ETV Bharat / bharat

গুজৰাট বিশ্ববিদ্যালয়ত দুৰ্বৃত্তৰ আক্ৰমণত আহত ৪ বিদেশী ছাত্ৰ - Gujarat University violence

Gujarat University violence: গুজৰাট বিশ্ববিদ্যালয়ত হিংসাত্মক ঘটনা । হোষ্টেলত নামাজ আদায় কৰাৰ অভিযোগত একাংশ শিক্ষাৰ্থীক আক্ৰমণ দুৰ্বৃত্তৰ । ৪ গৰাকী বিদেশী শিক্ষাৰ্থী আহত । আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে ।

Gujarat University violence
গুজৰাট বিশ্ববিদ্যালয়ত দুৰ্বৃত্তৰ আক্ৰমণত আহত বিদেশী ছাত্ৰ
author img

By ETV Bharat Assamese Team

Published : Mar 17, 2024, 3:50 PM IST

নেশ্যনেল ডেস্ক,১৭ মাৰ্চ : গুজৰাট বিশ্ববিদ্যালয়ত চাঞ্চল্যকৰ ঘটনা । বিশ্ববিদ্যালয়খনৰ ৪ গৰাকী বিদেশী শিক্ষাৰ্থীক আক্ৰমণ একাংশ লোকৰ । শনিবাৰে নিশা নামাজ আদায় কৰাৰ অভিযোগত বিদেশী শিক্ষাৰ্থীসকলক একাংশ লোকে আক্ৰমণ কৰে । শিক্ষাৰ্থীসকল উজবেকিস্তান, দক্ষিণ আফ্ৰিকা, তাজিকিস্তান আৰু শ্ৰীলংকাৰ বুলি জানিব পৰা গৈছে । আৰক্ষীয়ে জনোৱা মতে এই সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰা হৈছে ।

শনিবাৰে নিশা সংঘটিত এই ঘটনাটোৰ পিচত দুগৰাকী শিক্ষাৰ্থীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । শিক্ষাৰ্থী দুগৰাকীৰ এজন শ্ৰীলংকাৰ আৰু আনজন তাজিকিস্তানৰ বুলি জানিব পৰা গৈছে ।

ভুক্তভোগী শিক্ষাৰ্থীসকলৰ মতে ওচৰত মছজিদ নাছিল বাবে তেওঁলোকে হোষ্টেলত ৰমজানৰ নামাজ আদায় কৰিছিল । সেই সময়ত একাংশ লোকে হাতে হাতে লাঠি লৈ হোষ্টেলত প্ৰৱেশ কৰে আৰু তেওঁলোকৰ কোঠাবোৰ লণ্ড ভণ্ড কৰে । শিক্ষাৰ্থীসকলে অভিযোগ কৰা মতে দুৰ্বৃত্তৰ দলটোৱে তেওঁলোকক আক্ৰমণো কৰে । অভিযোগ অনুসৰি দলটোৱে তেওঁলোকৰ লেপটপ, মোবাইল ফোন আৰু বাইক আদি ক্ষতিগ্ৰস্ত কৰে ।

অভিযোগ অনুসৰি দলটোৱে হোষ্টেলৰ ব্লক-এত শিল নিক্ষেপ কৰে আৰু 'জয় শ্ৰী ৰাম' ধ্বনি দিয়ে । নামাজ আদায় কৰাৰ অনুমতি কোনে দিছিল শিক্ষাৰ্থীসকলক সেই কথাও সুধিছিল । ইফালে দুৰ্বৃত্তৰ দলটো আৰু শিক্ষাৰ্থীসকলৰ মাজত তীব্ৰ সংঘাত হোৱা দেখা গৈছিল । আৰক্ষীয়ে জনোৱা মতে এই ঘটনাত ৪ গৰাকী বিদেশী শিক্ষাৰ্থী আঘাতপ্ৰাপ্ত হৈছে আৰু তেওঁলোকক চিকিৎসাৰ বাবে এছভিপি চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ।

ইফালে ঘটনাৰ খবৰ লাভ কৰাৰ পিচতে জামালপুৰৰ বিধায়ক ইমৰান খেদাৱালা আৰু প্ৰাক্তন বিধায়ক গিয়াছুদ্দিন শ্বেখ ঘটনাস্থলীত উপস্থিত হয় আৰু আৰক্ষী আয়ুক্তক পুংখানুপুংখ তদন্ত কৰিবলৈ আহ্বান জনায় ।

হায়দৰাবাদৰ সাংসদ তথা এআইএমআইএমৰ মুৰব্বী আছাদুদ্দিন ওৱেইচিয়ে এই ঘটনাটোক গৰিহণা দি কয় যে মুছলমান বিৰোধী ঘৃণাই ভাৰতৰ মৰ্যাদা ধ্বংস কৰিছে । সামাজিক মাধ্যমৰ জৰিয়তে তেওঁ এই ঘটনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে আৰু ই অতি লজ্জাজনক বুলি উল্লেখ কৰে । মুছলমানসকলে শান্তিপূৰ্ণভাৱে তেওঁলোকৰ ধৰ্ম পালন কৰাৰ সময়তে ধৰ্মীয় শ্ল'গান দিয়া হয় বুলি তেওঁ অভিযোগ কৰে ।

লগতে পঢ়ক :দুই ফৈদৰ মাজত সংঘৰ্ষ, এজনক গুলীয়াই হত্যা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.