৰ ২০ বছৰীয়া অভিযুক্ত
লগতে পঢ়ক :স্বামীহন্তা 'নীহাৰিকা' ! ৮ কোটিয়ে কাল হ'ল ৰমেশৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.