ETV Bharat / bharat

পুৰীৰ ঐতিহাসিক ৰথযাত্ৰা: ১ জন ভক্তৰ মৃত্যু, পদপিষ্ট হৈ আহত কেইবাজনো - Puri Rath Yatra

RATH YATRA 2024 : ৰথ যাত্ৰাৰ সময়ত এজন পুৰুষ ভক্তৰ মৃত্যু হোৱাৰ লগতে আন কেবাজনো লোক পদপিষ্ট হোৱাৰ ফলত আঘাতপ্ৰাপ্ত হয় ৷ ওড়িশাৰ পুৰীত আজিৰে পৰা দুদিনীয়াকৈ অনুষ্ঠিত হৈছে জগন্নাথ মহাপ্ৰভুৰ ৰথযাত্ৰা ৷

author img

By ETV Bharat Assamese Team

Published : Jul 7, 2024, 8:37 PM IST

Updated : Jul 7, 2024, 10:20 PM IST

RATH YATRA 2024
ৰথ যাত্ৰাৰ সময়ত এজন ভক্তৰ মৃত্যু (ETV BHARAT)

নেশ্যনেল ডেস্ক, 7 জুলাই : পুৰীৰ ৰথা যাত্ৰাত আজি সংঘটিত হ’ল এক দুৰ্ভাগ্যজনক ঘটনা ৷ খবৰ অনুসৰি ৰথ যাত্ৰাৰ সময়ত এজন পুৰুষ ভক্তৰ মৃত্যু হোৱাৰ লগতে আন কেবাজনো লোক পদপিষ্ট হোৱাৰ ফলত আঘাতপ্ৰাপ্ত হয় ৷

পুৰীত তালধ্বজ ৰথ টানি নিয়াৰ সময়তে এই ঘটনা সংঘটিত হয় ৷ প্ৰচণ্ড ভিৰত পদপিষ্ট হোৱাৰ ফলত কেবাজনো ভক্ত আঘাতপ্ৰাপ্ত হয় বুলি জানিব পৰা গৈছে ৷ আহত সকলোকে চিকিৎসাৰ বাবে পুৰী জিলা সদৰ চিকিৎসালয়লৈ লৈ যোৱা হয় ৷ অৱশ্যে, চিকিৎসকসকলে পুৰুষ ভক্তজনক মৃত বুলি ঘোষণা কৰে ৷ চিকিৎসকে সদৰী কৰা মতে শ্বাসৰুদ্ধ হৈ মৃত্যু হয় ভক্তজনৰ ৷

উল্লেখ্য যে, ওড়িশাৰ পুৰীত আজিৰে পৰা দুদিনীয়াকৈ অনুষ্ঠিত হৈছে জগন্নাথ মহাপ্ৰভুৰ ৰথযাত্ৰা ৷ এই ৰথযাত্ৰাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ দেশৰ বিভিন্ন প্ৰান্তৰ লোকৰ লগতে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু ৰাজ্যখনত উপস্থিত হয় ৷

দুদিনীয়াকৈ অনুষ্ঠিত পুৰীৰ ৰথযাত্ৰাত দেশৰ সমগ্ৰ প্ৰান্তৰ পৰা ভক্তসকল আহি জগন্নাথ মন্দিৰৰ বাকৰিত সমবেত হৈছে ৷ ৰথযাত্ৰা, যাক জনপ্ৰিয়ভাৱে ৰথ উৎসৱ বুলিও জনা যায়, পুৰীৰ জগন্নাথ মন্দিৰৰ দৰেই পুৰণি বুলি বিশ্বাস কৰা হয় ।

ইফালে, দেওবাৰে বিয়লি হাজাৰ হাজাৰ লোকে পুৰীৰ দ্বাদশ শতিকাৰ জগন্নাথ মন্দিৰৰ পৰা প্ৰায় ২.৫ কিলোমিটাৰ দূৰত থকা গুণ্ডিচা মন্দিৰৰ ফালে বিশাল ৰথ আগবঢ়াই নিয়ে। পুৰী শংকৰাচাৰ্য স্বামী নিচলনাদা সৰস্বতীয়ে তেওঁৰ শিষ্যসকলৰ সৈতে ভগৱান জগন্নাথ, ভগৱান বলভদ্ৰ আৰু দেৱী সুভদ্ৰাৰ ৰথ পৰিদৰ্শন কৰাৰ পিচত সন্ধিয়া প্ৰায় ৫.২০ বজাত ৰথ টনা আৰম্ভ হয় ৷

হিন্দু বৰ্ষপঞ্জী অনুসৰি আহাৰ মাহৰ শুক্লপক্ষৰ দ্বিতীয়া তিথিত পালন কৰা হয় এই ৰথযাত্ৰা ৷ ওড়িশাৰ পুৰীত চলিত বছৰৰ জগন্নাথৰ ৰথযাত্ৰা দেওবাৰৰ পৰা আৰম্ভ হৈছে ৷

লগতে পঢ়ক : পুৰীৰ ঐতিহাসিক ৰথযাত্ৰাৰ সাক্ষী হৈ ৰ’ল ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু - RATH YATRA 2024

Last Updated : Jul 7, 2024, 10:20 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.