ETV Bharat / bharat

আজি ঘোষণা হ'ব দেশৰ ৩ খন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ সময়সূচী - Assembly elections 2024

author img

By ANI

Published : Aug 16, 2024, 11:03 AM IST

Assembly elections 2024: ভাৰতীয় নিৰ্বাচন আয়োগে শুকুৰবাৰে হাৰিয়ানা, মহাৰাষ্ট্ৰ আৰু জম্মু-কাশ্মীৰত বিধানসভা নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰাৰ সম্ভাৱনা আছে । ইতিমধ্যে আয়োগে জম্মু-কাশ্মীৰৰ নিৰাপত্তা পৰিস্থিতি পৰ্যালোচনা কৰিছে ।

Assembly elections 2024
আজি ঘোষণা হ'ব দেশৰ ৩ খন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ সময়সূচী (ANI)

নেশ্যনেল ডেস্ক, ১৬ আগষ্ট : দেশৰ কেইবাখনো ৰাজ্যত শীঘ্ৰে বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব । তাৰ ভিতৰত আছে হাৰিয়ানা, মহাৰাষ্ট্ৰ আৰু জম্মু আৰু কাশ্মীৰৰ কেন্দ্ৰীয় শাসিত অঞ্চল । ভাৰতীয় নিৰ্বাচন আয়োগে শুকুৰবাৰে আবেলি প্ৰায় ৩ বজাত এই ৰাজ্যকেইখনৰ বিধানসভা নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰিব । জানিব পৰা মতে নিৰ্বাচন আয়োগে শুকুৰবাৰে হাৰিয়ানা আৰু জম্মু-কাশ্মীৰৰ বাবে সময়সূচী ঘোষণা কৰিব । আয়োগে মহাৰাষ্ট্ৰৰ নিৰ্বাচনৰ সময়সূচীও ঘোষণা কৰিব পাৰে ।

অনুসূচীত মনোনয়ন দাখিলৰ তাৰিখ, ভোটগ্ৰহণ আৰু ফলাফল ঘোষণাৰ দিন অন্তৰ্ভুক্ত থাকিব । ১৪ আগষ্টত নিৰ্বাচন আয়োগে কেন্দ্ৰীয় গৃহ সচিব অজয় ভাল্লাৰ সৈতে জম্মু-কাশ্মীৰৰ নিৰাপত্তা পৰিস্থিতি পৰ্যালোচনা কৰিবলৈ এখন বৈঠকত মিলিত হৈছিল ।

জম্মু-কাশ্মীৰত বিধানসভা নিৰ্বাচন :

যোৱা বছৰৰ ডিচেম্বৰত উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰক ২০২৪ চনৰ ৩০ ছেপ্টেম্বৰৰ ভিতৰত কেন্দ্ৰীয় শাসিত অঞ্চলত নিৰ্বাচন প্ৰক্ৰিয়া সমাপ্ত কৰিবলৈ নিৰ্দেশ দিছিল । জম্মু আৰু কাশ্মীৰত ১০ বছৰৰ ব্যৱধানৰ পিচত নিৰ্বাচন অনুষ্ঠিত হ'ব । ২০১৮ চনৰ জুন মাহত পিডিপি-বিজেপি মিত্ৰজোঁটৰ চৰকাৰৰ পতন ঘটিছিল ।

শেহতীয়াকৈ, মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰৰ নেতৃত্বত নিৰ্বাচন আয়োগৰ প্ৰতিনিধি দলে জম্বু-কাশ্মীৰত নিৰ্বাচনৰ প্ৰস্তুতি পৰ্যালোচনা কৰে । ভ্ৰমণকালত জম্মুত এখন সংবাদমেলত কুমাৰে গুৰুত্ব আৰোপ কৰিছিল যে আয়োগে তাত অতি সোনকালে নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ ।

হাৰিয়ানাত বিধানসভা নিৰ্বাচন :

হাৰিয়ানাৰ বৰ্তমানৰ চৰকাৰৰ কাৰ্যকাল ২০২৪ চনৰ ৩ নৱেম্বৰত সমাপ্ত হ'ব আৰু ৰাজ্যখনৰ ৯০ টা বিধানসভা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হ'ব । ২০১৯ চনৰ নিৰ্বাচনত ৪০ খন আসন লাভ কৰা বিজেপিয়ে জেজেপিৰ সৈতে মিত্ৰজোঁটৰ চৰকাৰ গঠন কৰিছিল । জেজেপিয়ে ১০ খন আসন লাভ কৰিছিল আৰু কংগ্ৰেছে ৩১ খন আসন লাভ কৰিছিল । এই বছৰৰ আৰম্ভণিতে বিজেপি-জেজেপি মিত্ৰতা ভংগ হৈছিল । ২০২৪ চনত হাৰিয়ানাত বিজেপি, কংগ্ৰেছ, জেজেপি আৰু আপৰ মাজত চাৰিকোণীয়া প্ৰতিদ্বন্দ্বিতা হোৱাৰ সম্ভাৱনা আছে ।

মহাৰাষ্ট্ৰত বিধানসভা নিৰ্বাচন :

২৮৮ জনীয়া মহাৰাষ্ট্ৰ বিধানসভাৰ বৰ্তমান চৰকাৰৰ কাৰ্যকাল ২০২৪ চনৰ অক্টোবৰত শেষ হ'ব । মহাৰাষ্ট্ৰৰ নিৰ্বাচনত ইউবিটি শিৱসেনা, এনচিপি-শৰদ পাৱাৰ আৰু কংগ্ৰেছক লৈ গঠিত মহা বিকাশ আঘাদী মিত্ৰজোঁট আৰু শিৱসেনা-একনাথ সিন্দে আৰু এনচিপি-অজিত পাৱাৰ গোটক লৈ গঠিত বিজেপিৰ মহাজোঁটৰ মাজত যুঁজ হ'ব । ২০১৯ চনত বিজেপি আৰু অবিভক্ত সেনা মিত্ৰজোঁট ৰাজ্যখনত ক্ষমতালৈ আহিছিল কিন্তু পিচত ই বিভক্ত হয় ।

লগতে পঢ়ক :জম্মু-কাশ্মীৰৰ বিধানসভা নিৰ্বাচন : ৰাজনৈতিক দলসমূহৰ সৈতে নিৰ্বাচন আয়োগৰ বৈঠক - Election Commission of India

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.