মেষ ৰাশি : লক্ষ্মীদেৱীৰ আশীৰ্বাদ লাভ কৰিব, আৰ্থিক লাভৰ সময় । সামাজিকভাৱে খ্যাতি আৰু মৰ্যাদা বৃদ্ধি পাব । আপোনাৰ ব্যৱসায়ৰো সম্প্ৰসাৰণ হ’ব । জীৱনৰ নতুন অধ্যায় আৰম্ভ কৰিবলৈ অপেক্ষা কৰি থকাসকলে শীঘ্ৰেই বিবাহৰ সংবাদ লাভ কৰিব । পিছবেলালৈ কিছু স্বাস্থ্যজনিত সমস্যাই দেখা দিব পাৰে । সন্ধিয়া পৰিয়ালৰ সৈতে আলোচনা এৰাই চলক, মতানৈক্য হ’ব পাৰে ।
বৃষ ৰাশি : ব্যৱসায়ৰ বাবে এটা সুন্দৰ দিন । কৰ্মস্থলীত প্ৰশংসা শুনিবলৈ পাব । নাম, যশ আৰু সামাজিক মান্যতা অৰ্জন কৰিব । আৰ্থিক লাভ হোৱাৰ সম্ভাৱনা অছে । সংগীৰ লগত আনন্দময় সময় কটাব পাৰিব । নতুন কাম আৰম্ভ কৰিবৰ বাবে সঠিক সময় । প্ৰকৃতিৰ কোনো সুন্দৰ স্থানত সন্ধিয়াটো কটাওক ।
মিথুন ৰাশি : কৰ্মস্থলীত অধীনস্থ বা জ্যেষ্ঠসকলৰ লগত সম্পৰ্ক বেয়া নকৰিব । অলপ আপোচ কৰাৰ চেষ্টা কৰক, আপুনি নিজৰ লগতে আনৰ বাবেও সুন্দৰ পৰিবেশ সৃষ্টি কৰিব পাৰিব । আৰাম আৰু বিলাসিতাত ব্যয় কৰাৰ সম্ভাৱনা আছে । মনৰ সুখী স্থিতিয়ে আপোনাৰ ঘৰুৱা পৰিবেশ শান্ত কৰি ৰাখিব । অপ্ৰত্যাশিত আৰ্থিক লাভৰ সম্ভাৱনা আছে ।
ককৰ্ট ৰাশি : সাৱধানতা অবলম্বন কৰক । অবৈধ আৰু অনৈতিক কামৰ পৰা বিৰত থাকক, বংশৰ নাম নষ্ট কৰিব পাৰে । কঠোৰ শব্দ প্ৰয়োগ কৰাৰ আগতে ভাবি চাওক; আনক আহত কৰিব পাৰে । কৰ্মস্থলীত আনৰ ব্যৱহাৰৰ বাবে হতাশ হ’ব পাৰে আপুনি । প্ৰতিদ্বন্দ্বীৰ লগত বিবাদ বৃদ্ধি পাব কিন্তু কৰ্মস্থলীত কাজিয়া কৰাৰ পৰা বিৰত থাকক । আত্ম-সহায়ক কিতাপ পঢ়ি উপকৃত হ’ব ।
সিংহ ৰাশি : দিনটো আপুনি এক সুস্থ শাৰীৰিক আৰু মানসিক স্থিতিত থাকিব । বন্ধুবৰ্গ আৰু পৰিয়ালৰ লগত সময় কটোৱাৰ বাবে উপযুক্ত দিনটো, তেওঁলোকৰ লগত ফুৰিবলৈ যাব পাৰে । ব্যৱসায়ত অংশীদাৰৰ লগত এটা ভাল চুক্তি লাভ কৰিব । দিনটোৰ দ্বিতীয়ভাগলৈ অপ্ৰত্যাশিত ব্যয়ৰ বাবে কিছু আৰ্থিক সমস্যাৰ সন্মুখীন হ’ব পাৰে । কোনো ধৰ্মীয় স্থানত ভগৱানৰ নাম লৈ শান্তি লাভ কৰিব ৷ যোগাসনে আপোনাক অলপ সকাহ দিব ।
কন্যা ৰাশি : আজি আপুনি অধিক আবেগিক আৰু অধিক সংবেদনশীল হৈ থকাৰ সম্ভাৱনা আছে । ই আপোনাক কামত মনোনিবেশ কৰাত সহায় কৰিব পাৰে । আপোনাৰ সুখী মনোভাৱ আৰু সফলতাসমূহে আপোনাক প্ৰশংসাৰ পাত্ৰ কৰি তুলিব । মাতৃৰ ফালৰ পৰা ভাল খবৰ লাভৰ সম্ভাৱনা । পাৰিবাৰিক পৰিবেশ আজি শান্ত হৈ থাকিব । ওচৰৰ কোনো স্থানলৈ ভ্ৰমণ কৰিবলৈ যাওক আৰু পৰিয়ালৰ লগত সময় উপভোগ কৰক ।
