ETV Bharat / bharat

আজিৰ দিনটোৰ ৰাশিফল - Daily Horoscope For 1st May

author img

By ETV Bharat Assamese Team

Published : May 1, 2024, 12:30 AM IST

Daily Horoscope For 1st May 2024
আজিৰ দিনটোৰ ৰাশিফল

Daily Horoscope For 1st May: কেনে যাব আপোনাৰ আজিৰ দিনটো ? জানিবলৈ চাওক আজিৰ দিনটোৰ ৰাশিফল...

মেষ ৰাশি: আপোনাৰ চাৰিওফালৰ পৰিৱেশক নান্দনিকভাৱে অধিক উন্নত কৰি তোলাৰ এক তীব্ৰ আকাংক্ষা অনুভৱ কৰিব৷ আপুনি কোনো নাৰীৰ পৰা বিশেষকৈ নিজৰ মাতৃৰ পৰা প্ৰশংসা আৰু উদগণি পাই থকালৈকে আপুনি কামৰ কাৰণে অ’ত ত’ত দৌৰি ফুৰিবলৈ বেয়া নাপাব ৷ পৰিয়াল সম্বন্ধীয় বিষয়ত আলোচনা কৰিলে সেয়া ফলদায়ক হ’ব, যাৰ ফলত আপুনি পৰিতৃপ্ত হ’ব ৷ ইয়াৰ পিছতো আপোনাৰ যদি এনেকুৱা লাগে যে কিবা যেন অভাৱ আছে, তথাপি আশা এৰি নিদিব ৷

বৃষ ৰাশি: বিদেশত কামৰ বাবে থকা আপোনাৰ বন্ধু আৰু আত্মীয়-স্বজনৰপৰা ইতিবাচক খবৰ পাব ৷ যাৰ ফলত আপুনি উৎসাহিত অনুভৱ কৰিব, আৰু আপুনি ভ্ৰমণৰ পৰিকল্পনাও কৰিব পাৰে ৷ যিসকলে বিদেশত গৈ পঢ়া-শুনা কৰিব বিচাৰে বা ইনটাৰ্ণ হ’ব বিচাৰে, তেওঁলোকৰ কাৰণে সময় অনুকূল ৷ তীৰ্থযাত্ৰা বা ছুটী কটোৱাৰ বাবে ভ্ৰমণৰ যোগ আছে ৷ এইবোৰ আপোনাক আনন্দ দি থাকিব ৷ আপোনাৰ এই আনন্দপূৰ্ণ মন কৰ্মক্ষেত্ৰত সহায়ক হৈ উঠিব, কাৰণত তাত স্বাভাৱিকৰ তুলনাত আজি অধিক কাম কৰিবলগীয়া থাকিলেও আপুনি ইয়াক লৈ মুঠেও চিন্তা নকৰিব ৷ প্ৰচুৰ লাভৱান হ’ব আৰু বিনিয়োগৰ কাৰণেও সময় অনুকূল ৷

মিথুন ৰাশি: কোনো পৰিস্থিতি সম্বন্ধে আপোনাক কোনোবাই নেতিবাচক তথ্য দিলে তেওঁৰ পৰা দূৰত থাকক ৷ আপুনি যদি সকলো ভাল বুলি ভাবে, তেতিয়া সকলো আপোনাৰ কাৰণে ভালেই হ’ব ৷ ইতিবাচক হৈ থাকক ৷ নহ’লে নেতিবাচক মনোভাৱ, আৰ্থিক কষ্ট আৰু আপুনি ভোগ কৰা আটাইবোৰ সমস্যাই আপোনাক ভুল পথত লৈ যাব ৷ যাৰ ফলত আপুনি শেষত গৈ ধৈৰ্য হেৰাই মূৰ গৰম কৰি পেলাব পাৰে ৷ শান্ত হৈ থাকক আৰু নিৰাশাবাদীসকলৰপৰা দূৰত থাকক ৷ সকলো প্ৰকাৰ উদ্বেগ আৰু নেতিবাচক মনোভাৱ দূৰ কৰিবলৈ আপুনি ধ্যান আৰু প্ৰাৰ্থনা কৰিবই লাগিব ৷ আপোনাৰ যদি পূৰ্বনিৰ্ধাৰিত কোনো চিকিৎসা কৰাবলগীয়া থাকে, তেতিয়া হ’লে তাৰ দিন পিছুৱাই দিয়ক৷

