ETV Bharat / bharat

বাংলাদেশত আছে প্ৰায় ১৯ হাজাৰ ভাৰতীয় : আছে ৯ হাজাৰ ভাৰতীয় শিক্ষাৰ্থী - Bangladesh Violence

author img

By ANI

Published : Aug 6, 2024, 10:29 PM IST

Jaishankar on Indian in Bangladesh : বাংলাদেশত প্ৰায় ১৯ হাজাৰ ভাৰতীয় নাগৰিক থকাৰ তথ্য প্ৰকাশ কৰিছে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে ৷ ইয়াৰে প্ৰায় ৯০০০ গৰাকীয়েই হৈছে শিক্ষাৰ্থী ৷

Jaishankar on Indian in Bangladesh
বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ (ANI)

নিউজ ডেস্ক, ৬ আগষ্ট : বাংলাদেশত ৰাজনৈতিক অস্থিৰতা অব্যাহত থকাৰ মাজতে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে মঙলবাৰে কয় যে আনুমানিক ১৯,০০০ ভাৰতীয় নাগৰিক আছে দেশখনত ৷ তাৰ ভিতৰত প্ৰায় ৯০০০ গৰাকী ছাত্ৰ-ছাত্ৰী আছে ৷ বাংলাদেশ চৰকাৰ ভাৰতীয়সকলৰ লগত সঘন যোগাযোগত থকা বুলি উল্লেখ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰীয়ে ৷ কেন্দ্ৰীয় মন্ত্ৰী জয়শংকৰে লোকসভাত জনাই যে যে বাংলাদেশত থকা বহুসংখ্যক ভাৰতীয় শিক্ষাৰ্থী জুলাই মাহত নিজ দেশলৈ ঘূৰি আহে ৷

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, ‘‘ আমি আমাৰ কূটনৈতিক অভিযানৰ জৰিয়তে বাংলাদেশত থকা ভাৰতীয়সকলৰ সৈতে নিৰন্তৰ যোগাযোগত আছো । তাত আনুমানিক ১৯ হাজাৰ ভাৰতীয় নাগৰিক আছে যাৰ ভিতৰত প্ৰায় ৯০০০ গৰাকী শিক্ষাৰ্থী ৷ বেছিভাগ শিক্ষাৰ্থী জুলাইত ঘূৰি আহিছিল ৷’’

তেওঁ লগতে কয় যে বাংলাদেশৰ সদ্যপদত্যাগী প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই অতি কম সময়ৰ বাবে ভাৰতলৈ অহাৰ বাবে অনুমোদন বিচাৰিছিল ৷ সেই অনুসৰি সোমবাৰে সন্ধিয়া তেওঁ ভাৰতত উপস্থিত হৈছিল ৷

সুব্ৰমণিয়ম জয়শংকৰে কয়, ‘‘কাৰফিউ থকা স্বত্বেও ৫ আগষ্টত ঢাকাত প্ৰতিবাদকাৰীসকল একত্ৰিত হৈছিল ৷ নিৰাপত্তা সংস্থাসমূহৰ নেতাৰ সৈতে হোৱা বৈঠকৰ পিচত প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই পদত্যাগৰ সিদ্ধান্ত লৈছিল ৷ অতি কম সময়ৰ জাননীত, সেই মুহূৰ্তৰ বাবে ভাৰতলৈ আহিবলৈ অনুমতি বিচাৰি অনুৰোধ জনাইছিল ৷ একেসময়তে আমি বাংলাদেশৰ পৰা ভাৰতত বিমান অৱতৰণৰ বাবেও অনুৰোধ পাইছিলো ৷ সেই অনুসৰি প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকী কালি সন্ধিয়া দিল্লীত উপস্থিত হৈছিল ৷’’

বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে যে চৰকাৰে বাংলাদেশত বাস কৰা সংখ্যালঘুসকলৰ পৰিস্থিতি নিৰীক্ষণ কৰি আছে ৷ জয়শংকৰে উল্লেখ কৰে যে ভাৰত আৰু বাংলাদেশৰ মাজৰ সম্পৰ্ক অতিকে ঘনিষ্ঠ ৷

‘‘ ২০২৪ চনৰ জানুৱাৰীত হোৱা নিৰ্বাচনৰ পিচৰে পৰা বাংলাদেশৰ ৰাজনীতিত যথেষ্ট উত্তেজনা, বিভাজন আৰু বৰ্ধিত মেৰুকৰণ হৈ আহিছে ৷ ইয়েই চলিত বছৰৰ জুন মাহত আৰম্ভ হোৱা ছাত্ৰ আন্দোলনক তীব্ৰ কৰি তুলিছে ৷ ৰাজহুৱা সম্পত্তিত আক্ৰমণ কৰাৰ লগতে আন আন হিংসা বৃদ্ধি পায় আৰু জুলাইত এই হিংসাই চূড়ান্ত ৰূপ লয় ৷ আমি সংযমৰ পৰামৰ্শ দিছিলো আৰু পৰিস্থিতিটো আলোচনাৰ দ্বাৰা সমাধান কৰিবলৈ আহ্বান জনাইছিলো ৷’’ জয়শংকৰে ৰাজ্যসভাত এইদৰে কয় ৷

