ETV Bharat / bharat

ধাৰাসাৰ বৰষুণৰ বাবে দিল্লী এইমছৰ বহু সেৱা বন্ধ ; চৌহদৰ ভিতৰতো সোমাল পানী - Rains havoc in Delhi

author img

By ETV Bharat Assamese Team

Published : Jun 29, 2024, 1:30 PM IST

AIIMS flooded: দিল্লীত ধাৰাসাৰ বৰষুণৰ পিচতে অভাৱনীয় পৰিৱেশৰ সৃষ্টি হৈছে । দিল্লী এইমছৰ ৰোগীসকল প্ৰভাৱিত হৈছে । এইমছৰ জাননী অনুসৰি অস্ত্ৰোপচাৰ কক্ষত পানী জমা হোৱাৰ বাবে কেইবাটাও অস্ত্ৰোপচাৰ বাতিল কৰা হৈছে । জৰুৰীকালীন অৱস্থাত ৰোগীক অস্ত্ৰোপচাৰৰ বাবে চফদৰজং বা আন চৰকাৰী চিকিৎসালয়লৈ প্ৰেৰণৰ আহ্বান হাস্পতাল কৰ্তৃপক্ষৰ ।

AIIMS flooded
ধাৰাসাৰ বৰষুণৰ বাবে প্লাৱিত দিল্লী এইমছ; বহু অস্ত্ৰোপচাৰ বাতিল (ETV Bharat)

নেশ্যনেল ডেস্ক, ২৯ জুন : নতুন দিল্লীত যোৱা দুদিন ধৰি ধাৰাসাৰ বৰষুণ হোৱা দেখা গৈছে । ফলস্বৰূপে বিভিন্ন ক্ষেত্ৰত প্ৰভাৱ পৰিছে । বিশেষকৈ স্বাস্থ্য সেৱাত গুৰুতৰ প্ৰভাৱ পৰিছে । শুকুৰবাৰে নিশা এইমছৰ ৯ টা অস্ত্ৰোপচাৰ কক্ষ অকাৰ্যক্ষম হৈ পৰে । যাৰ বাবে চিকিৎসালয়ত নিউৰ'চাৰ্জাৰী আৰু ট্ৰমা অস্ত্ৰোপচাৰৰ প্ৰায় এক ডজন অস্ত্ৰোপচাৰ বাতিল কৰা হয় ।

ধাৰাসাৰ বৰষুণৰ ফলত চিকিৎসালয়খনৰ অপাৰেচন কক্ষবোৰ প্লাবিত হৈছে । বহুতো অপাৰেচন কক্ষৰ ভিতৰত দেৱালৰ মাজেৰে পানী সোমাইছে । অপাৰেচন কক্ষৰ এচিসমূহো বন্ধ কৰি দিয়া হয় আৰু চিকিৎসালয়খনৰ বৈদ্যুতিক সঁজুলিবোৰৰো সংযোগ বিচ্ছিন্ন কৰা হয় ।

উল্লেখ্য যে, এইমছৰ কাৰ্ডিঅ' নিউৰ' চেণ্টাৰত নিউৰ'চাৰ্জাৰী ৰোগীসকলৰ বাবে ৭ টা অস্ত্ৰোপচাৰ কক্ষ আছে । বৰষুণৰ পূৰ্বে ৪ টা অপাৰেচন কক্ষ (অ'টি) কাৰ্যক্ষম আছিল । কিন্তু বৰষুণৰ ফলত সেইবোৰ প্লাৱিত হোৱাৰ লগে লগে নিউৰ'চাৰ্জাৰী বিভাগে শুকুৰবাৰৰ বাবে সম্পূৰ্ণৰূপে বন্ধ কৰি দিছে ।

লগতে পঢ়ক : বৃষ্টিপাতৰ ফলত খহিল ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ চিলিং, এজনৰ মৃত্যু - Roof collapse in Delhi airport

