ETV Bharat / bharat

মই পদত্যাগ কৰিবলৈ সাজু; মমতাৰ মুখত কিয় ওলাল এই কথা ? - RG Kar Rape Murder case

author img

By ETV Bharat Assamese Team

Published : Sep 13, 2024, 2:12 PM IST

Mamata Banerjee : কনিষ্ঠ চিকিৎসকসকলৰ সৈতে চলি থকা বৈঠকৰ মাজতে বংগৰ মুখ্যমন্ত্ৰীয়ে হঠাতে কয় যে তেওঁ বংগৰ জনসাধাৰণৰ বাবে পদত্যাগ কৰিবলৈ সাজু । বৃহস্পতিবাৰে আৰ জি কৰ অচলাৱস্থাৰ সমাপ্তিৰ আশা কৰি থকা জনসাধাৰণৰ ওচৰত মমতাই ক্ষমাও বিচাৰে ।

Mamata Banerjee
বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী (ANI Photo)

নিউজ ডেস্ক, ১৩ ছেপ্টেম্বৰ : পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে বৃহস্পতিবাৰে 'জনসাধাৰণৰ স্বাৰ্থত' তেওঁৰ পদৰ পৰা আঁতৰি যাবলৈ প্ৰস্তুত বুলি ঘোষণা কৰে । তেওঁ লগতে কয় যে তেওঁ যোৱা মাহত আৰ জি কৰ চিকিৎসালয়ৰ চিকিৎসকৰ ধৰ্ষণ আৰু হত্যাকাণ্ডৰ ন্যায় বিচাৰে ।

"মই বংগৰ জনসাধাৰণৰ ওচৰত ক্ষমা বিচাৰিছোঁ, যিসকলে আজি আৰ জি কৰ অচলাৱস্থাৰ সমাপ্তি আশা কৰিছিল । তেওঁলোক (কনিষ্ঠ চিকিৎসক) নৱান্নলৈ আহিছিল, কিন্তু আলোচনাত বহা নাছিল । মই তেওঁলোকক কামলৈ উভতি যাবলৈ অনুৰোধ জনাইছোঁ ।" সংবাদমেলত মুখ্যমন্ত্ৰী মমতাই কয় ।

"মই জনসাধাৰণৰ বাবে পদত্যাগ কৰিবলৈ সাজু । কিয়নো বিগত তিনি দিনত মোৰ সৰ্বশ্ৰেষ্ঠ উদ্দেশ্য আৰু প্ৰচেষ্টা সত্ত্বেও কনিষ্ঠ চিকিৎসকসকলে আলোচনা কৰিবলৈ অস্বীকাৰ কৰিছে ।" মুখ্যমন্ত্ৰীয়ে লগতে কয় ।

আনহাতে, কনিষ্ঠ চিকিৎসকসকলৰ দ্বাৰা চলি থকা 'কৰ্মবিৰতি'ৰ ফলত ২৭ গৰাকী ৰোগীৰ মৃত্যু হোৱা আৰু প্ৰায় ৭ লাখ লোক ক্ষতিগ্ৰস্ত হোৱা বুলি উল্লেখ কৰি মমতা বেনাৰ্জীয়ে কয়, "ময়ো ভুক্তভোগীসকলৰ বাবে ন্যায় বিচাৰোঁ, কিন্তু উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ পিচত চিকিৎসকসকলে পুনৰ কামত যোগদান কৰিব লাগিব ।"

বংগৰ মুখ্যমন্ত্ৰীয়ে লগতে কয় যে তেওঁ আন্দোলনকাৰী চিকিৎসকসকলৰ বিৰুদ্ধে যোৱা নাই আৰু তেওঁলোকক ক্ষমা কৰিছে, কিয়নো তেওঁ 'চিকিৎসকসকলতকৈ ডাঙৰ' । "মই এতিয়াও কৈ আছোঁ যে তেওঁলোক নহাৰ বাবে আৰু আমাক দুঘণ্টা অপেক্ষা কৰোৱাৰ বাবে মই তেওঁলোকৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰোঁ । মই তেওঁলোকক ক্ষমা কৰিম, কিয়নো জ্যেষ্ঠ হিচাপে আমাৰ সৰু কনিষ্ঠ ভাতৃ-ভগ্নীসকলক ক্ষমা কৰাটো আমাৰ দায়িত্ব ।" তেওঁ দৃঢ়তাৰে কয় ।

"মই তেওঁলোক আহিব বুলি তিনিদিন অপেক্ষা কৰিছিলোঁ, কিন্তু তেওঁলোক অহা নাছিল... উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা উলংঘা কৰিছে । তেওঁলোকে পুনৰ কামত যোগদান কৰা নাই । কিন্তু আমি কোনো পদক্ষেপ লোৱা নাই, কিয়নো কেতিয়াবা এনে পৰিস্থিতিৰ সৈতে ধৈৰ্যৰে মোকাবিলা কৰিবলগা হয় ।" মমতাই কয় ।

মমতা বেনাৰ্জীয়ে লগতে কয় তেওঁ চিকিৎসকসকলৰ সৈতে মুক্ত মনেৰে আলোচনা বিচাৰিছিল । কিয়নো কেৱল আলোচনাৰ জৰিয়তেহে সমস্যাৰ সমাধান লাভ কৰিব পাৰি । উল্লেখ্য যে কনিষ্ঠ চিকিৎসকসকলে 9 আগষ্টত তেওঁলোকৰ ধৰ্মঘট আৰম্ভ কৰিছিল । চিকিৎসালয়ৰ ছেমিনাৰ হলত মহিলা প্ৰশিক্ষাৰ্থীৰ মৃতদেহ উদ্ধাৰৰ কেইঘণ্টামান পিচতে তেওঁলোকে ধৰ্মঘটৰ কাৰ্যসূচী আৰম্ভ কৰে । তেতিয়াৰে পৰা পৰৱৰ্তী দিনবোৰত প্ৰতিবাদ ক্ৰমান্বয়ে বৃদ্ধি পাই আহিছে । যাৰ ফলত সমগ্ৰ পশ্চিমবংগৰ চৰকাৰী চিকিৎসালয়সমূহত স্বাস্থ্যসেৱা ব্যাহত হৈছে ।

লগতে পঢ়ক :জামিন পালে কেজৰিৱালে: মুকলি আকাশৰ তললৈ আহিব দিল্লীৰ মুখ্যমন্ত্ৰী - Delhi CM Arvind Kejriwal
লগতে পঢ়ক :চি পি আই (এম)ৰ সাধাৰণ সম্পাদক সীতাৰাম য়েচুৰী আৰু নাই - SITARAM YECHURY PASSES AWAY

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.