নেশ্যনেল ডেস্ক, 24 এপ্ৰিল : সামাজিক মাধ্য়মত এটা জনপ্ৰিয় নাম ডলী চাহৱালা ৷ ডলীৰ সামাজিক মাধ্যমত প্ৰায় 200 মিলিয়ন ফল’ৱাৰ্ছ আছে ৷ শেহতীয়াতৈ বিল গেটছে ডলীৰ দোকানত চাহৰ জুতি লোৱাৰ পিচতে সংবাদমাধ্যমৰ শিৰোনাম দখল কৰিবলৈ সক্ষম হৈছিল ডলীয়ে ৷
- " class="align-text-top noRightClick twitterSection" data="">
পিচে এইবাৰ প্ৰখ্যাত ইউটিউবাৰ তথা ডলী চাহৱালাৰ দোকানত চাহৰ জুতি ল’লে হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নায়াব চাইনীসহ কেবিনেট মন্ত্ৰীসকলে ৷ সম্প্ৰতি ছ'চিয়েল মিডিয়াত তেওঁলোকে চাহ খাবলৈ যোৱাৰ ভিডিঅ‘ ব্যাপকভাৱে ভাইৰেল হৈছে ৷
গুৰুগ্ৰামত অনুষ্ঠিত হোৱা এক বৈঠকৰ পিচত হাৰিয়ানাৰ মুখ্যমন্ত্ৰী আৰু কেবিনেট মন্ত্ৰীসকলে ডলী চাহৱালাৰ বিপণিত চাহৰ জুতি লোৱাৰ লগতে ফটো আৰু ভিডিঅ’ও প্ৰস্তুত কৰে ৷
ডলী চাহৱালাৰ হাতৰ চাহৰ জুতি ল’লে মুখ্যমন্ত্ৰীয়ে :
শেহতীয়াকৈ হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নায়াব চাইনীয়ে এটা বিখ্যাত স্থানত চাহ পৰিৱেশন কৰাৰ এটা ভিডিঅ' সামাজিক মাধ্যমত ব্যাপকভাৱে ভাইৰেল হৈছে । ভিডিঅ’টোত ডলী চাহৱালাই চাহ বনাই মুখ্যমন্ত্ৰীগৰাকীক দিয়া দেখা গৈছে ৷ মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে ৰাজ্যসভাৰ সাংসদ কৃষ্ণ লাল পানৱাৰ আৰু পৰিবহন মন্ত্ৰী অসীম গোৱেল আছিল । মুখ্যমন্ত্ৰী নায়াব চাইনীকে ধৰি কেবিনেটৰ সকলো মন্ত্ৰীয়ে ডলী চাহৱালাৰ চাহৰ প্ৰশংসা কৰে ।
কোন ডলী চাহৱালা ?
ডলী নাগপুৰৰ বাসিন্দা । তেওঁৰ চাহৰ দোকানখন নাগপুৰত যথেষ্ট জনপ্ৰিয় । মানুহে তেওঁৰ অনন্য ধৰণে চাহ বনোৱাৰ শৈলী খুব ভাল পায় । ডলীৰ চাহ বনোৱা আৰু পৰিৱেশন কৰাৰ এক পৃথক শৈলী আছে । এই ষ্টাইলে তেওঁক সামাজিক মাধ্যমত ইমান ভাইৰেল কৰি তুলিছিল যে মানুহে দূৰদূৰণিৰ পৰা ডলীৰ চাহ খাবলৈ নাগপুৰলৈ যাবলৈ আৰম্ভ কৰিছিল । বিল গেটকে ধৰি সকলো ডাঙৰ ডাঙৰ চেলিব্ৰেটীয়ে ডলিৰ চাহৰ প্ৰশংসা কৰিছে ।
বিল গেটছক লগ পোৱাৰ পিচত ভাগ্য সলনি হৈছিল ডলীৰ :
মাইক্ৰছফ্টৰ প্ৰতিষ্ঠাপক বিল গেটছে ডলীৰ চাহৰ দোকানত চাহৰ জুতি লৈছিল ৷ তেতিয়াৰ পৰাই ডলীয়ে সামাজিক মাধ্যমত ব্যাপকভাৱে চৰ্চা লাভ কৰিছিল । ডলী এতিয়া ইমান বিখ্যাত হৈ পৰিছে যে ডলীৰ সুৰক্ষাৰ বাবে দেহৰক্ষীও আছে । এতিয়া এজন সামাজিক মাধ্যমৰ প্ৰভাৱশালী ব্যক্তি হিচাপে বিখ্যাত হৈ পৰিছে ডলী । কেৱল দেশেই নহয়, ডলী চাহৱালা বিদেশতো জনপ্ৰিয় হৈ পৰিছে । শেহতীয়াকৈ তেওঁ এটা অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ ডুবাইলৈ গৈছিল ৷