এই সময়ছোৱাত তাত হ'বলগীয়া অস্ত্ৰোপচাৰবোৰ বাতিল কৰা হৈছে । কিছুমান ৰোগীয়ে একৰ পৰা দুই বছৰ পিচতহে অস্ত্ৰোপচাৰৰ তাৰিখ পাইছিল । এই সময়ছোৱাত নিউৰ'চাৰ্জাৰী বিভাগে এক নিৰ্দেশ জাৰি কৰি কয় যে অপাৰেচন কক্ষৰ সাম্প্ৰতিক অৱস্থাৰ বাবে কোনো অস্ত্ৰোপচাৰ কৰিব পৰা নাযাব । জৰুৰীকালীন পৰিস্থিতিত অহা ৰোগীসকলক চফদৰজং আৰু অন্যান্য চৰকাৰী চিকিৎসালয়লৈ প্ৰেৰণ কৰিব লাগে বুলি নিৰ্দেশনাত কোৱা হৈছে ।

চিকিৎসালয়ৰ সূত্ৰৰ মতে, শনিবাৰে আবেলিৰ ভিতৰত অস্ত্ৰোপচাৰ কক্ষটো কাৰ্যক্ষম হ'ব পাৰে ৷ এইমছৰ ৰাজেন্দ্ৰ প্ৰসাদ চকু চিকিৎসালয়ৰ অপাৰেচন কক্ষৰ সুবিধাও প্ৰভাৱিত হৈছে । যাৰ বাবে অস্ত্ৰোপচাৰ শুকুৰবাৰে দুপৰীয়া ১২ বজাত আৰম্ভ হয় ।

লগতে পঢ়ক : পৰৱৰ্তী পাঁচদিনলৈ উত্তৰ পূৰ্বাঞ্চলৰ লগতে অসমত অব্যাহত থাকিব বৃষ্টিপাত - ASSAM WEATHER FORECAST

একে সময়তে এইমছ মিডিয়া চেলৰ ভাৰপ্ৰাপ্ত অধ্যাপক ৰীমা দাদাই কয় যে, বৃহস্পতিবাৰে নিশা এইমছত পানী জমা হোৱাৰ বাবে নতুন দিল্লী পৌৰ পৰিষদে বিদ্যুৎ যোগান বন্ধ কৰি দিছিল । যাৰ বাবে সকলো অস্ত্ৰোপচাৰ কক্ষ বন্ধ কৰা হৈছিল আৰু অস্ত্ৰোপচাৰ বন্ধ হৈ পৰিছিল ।

ট্ৰমা চেণ্টাৰ প্লাৱিত হোৱাৰ বাবে বিদ্যুৎস্পৃষ্ট হোৱাৰো আশংকা বৃদ্ধি হয় । পানী নিষ্কাশন হোৱাৰ পিচত হে অস্ত্ৰোপচাৰ কক্ষবোৰ কাৰ্যক্ষম হ'ব বুলি তেওঁ উল্লেখ কৰে । লগে লগে জৰুৰীকালীন ৰোগীসকলৰ অস্ত্ৰোপচাৰ প্ৰথমে আৰম্ভ কৰা হ'ব । ইয়াৰ উপৰিও সকলো অ'পিডিৰ সেৱা মসৃণ হৈ আছে বুলি তেওঁ উল্লেখ কৰে ।

উল্লেখ্য যে, এইমছত সকলো ধৰণৰ ৰোগৰ চিকিৎসাৰ বাবে সমগ্ৰ দেশৰ পৰা হাজাৰ হাজাৰ ৰোগীৰ আগমন হয় । যাৰ ফলত এইমছত দৈনিক ২০০ তকৈও অধিক সৰু-বৰ অস্ত্ৰোপচাৰ কৰা হয় । এনে পৰিস্থিতিত বৰষুণৰ ফলত এইমছত অস্ত্ৰোপচাৰৰ বোজা বৃদ্ধি কৰিব বুলি আশংকা কৰা হৈছে ।

লগতে পঢ়ক : গ্ৰেটাৰ নয়ডাত নিৰ্মীয়মাণ ঘৰ খহি ৩ শিশুৰ মৃত্যু; আহত ৫ - GREATER NOIDA HOUSE COLLAPSED

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.