তেওঁ কয় যে দেশখনৰ বৰ্ধিত হিংসাৰ ভিতৰত আছে ৰাজহুৱা ভৱন আৰু আন্তঃগাঁথনিৰ ওপৰত আক্ৰমণ ৷ তদুপৰি যান-বাহন আৰু ৰে’ল অৱৰোধ অন্যতম ৷ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, ‘‘এই সমগ্ৰ সময়ছোৱাত, আমি বাৰে বাৰে সংযমৰ পৰামৰ্শ দিছিলো আৰু আলোচনাৰ জৰিয়তে পৰিস্থিতিটো স্বাভাৱিক কৰিবলৈ আহ্বান জনাইছিলো । আমি যিসকলৰ সৈতে যোগাযোগ কৰি আছিলো, তেওঁলোকেও বিভিন্ন ৰাজনৈতিক শক্তিক একেধৰণৰ অনুৰোধ কৰিছিল ৷ ২১ জুলাইত উচ্চতম ন্যায়ালয়ৰ ৰায়েও প্ৰতিবাদক বাধা দিব নোৱাৰিলে ৷’’

জয়শংকৰে কয়, ‘‘ তাৰ পিচত লোৱা বিভিন্ন সিদ্ধান্ত আৰু পদক্ষেপে পৰিস্থিতিটো অধিক বেয়াৰ ফালে লৈ গ’ল ৷ ইয়াৰ পিতে আন্দোলন তীব্ৰতৰ হোৱাৰ পিচতে প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই পদত্যাগ কৰিবলগীয়া হ’ল ৷’’

৪ আগষ্টত চুবুৰীয়া দেশখনৰ পৰিস্থিতি অধিক অৱনতি ঘটা বুলি জয়শংকৰে লোকসভাত কয় ৷ তেওঁ কয়, ‘‘আৰক্ষী থানা আৰু চৰকাৰী প্ৰতিষ্ঠানকে ধৰি আৰক্ষীৰ লোকৰ ওপৰত আক্ৰমণ তীব্ৰতৰ হৈ পৰিছিল ৷ সামগ্ৰিকভাৱে হিংসাৰ স্তৰ যথেষ্ট বৃদ্ধি পাইছিল ৷ শাসনক পক্ষৰ লোকসকলৰ সম্পত্তি সমগ্ৰ দেশতে জ্বলাই দিয়া হৈছিল ৷ আটাইতকৈ উদ্বেগজনক কথাটো হ’ল যে সংখ্যালঘুসকলৰ ব্যৱসায়িক প্ৰতিষ্ঠান, মন্দিৰসমূহো আক্ৰমণৰ সন্মুখীন হৈছিল ৷ সেই আক্ৰমণৰ পৰিমাণ এতিয়াও স্পষ্ট নহয় ৷’’

ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে কয় যে বাংলাদেশৰ সেনা প্ৰধান জেনেৰেল ৱেকাৰ-উজ-জামানে ৫ আগষ্টত দেশবাসীক সম্বোধন কৰে ৷ তেওঁ দায়িত্ব গ্ৰহণ কৰাৰ লগতে অন্তৱৰ্তীকালীন চৰকাৰ গঠন কৰাৰ কথা কয় ৷

তেওঁ কয় যে ঢাকাত উচ্চ আয়োগৰ উপৰিও বাংলাদেশত ভাৰতৰ কূটনৈতিক স্থিতিৰ ভিতৰত আছে চিটাগং, ৰাজশ্বাহী, খুলনা আৰু চিলেটৰ সহকাৰী উচ্চ আয়োগ ৷ জয়শংকৰে কয়, ‘‘ আমি আশা কৰিছো যে বাংলাদেশ চৰকাৰে এই প্ৰতিষ্ঠানসমূহৰ বাবে প্ৰয়োজনীয় সুৰক্ষা প্ৰদান কৰিব ৷ পৰিস্থিতি স্বাভাৱিক হোৱাৰ পিচত আমি তেওঁলোকৰ স্বাভাৱিক কাৰ্যকলাপৰ বাবে অপেক্ষা কৰি আছো ৷’’

তেওঁ কয়, ‘‘ আমি সংখ্যালঘুসকলৰ স্থিতি সম্পৰ্কে পৰিস্থিতিটো নিৰীক্ষণ কৰি আছো । বিভিন্ন বিভিন্ন সংগঠনে তেওঁলোকৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে পদক্ষেপ লোৱাৰ খবৰ পোৱা গৈছে ৷ স্বাভাৱিকতে আইন-শৃংখলাজনিত পৰিস্থিতি স্বাভাৱিক নোহোৱাপৰ্যন্ত আমি চিন্তিত হৈ থাকিম ৷’’

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, ‘‘ এই জটিল পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ সীমান্তৰক্ষী বাহিনীক অধিক সতৰ্ক হ’বলৈ নিৰ্দেশ দিয়া হৈছে ৷ বিগত 24 ঘণ্টা ধৰি আমি ঢাকাৰ কৰ্তৃপক্ষৰ সৈতে যোগাযোগত আছো ৷’’

লগতে পঢ়ক : অগ্নিকুণ্ডত বাংলাদেশ: হাছিনাৰ দলৰ নেতাৰ হোটেলত অগ্নিসংযোগ, গুৰুতৰভাৱে আহত অসমৰ দুই ব্যৱসায়ী

লগতে পঢ়ক : বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী খালেদা জিয়াক মুক্তিৰ নিৰ্দেশ ৰাষ্ট্ৰপতিৰ

লগতে পঢ়ক : বাংলাদেশত হিন্দুসকলক সুৰক্ষিত কৰিব লাগে : শংকৰাচাৰ্য অভিমুক্তেশ্বৰানন্দ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.