নিউজ ডেস্ক, ১৮ মে' : ছত্তীশগড়ৰ বস্তাৰ বিভাগৰ সুকমা জিলাত শুকুৰবাৰে গভীৰ নিশা নক্সালবাদী আৰু নিৰাপত্তাৰক্ষীৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয় । টেট্ৰাই টলনাইৰ অৰণ্যত ডিআৰজি জোৱান আৰু নক্সালবাদীৰ মাজত এই সংঘৰ্ষ সংঘটিত হয় । আনহাতে, এনকাউণ্টাৰত ডিআৰজিৰ (জিলা ৰিজাৰ্ভ গাৰ্ড) জোৱানে এটা নক্সালবাদীক হত্যা কৰে ।
ইফালে সেনা জোৱানসকলৰ আক্ৰমণত গভীৰ অৰণ্যৰ সুযোগ লৈ নক্সালবাদীসকলে পলাই যায় । এনকাউণ্টাৰৰ পাচত অৰণ্যৰ ভিতৰত এক বৃহৎ অনুসন্ধান অভিযান চলোৱা হৈছে । সুকমাৰ এছ পি কিৰণ চৱনে এই এনকাউণ্টাৰৰ ঘটনা নিশ্চিত কৰিছে ।
উল্লেখ্য যে, বিগত কিছু দিন ধৰি ছত্তীশগড়ত নক্সালবাদীৰ বিৰুদ্ধে সেনাৰ অভিযান তীব্ৰ গতিত চলি আছে । শুকুৰবাৰে নিৰাপত্তাৰক্ষীয়ে গৰিয়াবান্দৰ কোডোমালি, ইচৰাডি, গৰিবা আৰু চাহবিনকছাৰ গাঁৱৰ অৰণ্যত নক্সালবাদীৰ গুৰুত্বপূৰ্ণ শিবিৰ ধ্বংস কৰে । আনহাতে, নিৰাপত্তাৰক্ষীয়ে গৰিয়াবান্দৰ বনাঞ্চল আৰু ওড়িশাৰ সীমান্তৱৰ্তী চোভা আৰক্ষী থানা অঞ্চলৰ অৰণ্যৰ পৰা তিনিটা আইইডি উদ্ধাৰ কৰে ।
ইয়াৰ পূৰ্বে মঙলবাৰে নক্সাল প্ৰভাৱিত আবুঝমাদৰ মোহান্দি গাঁৱত নিৰাপত্তা বাহিনীৰ এটা নতুন শিবিৰ মুকলি কৰা হয় । এই নতুন শিবিৰটো মুকলি হোৱাৰ লগে লগে এফালে নক্সালবিৰোধী অভিযান ত্বৰান্বিত হ'ব, আনফালে শিবিৰৰ চাৰিওফালে থকা ৫ কিলোমিটাৰ এলেকাত গাঁৱৰ লোকসকলে পথ, পানী, বিদ্যুৎ, বিদ্যালয়, চিকিৎসালয়ৰ দৰে প্ৰাথমিক সুবিধা লাভ কৰিব ।
মোহান্দি গাঁওখন অৰ্ছা খণ্ড, কোহকামেটা তহচিল আৰু কোহকামেটা আৰক্ষী থানাৰ অধীনত অৱস্থিত । মোহান্দি গাঁৱত এটা নতুন শিবিৰ নিৰ্মাণৰ লগে লগে গাঁওবাসীৰ মাজত নিৰাপত্তা আৰু উৎসাহৰ পৰিৱেশে বিৰাজ কৰিছে ।