ETV Bharat / bharat

হালদ্বাণী হিংসাৰ সৈতে জড়িত পাঁচগৰাকী মহিলাক গ্ৰেপ্তাৰ - Haldwani Violence Update

Haldwani Violence : উত্তৰাখণ্ড আৰক্ষীয়ে শুকুৰবাৰে চহৰখনৰ বনভূলপুৰা অঞ্চলত শেহতীয়াকৈ এখন অবৈধ মাদ্ৰাছা ভাঙি পেলোৱাৰ বাবে সংঘটিত হালদ্বাণী হিংসাত্মক ঘটনাৰ সময়ত শিলগুটি নিক্ষেপ কৰাৰ অভিযোগত পাঁচগৰাকী মহিলাক গ্ৰেপ্তাৰ কৰে ৷ এই গোচৰত মূল অভিযুক্ত আব্দুল মালিককে ধৰি মুঠ 89 জনক গ্ৰেপ্তাৰ কৰা হৈছে ৷

Haldwani Violence
হালদ্বাণী হিংসাৰ সৈতে জড়িত পাঁচ মহিলাক গ্ৰেপ্তাৰ
author img

By ETV Bharat Assamese Team

Published : Mar 1, 2024, 10:42 PM IST

নিউজ ডেস্ক, 1 মাৰ্চ : 8 ফেব্ৰুৱাৰীত উত্তৰাখণ্ডৰ বনভূলপুৰা অঞ্চলত এখন অবৈধ মাদ্ৰাছা ভাঙি পেলোৱাৰ বাবে সংঘটিত হোৱা হালদ্বাণী হিংসাত্মক ঘটনাৰ সৈতে জড়িত কমেও পাঁচগৰাকী মহিলাক শুকুৰবাৰে গ্ৰেপ্তাৰ কৰা হৈছে বুলি সূত্ৰ অনুসৰি জানিব পৰা গৈছে ৷ ধৃত পাঁচোগৰাকী মহিলাই বনভূলপুৰা অঞ্চলৰ বাসিন্দা ৷

  • " class="align-text-top noRightClick twitterSection" data="">

হালদ্বাণী হিংসাৰ সময়ত আৰক্ষীলৈ শিলগুটি নিক্ষেপ কৰাৰ অভিযোগ উত্থাপন হৈছে ধৃত মহিলা সকলৰ বিৰুদ্ধে ৷ ইফালে উত্তৰাখণ্ড আৰক্ষীয়ে এই গোচৰৰ মূল অভিযুক্ত আব্দুল মালিক আৰু তেওঁৰ পুত্ৰ আব্দুল ময়দকে ধৰি এতিয়ালৈকে 89 জন লোকক গ্ৰেপ্তাৰ কৰিছে ৷ 24 ফেব্ৰুৱাৰীত গ্ৰেপ্তাৰ হোৱা আব্দুল মালিক বৰ্তমান আৰক্ষীৰ জিম্মাত আছে আৰু তেওঁক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

নাইনিতালৰ এছ এছ পি প্ৰহ্লাদ নাৰায়ণ মীনাই শুকুৰবাৰে 5 গৰাকী মহিলাক গ্ৰেপ্তাৰ কৰা বুলি নিশ্চিত কৰে ৷ তেওঁ কয়- "হালদ্বাণী হিংসাত একাংশ মহিলাৰ ভূমিকা পোহৰলৈ আহিছিল, তাৰ পিচত আৰক্ষীৰ দলে পাঁচগৰাকী মহিলাক চিনাক্ত কৰি গ্ৰেপ্তাৰ কৰা হয় ৷ আৰক্ষীয়ে চিচিটিভি ফুটেজ আৰু ভিডিঅ'ৰ ভিত্তিত অভিযুক্তক বিচাৰি অভিযান চলাই আছে ৷ প্ৰায় 5000 অজ্ঞাত লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে ৷ হিংসাৰ সৈতে জড়িত লোকসকলক চিনাক্ত কৰি গ্ৰেপ্তাৰ কৰা হৈছে ৷ এতিয়ালৈকে পাঁচগৰাকী মহিলাকে ধৰি 89 জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে ৷"

হালদ্বাণীত হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ ফলত 6 জন লোকৰ মৃত্যু হোৱাৰ লগতে আৰক্ষী জোৱান আৰু সাংবাদিককে ধৰি 100 ৰো অধিক লোক আহত হোৱা বুলি আৰক্ষীয়ে পূৰ্বে প্ৰকাশ কৰিছিল ৷ দুৰ্বৃত্তই শিলগুটি নিক্ষেপ আৰু অগ্নিসংযোগত লিপ্ত হৈছিল ৷ কেইবাখনো বাহন আৰু বনভূলপুৰা আৰক্ষী থানাত জুই অগ্নি সংযোগ কৰিছিল দুৰ্বৃত্তই ৷

লগতে পঢ়ক : জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত একাংশ ছাত্ৰৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.