ETV Bharat / bharat

দিল্লীৰ কোচিং চেণ্টাৰৰ ঘটনাৰ তদন্তৰ বাবে কমিটী গঠন কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ - Ministry of Home Affairs

author img

By ANI

Published : Jul 29, 2024, 10:37 PM IST

Delhi coaching centre deaths: কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে নতুন দিল্লীৰ পুৰণি ৰাজিন্দৰ নগৰৰ কোচিং চেণ্টাৰত সংঘটিত হোৱা দুৰ্ভাগ্যজনক কাণ্ডৰ তদন্তৰ বাবে এখন সমিতি গঠন কৰিছে । এই সমিতিখনে এই ঘটনাৰ পৰিস্থিতি পৰীক্ষা কৰি দায়বদ্ধ পক্ষক চিনাক্ত কৰি ভৱিষ্যতে এনেধৰণৰ ঘটনা ৰোধৰ ব্যৱস্থাৰ পৰামৰ্শ আগবঢ়াব । কমিটীখনে ৩০ দিনৰ ভিতৰত দাখিল কৰিব লাগিব প্ৰতিবেদন ৷

Delhi coaching centre deaths
দিল্লী কোচিং চেণ্টাৰৰ ঘটনাৰ তদন্তৰ বাবে কমিটী গঠন কেন্দ্ৰীয় গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ (Etv Bharat)

নেশ্যনেল ডেস্ক, ২৯ জুলাই : দিল্লীৰ পুৰণি ৰাজিন্দৰ নগৰত কোচিং চেণ্টাৰৰ বেছমেণ্টত হঠাতে পানী প্ৰৱেশ কৰাৰ ফলত তিনিগৰাকী ছাত্ৰৰ মৃত্যু হোৱা ঘটনাৰ তদন্তৰ বাবে সোমবাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে এখন উচ্চ পৰ্যায়ৰ কমিটী গঠন কৰে ৷ এই কমিটীখনক পৰিস্থিতিৰ ওপৰত গুৰুত্ব আৰোপ কৰা, দায়বদ্ধ পক্ষক চিনাক্ত কৰা আৰু ভৱিষ্যতে এনে কাণ্ড ৰোধ কৰাৰ বাবে প্ৰয়োজনীয় পৰামৰ্শ আগবঢ়াবলৈ দায়িত্ব দিয়া হৈছে ।"

গৃহ মন্ত্ৰণালয়ৰ মুখপাত্ৰই 'X' ত ধাৰাবাহিকভাৱে পোষ্ট কৰি কয়, "নতুন দিল্লীৰ পুৰণি ৰাজিন্দৰ নগৰৰ এটা কোচিং চেণ্টাৰত সংঘটিত দুৰ্ভাগ্যজনক ঘটনাৰ তদন্তৰ বাবে এম এইচ এই এখন কমিটী গঠন কৰিছে । কমিটীয়ে কাৰণসমূহৰ তদন্ত কৰি দায়িত্ব নিৰ্ধাৰণ কৰিব, ব্যৱস্থাৰ পৰামৰ্শ দিব আৰু নীতি পৰিৱৰ্তনৰ পৰামৰ্শ দিব ।"

লগতে পঢ়ক: পানীয়ে প্ৰাণ কাঢ়িলে তিনিগৰাকীকৈ ইউ পি এছ চি প্ৰত্যাশীৰ - Rau’s IAS Study circle in Delhi

মুখপাত্ৰগৰাকীয়ে আৰু কয়, "কমিটীৰ আহ্বায়ক হিচাপে গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰণালয়ৰ অতিৰিক্ত সচিব, দিল্লী চৰকাৰৰ প্ৰধান সচিব (গৃহ), আৰক্ষী আয়ুক্ত (দিল্লী আৰক্ষী), অগ্নিনিৰ্বাপক উপদেষ্টা আৰু এম এইচ এৰ যুটীয়া সচিব থাকিব ৷ ৩০ দিনৰ পিচত কমিটীয়ে প্ৰতিবেদন দাখিল কৰিব ।"

শনিবাৰে নিশা ধাৰাসাৰ বৰষুণৰ সময়ত দিল্লীৰ পুৰণি ৰাজিন্দৰ নগৰত আই এ এছ চেণ্টাৰৰ এটা বেছমেণ্টৰ লাইব্ৰেৰী পানীত বুৰ যোৱাৰ ফলত চাৰি ঘণ্টাৰো অধিক সময় পানীত আৱদ্ধ হৈ তিনিজন ইউ পি এছ চি প্ৰত্যাশীৰ মৃত্যু হয় ৷ মৃত তিনিজন উত্তৰ প্ৰদেশৰ আম্বেদকাৰ নগৰ জিলাৰ বাসিন্দা শ্ৰেয়া যাদৱ, তেলেংগানাৰ তনয়া ছোনী আৰু কেৰালাৰ এনাৰকুলামৰ বাসিন্দা নিভিন ডালউইন বুলি চিনাক্ত কৰা হৈছে ৷

লগতে পঢ়ক: সতীৰ্থৰ মৃত্যুৰ ন্যায়ৰ দাবীত প্ৰতিবাদত বহিল ইউ পি এছ চি প্ৰত্যাশী - Rau’s IAS Study circle in Delhi

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.