ETV Bharat / bharat

আম আদমি পাৰ্টীত যোগদান জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰমেন বৰঠাকুৰৰ - Romen Borthakur joins AAP

author img

By ETV Bharat Assamese Team

Published : Jul 3, 2024, 5:44 PM IST

Romen Borthakur joins AAP: আম আদমি পাৰ্টীত যোগদান জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰমেন বৰঠাকুৰৰ ৷ নতুন দিল্লীত দিল্লী চৰকাৰৰ মন্ত্ৰী আতিশী আৰু উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰভাৰী ৰাজেশ শৰ্মাৰ উপস্থিতিত দলটোত যোগদান কৰে বৰঠাকুৰে ৷

Romen Borthakur joins AAP
আম আদমি পাৰ্টীত যোগদান জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰমেন বৰঠাকুৰৰ (ETV BHARAT ASSAM)

নিউজ ডেস্ক, ৩ জুলাই: অৱশেষত আম আদমি পাৰ্টীত যোগদান কৰিলে প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন জ্যেষ্ঠ নেতা ৰমেন বৰঠাকুৰে ৷ বুধবাৰে দিল্লীত তেওঁ আম আদমি পাৰ্টীৰ সদস্যপদ গ্ৰহণ কৰে । আপ নেতা তথা দিল্লী চৰকাৰৰ মন্ত্ৰী আতিশী আৰু উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰভাৰী ৰাজেশ শৰ্মাই টুপী আৰু গলবস্ত্ৰ পৰিধান কৰোৱাই ৰমেন বৰঠাকুৰক দললৈ আদৰণি জনায় ।

প্ৰদেশ কংগ্ৰেছৰ একালৰ জ্যেষ্ঠ মুখপাত্ৰ ৰমেন বৰঠাকুৰে ৪ এপ্ৰিলত দলৰ সকলো পদবীৰ লগতে প্ৰাথমিক সদস্য পদৰ পৰা পদত্যাগ কৰিছিল ৷ লোকসভা নিৰ্বাচনৰ বাবে গুৱাহাটী সমষ্টিৰ পৰা টিকট বিচাৰিছিল যদিও দলে ৰমেন বৰঠাকুৰক বঞ্চিত কৰি মীৰা বৰঠাকুৰক দলীয় টিকট প্ৰদান কৰাত ক্ষোভিত হৈ বৰঠাকুৰে দলৰ পৰা পদত্যাগ কৰা বুলি ৰাজনৈতিক মহলত চৰ্চা চলিছিল । ইয়াৰ পাচতেই আজি ৰমেন বৰঠাকুৰে আম আদমি পাৰ্টীত যোগদান কৰে ।

লগতে পঢ়ক: কংগ্ৰেছত অব্যাহত খহনীয়া : পদত্যাগ কৰিলে জ্যেষ্ঠ নেতা ৰমেন বৰঠাকুৰে - Romen Borthakur Resigns Congress

ৰমেন বৰঠাকুৰে বিগত ২৩ বছৰ ধৰি কংগ্ৰেছ দলত কাৰ্যনিৰ্বাহ কৰি আহিছিল ৷ তেওঁ কংগ্ৰেছ দলৰ জ্যেষ্ঠ মুখপাত্ৰ আছিল । ২০২১ চনৰ বিধানসভা নিৰ্বাচনত তেওঁ বিজেপিৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে জালুকবাৰী সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল । তেওঁ আম আদমি পাৰ্টীত যোগদান কৰি দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ আগতীয়া মুক্তিৰ আশা কৰে ।

দিল্লী চৰকাৰৰ মন্ত্ৰী আতিশীয়ে ৰমেন বৰঠাকুৰক দললৈ আদৰণি জনাই আম আদমি পাৰ্টীৰ কাম-কাজৰ প্ৰতি আকৰ্ষিত হৈ তেওঁ দলটোত যোগদান কৰাৰ কথা ব্যক্ত কৰে ৷ আতিশীয়ে লগতে অসমত ৰাইজে ধাৰাবাহিকভাৱে দলটোৰ প্ৰতি আস্থা দেখুৱাইছে বুলি উল্লেখ কৰে ৷ এইবাৰ লোকসভা নিৰ্বাচনতো অসমত আম আদমী পাৰ্টীয়ে ভাল আৰম্ভণি কৰিছে বুলি সদৰী কৰে ।

লগতে পঢ়ক: কংগ্ৰেছত বিভাজনৰ অপচেষ্টা চলাইছে নেকি অজিত ভূঞাই ? উভতি ধৰিলে ৰমেন বৰঠাকুৰে - Ramen Borthakur on Ajit Bhuyan

ইফালে আপৰ উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰভাৰী ৰাজেশ শৰ্মাই প্ৰাক্তন জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰমেন বৰঠাকুৰে অৰবিন্দ কেজৰিৱালৰ কামৰ ৰাজনীতিত আপ্লুত হৈ আম আদমি পাৰ্টীত যোগদান কৰাৰ কথা ব্যক্ত কৰে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.