ETV Bharat / bharat

সুৰা নীতি কেলেংকাৰী: জামিন লাভ কৰিবনে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে ? - Excise policy case - EXCISE POLICY CASE

Delhi CM Arvind Kejriwal: দিল্লী সুৰা নীতি কেলেংকাৰীৰ চিবিআই গোচৰত কাৰাগাৰত থকা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ জামিন আবেদনৰ আজি দিল্লী উচ্চ ন্যায়ালয়ত শুনানি গ্ৰহণ কৰা হ’ব । জামিন লাভ কৰিবলৈ সক্ষম হ’বনে কেজৰিৱালে ?

Excise policy case: Delhi High Court to hear Arvind Kejriwal's bail plea today
দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Jul 17, 2024, 12:37 PM IST

নেশ্যনেল ডেস্ক, 17 জুলাই: দিল্লী উচ্চ ন্যায়ালয়ে সুৰানীতি কেলেংকাৰীৰ গোচৰত চিবিআইৰ গ্ৰেপ্তাৰক প্ৰত্যাহ্বান জনোৱা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ আবেদনৰ শুনানি বুধবাৰে গ্ৰহণ কৰিব ৷ লগতে মুখ্যমন্ত্ৰী কেজৰিৱালৰ জামিন আবেদনৰো শুনানি গ্ৰহণ কৰা হ’ব । মহৰমৰ বন্ধৰ মাজতে ন্যায়াধীশ নীনা বংশাল কৃষ্ণৰ বিচাৰপীঠে শুনানি গ্ৰহণ কৰিব । 2 জুলাইত উচ্চ ন্যায়ালয়ে আবেদনৰ শুনানি গ্ৰহণ কৰি থকাৰ সময়তে চিবিআইক জাননী জাৰি কৰিছিল ।

উল্লেখ্য যে, ইডি গোচৰত অৰবিন্দ কেজৰিৱালে উচ্চতম ন্যায়ালয়ৰ পৰা জামিন লাভ কৰিছে । আজি পুৱা 10.30 বজাত চিবিআই সম্পৰ্কীয় গোচৰৰ শুনানি অনুষ্ঠিত হোৱাৰ ।

বিগত 26 জুনত ৰাউজ এভিনিউ আদালতে কেজৰিৱালক তিনিদিনৰ বাবে চিবিআইৰ জিম্মালৈ প্ৰেৰণ কৰিছিল । ৰাউজ এভিনিউ আদালতৰ কৰ্তব্য ন্যায়াধীশ অমিতাভ ৰাৱটে কৈছিল যে কেজৰিৱালক চিবিআইয়ে গ্ৰেপ্তাৰ কৰাটো অবৈধ নহয় । 29 জুনত চিবিআইয়ে গ্ৰেপ্তাৰ কৰাৰ পিছত কেজৰিৱালক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয় ।

21 মাৰ্চৰ সন্ধিয়া অৰবিন্দ কেজৰিৱালক জেৰা কৰি ইডিয়ে গ্ৰেপ্তাৰ কৰিছিল । 10 মে’ত উচ্চতম ন্যায়ালয়ে অৰবিন্দ কেজৰিৱালক লোকসভা নিৰ্বাচনৰ প্ৰচাৰৰ বাবে 1 জুনলৈকে অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰি 2 জুনত আত্মসমৰ্পণ কৰিবলৈ নিৰ্দেশ দিছিল । 2 জুনত আত্মসমৰ্পণ কৰিছিল কেজৰিৱালে । 21 জুনত ৰাউজ এভিনিউ আদালতে ইডিৰ গোচৰত কেজৰিৱালক নিয়মীয়া জামিন প্ৰদান কৰিছিল ৷ এই গোচৰত দিল্লী উচ্চ ন্যায়ালয়ে স্থগিতাদেশ দিছিল । ইডি গোচৰত উচ্চতম ন্যায়ালয়ে 12 জুলাইত কেজৰিৱালক অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰিছিল ।

উল্লেখ্য যে, সুৰা নীতি কেলেংকাৰী গোচৰত আপ নেতা কেজৰিৱালক গ্ৰেপ্তাৰ কৰাৰ পাচতে আপ নেতা-কৰ্মীয়ে তীব্ৰ প্ৰতিবাদ কৰাৰ লগতে বিষয়টোৱে দেশৰ ৰাজনীতিত লাভ কৰিছিল বিশেষ গুৰুত্ব ৷

লগতে পঢ়ক: অৰবিন্দ কেজৰিৱালক অন্তৱৰ্তীকালীন জামিন প্ৰদান উচ্চতম ন্যায়ালয়ৰ - ARVIND KEJRIWAL GOT INTERIM BAIL

কেজৰিৱালক গ্ৰেপ্তাৰৰ বিৰুদ্ধে বিজেপিৰ মুখ্য কাৰ্যালয়ত আপৰ প্ৰতিবাদ - AAP to Protest on BJP Headquarter

অৰবিন্দ কেজৰিৱালৰ গ্ৰেপ্তাৰৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ আপৰ সাংসদৰ - AAP PROTEST IN PARLIAMENT

দিল্লী উচ্চ ন্যায়ালয়ে বিমুখ কৰিলে কেজৰিৱালক : জামিনত স্থগিতাদেশ - Delhi HC on Kejriwal Bail

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.