ETV Bharat / bharat

পূৰ্বপুৰুষক তৰ্পণৰ বাবে আজিৰ দিনটো বিশেষ কিয় ? - Sarva Pitru Amavasya

author img

By ETV Bharat Assamese Team

Published : 3 hours ago

Ganga snan in Haridwar: মহালয়া আৰু সৰ্বপিতৃ অমাৱস্যা উপলক্ষে আজিৰ দিনটোক অতি পবিত্ৰ দিন হিচাপে গণ্য কৰা হয় ৷ আজি পূৰ্বপুৰুষসকলক তৰ্পণ কৰিলে তেওঁলোকৰ আত্মাই সদগতি লাভ কৰে বুলি এক বিশ্বাস আছে ৷ যাৰ পৰিপ্ৰেক্ষিতত দেশৰ ভিন্ন প্ৰান্তত পূৰ্বপুৰুষক স্মৰণৰ বাবে অসংখ্য লোকে ৰীতি-নীতি পালন কৰা দেখা গৈছে ৷

Ganga snan in Haridwar
সৰ্বপিতৃ অমাৱস্যা উপলক্ষে গংগা স্নান (ETV Bharat)

নিউজ ডেস্ক, 2 অক্টোবৰ: আজি পবিত্ৰ মহালয়া ৷ পিতৃপক্ষৰ অন্ত পৰাৰ লগে লগে আজিৰে পৰা আৰম্ভ হৈছে মাতৃপক্ষ ৷ মহালয়া উপলক্ষে ভক্তপ্ৰাণ ৰাইজৰ মাজত দেখা গৈছে ব্যাপক উছাহ ৷ পূৰ্বপুৰুষৰ বাবে আজিৰ দিনটোত তৰ্পণৰ এক পৰম্পৰা আছে ৷ বিশ্বাস কৰা হয় যে মহালয়াৰ দিনা তৰ্পন কৰিলে মৃতকৰ আত্মাই সদগতি লাভ কৰে ৷

পবিত্ৰ অমাৱস্যাৰ দিনা দেশৰ আন আন প্ৰান্তৰ লগতে হৰিদ্বাৰৰ হৰ কী পৌৰীত পুৱাৰে পৰা ভক্তৰ বিপুল সমাগম ঘটিছে । দেশৰ বিভিন্ন ৰাজ্যৰ পৰা হৰিদ্বাৰত উপস্থিত হৈ ভক্তসকলে গংগা নদীত বিশ্বাস অনুযায়ী স্নান কৰিছে । পূৰ্বপুৰুষৰ মোক্ষ লাভৰ বাবে ভক্তসকলে গংগাত স্নান কৰি অৰ্পণ কৰা দেখা গৈছে ।

Ganga snan in Haridwar
সৰ্বপিতৃ অমাৱস্যা (ETV Bharat)

কোৱা হয় যে শ্ৰাদ্ধৰ সময়ত যিয়ে পূৰ্বপুৰুষক জল তৰ্পণ কৰিব নোৱাৰে, তেওঁ পিতৃ অমৱস্যাৰ দিনা গংগাত স্নান কৰি পূৰ্বপুৰুষক জল তৰ্পণ কৰিব পাৰে । এনে কৰিলে পূৰ্বপুৰুষসকলে পৰিত্ৰাণ পায় ।

আজি সৰ্বপিতৃ অমৱস্যা: হিন্দু ধৰ্মত পিতৃপক্ষৰ প্ৰতিটো দিনেই গুৰুত্বপূৰ্ণ । পূৰ্বপুৰুষৰ শ্ৰাদ্ধ তেওঁলোকৰ মৃত্যুৰ তাৰিখৰ ভিত্তিত কৰা হয় । যদি কোনোবাই তাৰিখ পাহৰে, তেন্তে সৰ্বপিতৃ অমৱস্যাৰ দিনা পূৰ্বপুৰুষক ৰীতি-নীতি অনুসৰি স্মৰণ কৰিব লাগে । ইয়াৰ দ্বাৰা পূৰ্বপুৰুষৰ আত্মাই শান্তি লাভ কৰে আৰু সেই আত্মাই স্ব-স্থানলৈ গমন কৰে বুলি বিশ্বাস কৰা হয় । পিতৃপক্ষৰ অন্তিম দিনটো হৈছে সৰ্বপিতৃ অমৱস্যা আৰু সনাতন ধৰ্মত ইয়াৰ বিশেষ তাৎপৰ্য আছে বুলি ধৰা হয় ।

