ETV Bharat / bharat

সন্ত্ৰাসবাদীৰে ভাৰতীয় সেনাৰ গুলীয়াগুলীত শ্বহীদ 2 জোৱান, সাধাৰণ নাগৰিকসহ আহত 6 গৰাকী - Anantnag encounter

author img

By ANI

Published : Aug 11, 2024, 10:52 AM IST

Anantnag encounter : অনন্তনাগ জিলাৰ দূৰৱৰ্তী আহলান গগৰমাণ্ডু বনাঞ্চলত নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ । দুগৰাকী জোৱান শ্বহীদ হোৱাৰ লগতে সাধাৰণ নাগৰিকসহ ৬ গৰাকী আহত হৈছে । সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান অব্যাহত আছে ।

Anantnag encounter
অনন্তনাগত পুনৰ শ্বহীদ ২ জোৱান (ANI Photo)

নেশ্যনেল ডেস্ক, ১১ আগষ্ট : জম্মু-কাশ্মীৰৰ অনন্তনাগ জিলাৰ প্ৰায় ১০,০০০ ফুট উচ্চতাত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে নিৰাপত্তা বাহিনীৰ অভিযান অব্যাহত আছে । শনিবাৰে নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত ভয়ংকৰ সংঘৰ্ষৰ সূত্ৰপাত হয় । এই সংঘৰ্ষত দুগৰাকী জোৱান শ্বহীদ হয় আৰু ৬ গৰাকী লোক আহত হয় । আহত ৬ গৰাকীৰ ভিতৰত ২ গৰাকী সাধাৰণ নাগৰিক বুলি জানিব পৰা গৈছে ।

নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ সংঘৰ্ষ :

কোকেৰনাগ বেল্টৰ দূৰৱৰ্তী আহলান গগৰমাণ্ডু বনাঞ্চলত সন্ত্ৰাসবাদীৰ উপস্থিতিৰ ইংগিত পোৱাৰ পিচত নিৰাপত্তা বাহিনীৰ এটা দল তালৈ প্ৰেৰণ কৰা হয় আৰু অনুসন্ধান আৰম্ভ কৰে । অভিযানৰ মাজতে এনকাউণ্টাৰ আৰম্ভ হয় ।

বিষয়াসকলৰ মতে সন্ত্ৰাসবাদীৰ এটা দলে পেৰা কামাণ্ডো আৰু স্থানীয় আৰক্ষীকে ধৰি সেনাক লৈ গঠিত যুটীয়া অনুসন্ধানকাৰী দলসমূহৰ ওপৰত গুলীচালনা কৰে । দুয়োপক্ষৰ মাজৰ প্ৰচণ্ড গুলীচালনাত ৬ গৰাকী সেনা জোৱান আৰু দুগৰাকী সাধাৰণ লোক আহত হয় । আহত জোৱানসকলক তৎক্ষণাৎ ওচৰৰ এখন চিকিৎসালয়লৈ লৈ যোৱা হয় । য'ত দুগৰাকী জোৱানৰ মৃত্যু হয় ।

বাকী আঘাতপ্ৰাপ্ত জোৱান আৰু সাধাৰণ নাগৰিকসকলৰ চিকিৎসা চলি আছে । ইয়াৰ পিচতে অঞ্চলটোত নিৰাপত্তা অধিক কঠোৰ কৰি তোলা হৈছে । সন্ত্ৰাসবাদীকেইটাক বিচাৰি উলিয়াবলৈ অভিযান তীব্ৰতৰ কৰি তুলিছে ।

পূৰ্বৰ সংঘৰ্ষত জড়িত সন্ত্ৰাসবাদীৰ আক্ৰমণ :

যোৱা ছেপ্টেম্বৰ মাহত কোকেৰনাগৰ সাধাৰণ এলেকাত একে ধৰণৰ এনকাউণ্টাৰ হৈছিল । য'ত সন্ত্ৰাসবাদীৰ সৈতে সপ্তাহজোৰা সংঘৰ্ষত কৰ্ণেল মনপ্ৰীত সিং, মেজৰ আশীষ আৰু উপ এছপি হুমায়ুন ভাটকে ধৰি ৪ জন নিৰাপত্তাকৰ্মী শ্বহীদ হৈছিল ।

সেই অভিযানৰ সময়ত লস্কৰ-ই-তৈবা (এল ই টি)ৰ জ্যেষ্ঠ কমাণ্ডাৰসহ দুটা সন্ত্ৰাসবাদীও নিহত হৈছিল । ইফালে ১৫ জুলাইত ডোডা জিলাত সংঘৰ্ষৰ পিচত নিৰাপত্তাৰক্ষীয়ে কোকেৰনাগৰ অৰণ্যত অভিযান তীব্ৰতৰ কৰিছিল ।

শেহতীয়া অনন্তনাগ ঘটনাত জড়িত সন্ত্ৰাসবাদীকেইটাই ডোডাত সংঘৰ্ষৰ পৰা পলাই যোৱাৰ পিচত কিষ্টৱাৰ জিলা অতিক্ৰম কৰিছিল । বৰ্তমানৰ অভিযানৰ কথা উল্লেখ কৰি শ্ৰীনগৰস্থিত এগৰাকী প্ৰতিৰক্ষা মুখপাত্ৰই কয় যে জুলাইত ডোডা অঞ্চলত সংঘটিত ঘটনাত জড়িত সন্ত্ৰাসবাদীকেইটাই কিষ্টৱাৰ অতিক্ৰম কৰি দক্ষিণ কাশ্মীৰৰ কাপ্ৰান-গাৰোল অঞ্চলত প্ৰৱেশ কৰিছে ।

৫ আগষ্টত এই কথা নিশ্চিত হোৱাৰ পিচতে ৰাষ্ট্ৰীয় ৰাইফলছ আৰু জম্মু-কাশ্মীৰ আৰক্ষীয়ে এই সন্ত্ৰাসবাদীকেইটাক নিৰন্তৰ অনুসৰণ কৰি আহিছে আৰু ৯-১০ আগষ্টৰ নিশা কাপ্ৰানৰ পূবৰ পৰ্বতমালাত সঠিক অভিযান আৰম্ভ কৰা হয় ।

তেওঁ কয়, "১০ আগষ্টৰ দুপৰীয়া প্ৰায় ২ মান বজাত সন্দেহজনক গতিবিধি দেখা গৈছিল । তেনে সময়তে নিৰাপত্তা বাহিনীৰ ওপৰত সন্ত্ৰাসবাদীয়ে নিৰ্বিচাৰ গুলীচালনা কৰে । ইয়াৰ প্ৰত্যুত্তৰ হিচাপে নিৰাপত্তা বাহিনীয়েও গুলীচালনা কৰে ।"

তেওঁ লগতে কয়, "অঞ্চলটো ১০,০০০ ফুট উচ্চতাত অৱস্থিত । ডাঠ অৰণ্য, ডাঙৰ শিল আছে আৰু আত্মগোপন কৰিব পৰা সুবিধা আছে যাৰ বাবে এই অভিযানত গুৰুতৰ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে । নিৰাপত্তা বাহিনীয়ে আগবাঢ়ি আছে । অভিযানবোৰ নিশাও চলি থাকিব ।"

লগতে পঢ়ক :জম্মু-কাশ্মীৰৰ অনন্তনাগত সন্ত্ৰাসবাদীৰে সংঘৰ্ষ: দুজন জোৱান শ্বহীদ, আহত দুই নাগৰিক - Anantnag Encounter

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.