ETV Bharat / bharat

লাডাখত হঠাৎ আহিল বান, নিমিষতে টি 72 টেংকসহ উটি গ’ল 5 ভাৰতীয় সেনা জোৱান - 5 SOLDIERS KILLED IN LADAKH LAC

author img

By ETV Bharat Assamese Team

Published : Jun 29, 2024, 2:06 PM IST

5 SOLDIERS KILLED IN LADAKH LAC : খেয়ালী প্ৰকৃতিৰ ৰোষত পৰি অকালতে প্ৰাণ হেৰুৱালে 5 ভাৰতীয় সেনা জোৱানে । লাডাখৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ ওচৰত টেংক প্ৰশিক্ষণৰ সময়তে হঠাতে ৰুদ্ৰমূৰ্তি ধাৰণ কৰে বোধি নদীয়ে । যাৰ ফলত টেংকসহ উটি যায় সেনাৰ দলটো ।

5 SOLDIERS KILLED IN LADAKH LAC
লাডাখৰ এল এ চিত দুৰ্ঘটনাত নিহত ৫ সেনা জোৱান (ETV Bharat File Photo)

নেশ্যনেল ডেস্ক, ২৯ জুন : এক অতি মৰ্মান্তিক ঘটনাত পাঁচগৰাকীকৈ ভাৰতীয় সেনা জোৱানে অকাল মৃত্যুক সাৱটিবলগা হয় । লাডাখৰ দৌলত বেগ অল্ডি অঞ্চলৰ মন্দিৰ মৰ্হত প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ ওচৰত আকস্মিক বানৰ ফলত শনিবাৰে পুৱতিনিশা এজন কনিষ্ঠ কমিছনড অফিচাৰসহ (জে চি অ') পাঁচ সেনা জোৱানৰ কৰুণ মৃত্যু হয় ।

উল্লেখ্য যে, এই ডি বি অ' (Daulat Beg Oldie) হৈছে গালৱান উপত্যকাৰ সৈতে যোগাযোগৰ প্ৰথম মাধ্যম স্থান । ইয়াতেই ২০২০ চনত ভাৰতীয় সেনা আৰু পি এল এৰ মাজত সংঘৰ্ষ হৈছিল ।

ভাৰতীয় সেনাৰ সূত্ৰ মতে, পুৱা প্ৰায় ৩ বজাত লেহ সীমান্তৰ বোধি নদী পাৰ হোৱাৰ বাবে এক টেংক অনুশীলনৰ সময়ত এই দুৰ্ঘটনাটো সংঘটিত হয় । সেই সময়ত নদীখনত হঠাতে পানীৰ স্তৰ বৃদ্ধি পায় । যাৰ ফলত সেনা জোৱানকেইজন টেংকসহ উটি যায় । অৱশ্যে পাঁচোটা মৃতদেহ উদ্ধাৰ কৰা হৈছে । এই শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হোৱাৰ সময়ত টেংকখন টাংষ্টেলৈ গৈ আছিল বুলি সেনা সূত্ৰত প্ৰকাশ ।

লেহত নিয়োজিত এগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়াই ইটিভি ভাৰতক জনায়, "সংশ্লিষ্ট চকী ইয়াৰ পৰা প্ৰায় ১৫০ কিলোমিটাৰ দূৰৈত আছে । দুৰ্ঘটনাস্থলীৰ পৰা ৰিপোৰ্ট লাভ কৰাৰ পিছত সঠিক বিৱৰণ প্ৰকাশ কৰা হ'ব" ৷ বৰ্তমান অধিক বিৱৰণৰ বাবে অপেক্ষা কৰি থকা হৈছে ।

আনহাতে, এই কৰুণ দুৰ্ঘটনাটোৰ বাবে শোক প্ৰকাশ কৰিছে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে । শনিবাৰে তেওঁ এই সন্দৰ্ভত এক্সত দিয়া এটা পোষ্টত কয়, "লাডাখৰ দুৰ্ঘটনাত আমাৰ পাঁচ সাহসী সেনা জোৱানৰ মৃত্যুৰ ঘটনাত মই মৰ্মাহত । দেশৰ বাবে এইসকল সেনা জোৱানৰ অৱদান কেতিয়াও পাহৰিব নোৱাৰি । তেওঁলোকৰ পৰিয়ালৰ প্ৰতি সমবেদনা জনালোঁ । এই মুহূৰ্তত সমগ্ৰ দেশ তেওঁলোকৰ কাষত আছে ।

১৯৬২ চনত চীনৰ বিৰুদ্ধে হোৱা যুদ্ধৰ পটভূমিত আৰু শেহতীয়াকৈ ২০২০ চনৰ জুনত ভাৰতীয় সেনা আৰু চীনৰ পিপ'লছ লিবাৰেচন আৰ্মীৰ মাজত সংঘৰ্ষৰ পিচত লাডাখৰ এল এ চি ভাৰতৰ বাবে কৌশলগতভাৱে অতি গুৰুত্বপূৰ্ণ ।

লগতে পঢ়ক : ধাৰাসাৰ বৰষুণৰ বাবে দিল্লী এইমছৰ বহু সেৱা বন্ধ ; চৌহদৰ ভিতৰতো সোমাল পানী - Rains havoc in Delhi

গ্ৰেটাৰ নয়ডাত নিৰ্মীয়মাণ ঘৰ খহি ৩ শিশুৰ মৃত্যু; আহত ৫ - GREATER NOIDA HOUSE COLLAPSED

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.