ETV Bharat / bharat

দিল্লীৰ সুৰা নীতি কেলেংকাৰী : ২৪ মে’ত কবিতাৰ জামিনৰ পৰৱৰ্তী শুনানি - K Kavita bail application

author img

By ETV Bharat Assamese Team

Published : May 10, 2024, 6:00 PM IST

Delhi HC notice to ED: দিল্লী উচ্চ ন্যায়ালয়ে বিআৰএছ নেত্ৰী কে কবিতাৰ জামিন আবেদন সন্দৰ্ভত ইডি আৰু চিবিআইলৈ জাননী জাৰি কৰিছে । এই গোচৰৰ পৰৱৰ্তী শুনানি হ’ব ২৪ মে’ত ।

Delhi HC notice to ED
দিল্লীৰ সুৰা নীতি কেলেংকাৰী (ETV Bharat Delhi)

নেশ্যনেল ডেস্ক, ১০ মে’ : দিল্লী সুৰা নীতিৰ সৈতে জড়িত ধন সৰবৰাহৰ গোচৰত গ্ৰেপ্তাৰ হোৱা ভাৰত ৰাষ্ট্ৰ সমিতিৰ নেতা কে কবিতাৰ জামিন আবেদন সন্দৰ্ভত দিল্লী উচ্চ ন্যায়ালয়ে ইডি আৰু চিবিআইক জাননী জাৰি কৰিছে । ন্যায়াধীশ স্বৰ্ণকান্ত শৰ্মাৰ বিচাৰপীঠে ইডিক ২৪ মে’ ৰ ভিতৰত ইয়াৰ উত্তৰ দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে ।

এতিয়া ২৪ মে’ত শুনানি হ’ব এই গোচৰৰ । দৰাচলতে নিম্ন আদালতৰ পৰা জামিন লাভ নকৰাত দিল্লী উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল বি আৰ এছৰ নেতাগৰাকীয়ে । তেওঁ কৈছিল যে, বিচাৰ আদালতৰ (trial court) নিৰ্দেশ বৈধ নহয় ৷

আবেদনত কে কবিতাই উল্লেখ কৰে যে, তেওঁ দুটা সন্তানৰ মাতৃ ৷ ইয়াৰে এটি সন্তান নাবালক ৷ কবিতাৰ গ্ৰেপ্তাৰৰ পাচতে এটি শিশু মানসিকভাৱে ভাগি পৰে আৰু বৰ্তমান চিকিৎসকৰ তত্বাৱধানত আছে এই শিশুটি ।

উল্লেখ্য যে, কবিতাক ১১ এপ্ৰিলত চিবিআয়ে গ্ৰেপ্তাৰ কৰিছিল । চিবিআইৰ মতে, দিল্লী আবকাৰী কেলেংকাৰীৰ গোচৰত কে কবিতাও জড়িত আছিল । সেয়ে ইডিয়ে ১৫ মাৰ্চত হায়দৰাবাদৰ বাঞ্জাৰা হিলছৰ নিজা বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰিছিল কে কবিতাক ।

ইডিৰ মতে, আগতে কবিতাই ইণ্ডোস্পিৰিটছৰ জৰিয়তে ৩৩ শতাংশ অবৈধ ধন লাভ কৰিছিল আৰু তেওঁ সুৰা ব্যৱসায়ীৰ লবী চাউথ গ্ৰুপৰ সৈতে জড়িত আছিল । ইডিয়ে কবিতাক সোধ-পোছৰ খাতিৰত দুবাৰকৈ চমন পঠিয়াইছিল যদিও কবিতাই সেইবোৰক আওকাণ কৰি ইডিৰ কাৰ্যালয়ত উপস্থিত হোৱা নাছিল । যাৰ বাবে কবিতাৰ ঘৰত অভিযান চলাইছিল ইডিয়ে ৷

আনকি পৰৱৰ্তী পৰ্যায়ত ইডিৰ হাতত গ্ৰেপ্তাৰো হ’বলগাত পৰিছিল কবিতা । মন কৰিবলগীয়া যে, কে কবিতা হৈছে তেলেংগানাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কে. চন্দ্ৰশেখৰ ৰাওৰ কন্যা ।

লগতে পঢ়ক : তিহাৰ কাৰাগাৰৰ আলহী হ'ল কে কবিতা - Delhi liquor case

দিল্লীৰ সুৰা নীতি কেলেংকাৰী : লাভালাভৰ বিনিময়ত কে কবিতাই আপ নেতাক দিছিল ১০০ কোটি টকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.