তুলা ৰাশি : আপোনাৰ কল্পনা কৰাৰ ক্ষমতা সৰ্বশ্ৰেষ্ঠ ৰূপত আছে যাৰ জৰিয়তে আপোনাৰ সৃষ্টিশীল দক্ষতাক সফলতাৰে ব্যৱহাৰ কৰিব পাৰিব । চিন্তাৰ পাকচক্ৰই আপোনাক সমস্যা আৰু চাপত পেলাব পাৰে । যদি সম্ভৱ হয়, আপোনাৰ অফিচৰ যাত্ৰা পিছুৱাই দিয়ক । অপ্ৰত্যাশিত ব্যয় হ’ব পাৰে । কৰ্মস্থলীত সফলতাৰে আপোনাৰ কাম সম্পূৰ্ণ কৰিব পাৰিব; ই আপোনাক মান্যতা প্ৰদান কৰিব । পৰিয়ালৰ লগত ৰাতিৰ আহাৰ গ্ৰহণ কৰক আৰু সাধাৰণ কথোপকথনেৰে দিনটোৰ অন্ত পেলাওক ।
বৃশ্চিক ৰাশি : ব্যক্তিগত আৰু শিক্ষাগত দিশত লাভান্বিত হ’ব । শিক্ষাৰ্থীয়ে অধ্যয়নত বাঞ্চিত ফল লাভ কৰিব পাৰে । সফল সম্পৰ্কৰ চাবিকাঠি হ’ল বুজাপৰা আৰু সমন্বয়; এই মনোভাৱ প্ৰয়োগ কৰক আৰু আপুনি বহুতো সমস্যা সমাধান কৰিব পাৰিব । আজি নতুন কাম আৰম্ভ নকৰাই ভাল । পোচাক আৰু গহনা ক্ৰয় কৰি আপুনি সময় উপভোগ কৰিব পাৰে; কিন্তু ধ্যান দিব যাতে অত্যধিক ব্যয় নকৰে । একে লেথাৰিয়ে চিন্তা কৰি থকাৰ পৰা মনটোক বিৰতি দিয়ক ।
ধনু ৰাশি : এটা সাধাৰণ দিন । সু স্বাস্থ্যই আপোনাক উৎসাহিত আৰু আনন্দিত কৰি ৰাখিব । বন্ধুবৰ্গ আৰু পৰিয়ালৰ লগত চমু ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে । প্ৰিয়জনৰ লগত সময় কটাবৰ বাবে সোণালী সুযোগ পাব । দিনটোৰ পিছবেলা আচবাব আৰু গৃহসজ্জাৰ সামগ্ৰী ক্ৰয় কৰাৰ সম্ভাৱনা আছে । সম্পত্তি সম্বন্ধীয় আইনী নথিপত্ৰত হস্তাক্ষৰ কৰোতে সাৱধান হওক ।
মকৰ ৰাশি : অবাঞ্চিত পৰিস্থিতিত নপৰিবৰ বাবে মনে মনে থকাই উচিত । মানসিক শান্তি লাভৰ বাবে আপুনি আপোনাৰ ধনৰ এক বৃহৎ পৰিমাণ ধৰ্মীয় কাৰ্য, ৰীতি-নীতিত ব্যয় কৰিব পাৰে । দিনটোৰ পিচৰ ভাগলৈ আপুনি অধিক আনন্দিত অনুভৱ কৰিব । সময়খিনি পৰিয়াল আৰু বন্ধুবৰ্গৰ লগত কটাই উপভোগ কৰক ।
কুম্ভ ৰাশি : আজি আপুনি ধৰ্মীয় দিশত আকৰ্ষণ অনুভৱ কৰিব । নেতিবাচক চিন্তা এৰাই চলক আৰু ইতিবাচক চিন্তাৰে মানসিক ভাৰসাম্য বৰ্তাই ৰাখক । ই আপোনাক শক্তিশালী আৰু উৎসাহী কৰি ৰাখিব । সন্ধিয়ালৈ কোনো ধৰ্মীয় অনুষ্ঠানত অংশ ল’ব পাৰে । শিক্ষাৰ্থীৰ বাবে এটা ভাল দিন হ’ব । অপ্ৰত্যাশিত আৰ্থিক লাভৰ সম্ভাৱনা আছে । সন্ধিয়া পৰিয়ালৰ লগত সময় কটাওক ।
মীন ৰাশি : আপোনাৰ শক্তিসমূহ গোটাওক আৰু এক ইতিবাচক দিশত প্ৰয়োগ কৰক ৷ ধ্যানসাধনা আৰু যোগাসন কৰক । পৰিয়ালৰ লোক আৰু প্ৰিয়জনৰ লগত বিবাদ হ’ব পাৰে । আপোনাৰ জিভাক নিয়ন্ত্ৰণত ৰাখক । দুপৰীয়াৰ পিচত আপুনি চিন্তা কৰা আৰু কথা কওতে এক ইতিবাচক পৰিৱৰ্তন দেখিবলৈ পাব আৰু এই মানসিক স্থিতিয়ে আপোনাক আনন্দিত আৰু সন্তুষ্ট কৰিব । বন্ধুবৰ্গ আৰু প্ৰিয়জনক লগ কৰিব পাৰে । ঘৰত সুখময় পৰিৱেশ বৰ্তি থাকিব । ব্যয় সীমিত কৰক ।
লগতে পঢ়ক : ৰাশিফল অনুসৰি চলিত সপ্তাহত প্ৰেম, শিক্ষা, ব্যৱসায়, কৰ্ম আদিৰ কেনে ফলাফল লাভ কৰিব ? - WEEKLY HOROSCOPE