ETV Bharat / bharat

আইপিএল জুৱা, দিল্লী আৰক্ষীৰ জালত ৩ জুৱাৰী - IPL betting

author img

By ANI

Published : Apr 30, 2024, 8:51 AM IST

IPL betting: যোৱা ২৭ এপ্ৰিলত অনুষ্ঠিত দিল্লী কেপিটেলছ আৰু মুম্বাই ইণ্ডিয়ানছৰ মাজৰ খেলখনৰ সময়ত চলিছিল জুৱা । আইপিএল বেটিঙৰ অভিযোগত আৰক্ষীয়ে ৩ জুৱাৰীক গ্ৰেপ্তাৰ কৰিছে ।

IPL betting
আইপিএল জুৱা, দিল্লী আৰক্ষীৰ জালত ৩ জুৱাৰী

নেশ্যনেল ডেস্ক, ৩০ এপ্ৰিল : আইপিএলৰ জ্বৰত আক্ৰান্ত সমগ্ৰ দেশবাসী ! চলিত আইপিএলৰ ইতিমধ্যে প্ৰায় ৪৫ খন খেল সম্পূৰ্ণ হৈছে । ইফালে আইপিএলৰ বৃহৎ জনপ্ৰিয়তাৰ বাবেই দেশত জুৱাৰী চক্ৰই গা কৰি উঠা দেখা যায় । আইপিএলৰ খেল আৰম্ভ হ'লেই দেশৰ ভিন্ন প্ৰান্তত জুৱা আৰম্ভ হয় ।

শেহতীয়াকৈ মুম্বাই ইণ্ডিয়ানছ আৰু দিল্লী কেপিটেলছৰ মাজত অনুষ্ঠিত হোৱা আইপিএল খেলখনৰ সময়ত বেটিং বা জুৱা খেলৰ অভিযোগত ৩ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে । দিল্লী আৰক্ষীৰ এটা দলে প্ৰদীপ শৰ্মা ওৰফে ববি (৩৩), মোহিত অৰোৰা (৩৫) আৰু মুকেশ শৰ্মা (৪৪) নামৰ তিনিজন লোকক আইপিএল বেটিঙৰ অভিযোগত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।

অভিযুক্তসকলৰ পৰা এটা লেপটপ, ৬ টা মোবাইল ফোন, এটা এলইডি টিভি, এটা ৰাউটাৰ আৰু ২০,৫০০ টকা উদ্ধাৰ কৰা হৈছে বুলিও আৰক্ষীয়ে জনাইছে । আৰক্ষীৰ মতে কৃষ্ণ নগৰ আৰক্ষী থানাত জুৱা আইনৰ অধীনত এটা গোচৰো ৰুজু কৰা হৈছে । আৰক্ষীয়ে ধৃত লোককেইজনক জেৰা অব্যাহত ৰাখিছে ।

  • " class="align-text-top noRightClick twitterSection" data="">

জুৱা প্ৰতিৰোধ আইন আৰু টেলিগ্ৰাফ আইনৰ অধীনত আইপিএল বেটিং অবৈধ । খেলখনত দিল্লী কেপিটেলছে আইপিএলৰ সৰ্বাধিক মুঠ ৰাণৰ টাৰ্গেট অতিক্ৰম কৰে ।

জেক ফ্ৰেজাৰ-মেকগুৰ্কৰ শক্তিশালী নক, তাৰ পিচত ৰাশিখ দাৰ ছালাম, মুকেশ কুমাৰ আৰু খলিল আহমেদৰ চুপাৰচাৰ্জড পেচ আক্ৰমণে দিল্লী কেপিটেলছক মুম্বাই ইণ্ডিয়ানছক ১০ ৰাণত পৰাস্ত কৰাত সহায় কৰে ।

হাই স্ক'ৰিং মেচখনত ৰাশিখে দিল্লীৰ হৈ ৩৪ ৰাণ দি ৩ উইকেট দখল কৰিছিল, আনহাতে মুকেশেও ৩ টা উইকেট লৈছিল । মুম্বাইৰ হৈ তিলক বৰ্মাই ৬৩ ৰাণ সংগ্ৰহ কৰে, আনহাতে অধিনায়ক হাৰ্দিক পাণ্ডিয়াই ৪৬ ৰাণ সংগ্ৰহ কৰে ৷ ইয়াৰ পূৰ্বে প্ৰথমে বেটিং কৰি দিল্লীৰ বেটছমেন জেক ফ্ৰেজাৰ-মেকগুৰ্ক, ট্ৰিষ্টান ষ্টবছ আৰু শ্বাই হোপে দলটোক ৫ বাৰৰ চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছ (এমআই)ৰ বিৰুদ্ধে ২৫৭ ৰাণৰ বিশাল স্ক'ৰত উপনীত হোৱাত সহায় কৰে ।

লগতে পঢ়ক : দিল্লীৰ বিৰুদ্ধে ৭ উইকেটত জয় লাভ কলকাতাৰ - IPL 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.