গংগাত স্নান কৰিবলৈ হৰিদ্বাৰত সমবেত ভক্ত: ধৰ্মীয় বিশ্বাস অনুসৰি গংগাত স্নান কৰিলে মানুহ সকলো পাপৰ পৰা মুক্ত হয় । দেৱ-দেৱীৰ পৰাও আশীৰ্বাদ লাভ কৰে । অমৱস্যা তিথিত গংগাত স্নান কৰাটো অতি উপকাৰী বুলি বিবেচিত হয় । বিশেষকৈ সৰ্বপিতৃ অমৱস্যাৰ দিনা গংগাত স্নান কৰাটো বিশেষ তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হয় ।

Ganga snan in Haridwar
হৰিদ্বাৰত গংগা স্নান (ETV Bharat)

কোৱা হয় যে অমৱস্যাৰ দিনা সকলো পূৰ্বপুৰুষ গংগালৈ যায় । তাৰ পিছত তাৰ পৰাই তেওঁলোকে নিজৰ পূৰ্বপুৰুষৰ স্থানলৈ ৰাওনা হয় । এনে পৰিস্থিতিত আজিৰ দিনটোত গংগাত স্নান কৰিলে পূৰ্বপুৰুষ সন্তুষ্ট হয় আৰু আত্মাই শান্তি পায় । যি ব্যক্তিৰ পূৰ্বপুৰুষৰ আশীৰ্বাদ আছে, তেওঁ জীৱনলৈ সুখ, সমৃদ্ধি আহে ।

সৰ্বপিতৃ অমাৱস্যাৰ শুভ সময়: আজি সৰ্বপিতৃ অমৱস্যা । যদি কোনোবাই পিতৃপক্ষৰ ১৫ দিনত শ্ৰদ্ধা বা তৰ্পন কৰা নাই, তেন্তে বুধবাৰে পিতৃ অমৱস্যাত ১৫ দিনৰ পৰিৱৰ্তে মাত্ৰ এদিনৰ বাবেহে শ্ৰদ্ধা কৰিব পাৰিব । ১ অক্টোবৰ মঙলবাৰে নিশা ৯:৩৯ বজাৰ পৰা আৰম্ভ হৈছে অমাৱস্যা । ৩ অক্টোবৰৰ নিশা ১২:১৮ বজাত ইয়াৰ অন্ত পৰিব । এনে পৰিস্থিতিত আজি ২ অক্টোবৰ বুধবাৰে সৰ্বপিতৃ অমৱস্যা উদযাপন কৰা হৈছে ।

এইদৰে পূৰ্বপুৰুষক তৰ্পন কৰিব পাৰে: ৰাতিপুৱা সোনকালে উঠি স্নান কৰি পৰিষ্কাৰ কাপোৰ পিন্ধি সূৰ্য দেৱতাক পানী আগবঢ়াওক । এই সময়ত পূৰ্বপুৰুষক ধ্যান কৰক । পানী আগবঢ়াওঁতে মুখখন দক্ষিণ দিশলৈ ৰাখক । হাতত কুশ আৰু ক’লা তিল লৈ তৰ্পন আগবঢ়াওক । বাৰ্লিও ব্যৱহাৰ কৰিব পাৰি । পূৰ্বপুৰুষৰ শান্তিৰ বাবে শাস্ত্ৰত উল্লেখ কৰা মন্ত্ৰ জপ কৰক । এনে কৰিলে পূৰ্বপুৰুষসকল সুখী হ’ব আৰু আজি অমাৱস্যাৰ দিনা সকলো পূৰ্বপুৰুষে নিজৰ বংশধৰক আশীৰ্বাদ দি পূৰ্বপুৰুষৰ স্ব-স্থানলৈ উভতি যাব ।

লগতে পঢ়ক: কি হয় পিতৃপক্ষ ? এই সময়ছোৱাত কি কৰিলে সন্তুষ্ট হ’ব পূৰ্বপুৰুষ - Pitru Paksha 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.