ETV Bharat / bharat

কথমপি প্ৰাণ ৰক্ষা ৮০ যাত্ৰীৰ; পাটনা বিমানবন্দৰত জৰুৰী অৱতৰণ শ্বিলং অভিমুখী স্পাইচজেটৰ বিমান - SPICEJET FLIGHT EMERGENCY LANDING

স্পাইচজেটৰ এখন বিমানে পাটনাত জৰুৰী অৱতৰণ কৰে । পাইলটৰ বাবে ৰক্ষা পৰে ৮০ গৰাকী যাত্ৰীৰ জীৱন ।

SpiceJet Flight emergency landing
পাটনা বিমানবন্দৰত জৰুৰী অৱতৰণ স্পাইচজেটৰ বিমান (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Dec 9, 2024, 7:03 PM IST

পাটনা : পাইলটৰ প্ৰত্যুৎপন্নমতিতাৰ বাবেই এক ডাঙৰ বিমান দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰে যাত্ৰীসকল । দিল্লীৰ পৰা শ্বিলঙলৈ উৰামৰা এখন বিমানত হঠাতে বিজুতিৰ সৃষ্টি হয় । যাৰবাবে বিমানখনে পাটনা বিমানবন্দৰত জৰুৰী অৱতৰণ কৰিবলগা হয় । লগতে যাত্ৰীসকলে এক আসন্ন বিপদৰ পৰা ৰক্ষা পৰি স্বস্তিৰ নিশ্বাস পেলায় ।

বিমানখনে উৰামৰাৰ পিচতে পাইলটজনে ককপিটৰ উইণ্ডস্ক্ৰীণত এটা ফাঁট লক্ষ্য কৰে । পাইলটজনৰ মতে, এটা চৰায়ে বিমানখনত খুন্দা মৰাৰ পিছত উইণ্ডস্ক্ৰীণখন ভাঙি যায় আৰু টাৰ্বোফেন ক্ষতিগ্ৰস্ত হয় । লগে লগে পাইলটজনে কৰ্মচাৰীসকলক এই বিষয়ে অৱগত কৰে । পুৱা ৯ বজাত এই ঘটনাটো সংঘটিত হয় আৰু সেই সময়ত বিমানখন পাটনাৰ ওপৰেৰে পাৰ হৈ গৈ আছিল ।

লগে লগে পাইলটজনে যান-বাহন নিয়ন্ত্ৰণ অৰ্থাৎ পাটনা এ টি চিক বিষয়টো অৱগত কৰে আৰু পাটনা বিমানবন্দৰত জৰুৰী অৱতৰণৰ অনুমতি বিচাৰে । এই বিষয়টো বিমানবন্দৰৰ বিষয়াসকলকো জনোৱা হয় । অৱতৰণৰ অনুমতি পোৱাৰ পিচত এছ জি 2950 নম্বৰৰ বিমানখনে পাটনা বিমানবন্দৰত জৰুৰী অৱতৰণ কৰে ।

জানিব পৰা মতে, সেই সময়ত বিমানখন পাটনা বিমানবন্দৰৰ পৰা এক কিলোমিটাৰ দূৰৈত আছিল । বিমানখনত ৮০ গৰাকী যাত্ৰী আছিল । কিন্তু পাইলটজনৰ দূৰদৰ্শিতাৰ বাবেই বিমানখনত থকা ৮০ গৰাকী যাত্ৰীৰ জীৱন ৰক্ষা পৰে আৰু বিমানখন সুৰক্ষিতভাৱে অৱতৰণ কৰায় ।

অ' এ জি ফ্লাইট ভিউৱে নিজৰ ৱেবছাইটত বিমানখনৰ বিষয়ে তথ্য প্ৰদান কৰিছে । আনহাতে, দিল্লীৰ পৰা শ্বিলঙলৈ যোৱা স্পাইচজেটৰ ২৯৫০ নম্বৰৰ বিমানখন বাতিল কৰা হয় । পাটনা বিমানবন্দৰৰ পৰা আন এখন বিমানেৰে যাত্ৰীসকলক শ্বিলঙলৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰা হয় ।

লগতে পঢ়ক :একেলগে সন্ধিয়াৰ চাহকাপ খাই চিৰদিনলৈ চকু মুদিলে একেটা পৰিয়ালৰ তিনি সদস্যই
লগতে পঢ়ক :পুৱাই হাহাকাৰ লাগিল ! বোমাৰে ৪০ খনকৈ স্কুল উৰুৱাই দিয়াৰ ভাবুকি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.