ETV Bharat / bharat

শ্ৰীনগৰৰ খানিয়াৰত নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ সংঘৰ্ষ - JK ENCOUNTER

Encounter in Srinagar: জম্মু-কাশ্মীৰৰ বিভিন্ন স্থানত নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ সংঘৰ্ষ অব্যাহত আছে ।

Encounter in Srinagar
শ্ৰীনগৰৰ খানিয়াৰত নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ সংঘৰ্ষ (PTI)
author img

By ETV Bharat Assamese Team

Published : Nov 2, 2024, 11:57 AM IST

শ্ৰীনগৰ : জম্মু-কাশ্মীৰৰ শ্ৰীনগৰত নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত পুনৰ সংঘৰ্ষ । শনিবাৰে পুৱাই শ্ৰীনগৰৰ খানিয়াৰ এলেকাত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ হয় ।

এগৰাকী আৰক্ষী বিষয়াৰ মতে অঞ্চলটোত সন্ত্ৰাসবাদীৰ উপস্থিতিৰ বিষয়ে তথ্য লাভ কৰাৰ পিছতে নিৰাপত্তাৰক্ষীয়ে তালাচী অভিযান আৰম্ভ কৰে । সেই তালাচীৰ মাজতে দুয়োপক্ষৰ মাজত সংঘৰ্ষ হয় । আৰক্ষী আৰু অন্যান্য নিৰাপত্তা সংস্থাৰ যুটীয়া দলে এই অভিযান চলায় ।

যুটীয়া অভিযানকাৰী দলটো অঞ্চলটোত উপস্থিত হোৱাৰ পিছতে আত্মগোপন কৰি থকা সন্ত্ৰাসবাদীয়ে গুলীচালনা আৰম্ভ কৰে । স্থানীয় তথ্য অনুসৰি অঞ্চলটোত গুলীবৰ্ষণ চলি আছে । ইফালে নিৰাপত্তা বাহিনীয়ে সমগ্ৰ অঞ্চলটো ঘেৰাও কৰি ৰাখিছে ।

বান্দিপোৰাত তালাচী অভিযান

শ্ৰীনগৰ এনকাউণ্টাৰৰ সমান্তৰালকৈ উত্তৰ কাশ্মীৰৰ বান্দিপোৰা জিলাত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত আন এক সংঘৰ্ষৰ তথ্য পোহৰলৈ আহিছে । এক্সৰ এটা পোষ্টত ভাৰতীয় সেনাই শনিবাৰে কয় যে সন্ত্ৰাসবাদীয়ে নিৰাপত্তাৰক্ষীৰ ওপৰত গুলীচালনা কৰে আৰু জংঘলৰ দিশে পলায়ন কৰে ।

ভাৰতীয় সেনা চিনাৰ কৰ্পছে এক্সৰ পোষ্টত কয়, "১ নৱেম্বৰৰ সন্ধিয়া বান্দিপোৰাৰ পানাৰৰ জেন এলেকাত সেনাই সন্দেহজনক গতিবিধি লক্ষ্য কৰে । তেতিয়া সেনাই প্ৰত্যাহ্বান জনোৱাৰ পিছতে সন্ত্ৰাসবাদীয়ে নিৰ্বিচাৰ গুলীচালনা কৰে আৰু জংঘললৈ পলায়ন কৰে । তালাচী অভিযান চলি আছে ।"

ইয়াৰ ঠিক এদিন পূৰ্বে মধ্য কাশ্মীৰৰ বুদগাম জিলাত সন্ত্ৰাসবাদীয়ে শ্ৰমিকক লক্ষ্য কৰি আক্ৰমণ চলায় । এই আক্ৰমণত শ্ৰমিকসকল গুৰুতৰভাৱে আহত হয় আৰু চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ।

শেহতীয়াকৈ, জম্মু-কাশ্মীৰৰ লেফটেনেণ্ট গৱৰ্ণৰ মনোজ সিনহাই এক নিৰাপত্তা সম্পৰ্কীয় পৰ্যালোচনা বৈঠকৰ নেতৃত্ব দিয়ে । য'ত তেওঁ সন্ত্ৰাসবাদীৰ বিৰুদ্ধে নিৰাপত্তা বাহিনীক কঠোৰ হ'বলৈ আৰু এনে আক্ৰমণ প্ৰতিহত কৰিবলৈ নিৰ্দেশ দিয়ে ।

যোৱা সপ্তাহত জম্মুৰ আখনুৰ অঞ্চলত সন্ত্ৰাসবাদীয়ে সেনাৰ কনভয়ত আক্ৰমণ কৰাৰ পিছতে নিয়ন্ত্ৰণ ৰেখাৰ সমীপত প্ৰায় ২৭ ঘণ্টা ধৰি চলি থকা গুলীচালনাত ৩ সন্ত্ৰাসবাদী নিহত হয় ।

লগতে পঢ়ক :১০ বছৰৰ ভিতৰত এইবাৰ অভিলেখ: অগ্নিনিৰ্বাপক বাহিনীলৈ ২৪ ঘন্টাত ফোন আহিল ৩২০টা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.