কৰ্কট ৰাশি: বিলাসীতা, বৈভৱ আৰু জীৱনৰ আটাইবোৰ ভাল ভাল বস্তু আজি আপোনাক আনন্দ দি থাকিব ৷ বৃত্তিমূলক আৰু আৰ্থিক সকলো বস্তুৰ কাৰণে আজিৰ দিনটো বৰ সৌভাগ্যশালী ৷ ধনবৃদ্ধি আৰু ব্যৱসায়ৰ উন্নতি হ’ব ৷ আজি আপুনি শাৰীৰিক আৰু মানসিকভাৱে স্থিৰতা আৰু সক্ৰিয়তা অনুভৱ কৰিব, আজিৰ এই সমস্যাবিদীৰ্ণ পৃথিৱীক এই অৱস্থাক ভাল বুলিয়ে ক’ব লাগিব ৷ আপোনাৰ সামাজিক মৰ্যাদাও ইতিবাচক দিশা পাব, যাৰ ফলত আপুনি অতি অৱশ্যেই একেবাৰে আন্তৰিকভাৱে তৃপ্তি পাব ৷ এতিয়া ভ্ৰমণ কৰাৰ কথা ভাবিলে আৰু তাৰ পৰিকল্পনা ল’লে ফলদায়ক হ’ব ৷ দিনটো উপভোগ কৰক!

সিংহ ৰাশি: আপোনাৰ বিস্ফোৰক খং কেনেকৈ নিয়ন্ত্ৰণ কৰিব সেয়া জানি লওঁক ৷ গ্ৰহৰ অৱস্থানে আপোনাৰ বাবে দিনটোক মধ্যমীয়া কৰি ৰাখিব ৷ গতিকে আজি কোনো নোহোৱা বা অভূতপূৰ্ব কোনো ঘটনা নঘটে ৷ শান্তভাৱে দিনটো পাৰ হ’ব, যেনেকৈ চলি আছে তেনেকৈয়ে চলিব আপুনি, তাৰ মাজতেই কিছু স্বাভাৱিক পৰিৱৰ্তন আহিব ৷ কিন্তু অপ্ৰত্যাশিত একো ঘটনা নঘটে ৷ দৈনন্দিন কামকাজত সংঘাত আৰু বিবাদ এৰাই চলিবলৈ নিজৰ মূৰ ঠাণ্ডা ৰাখক ৷ মাতৃৰ স্বাস্থ্যৰ অৱনতি হোৱাৰ ফলত আপুনি আজি অ’ত ত’ত দৌৰি ফুৰাৰ ফলত আপুনি ক্লান্ত হৈ পৰিব ৷ মূৰ ঠাণ্ডা ৰাখি সোঁত ধৰি আগুৱাই গৈ থাকক ৷

কন্যা ৰাশি: অকস্মাৎ ব্যয় আৰু হজম সম্বন্ধীয় সামান্য অসুস্থতাৰ যোগ আছে ৷ ক্ৰোধ নিয়ন্ত্ৰণত ৰাখক ৷ তীব্ৰ আলোচনাৰ সৃষ্টি হ’ব পৰা পৰিস্থিতি এৰাই চলক, কাৰণ এই আলোচনাৰপৰাই তৰ্ক-বিতৰ্ক আৰু কাজিয়া-বিবাদৰ সৃষ্টি হ’ভ ৷ ধৈৰ্য ধৰি থাকক, সকলো দিন একেদৰে পাৰ নহয় ৷ আজি গোটেই দিন আপোনাৰ উদ্বেগৰ মাজেৰে যাব সেয়া দূৰ হৈ যাব অকস্মাৎ কোনো ঘনিষ্ঠ বন্ধু বা প্ৰিয়জনক লগ পাই ৷ শ্বেয়াৰ বজাৰত বিনিয়োগৰ বাবে দিনটো অনুকূল নহয় ৷

তুলা ৰাশি: নিজৰ আৱেগ আৰু দুৰ্বলতাসমূহক প্ৰকাশ কৰাটো কেতিয়াবা ভালহে হয় আৰু এয়া প্ৰচণ্ড আকৰ্ষণীয়ও হয় ৷ আজি আপুনি আৱেগেৰে পৰিপূৰ্ণ হৈ থাকিব ৷ আজি আপুনি উৎসাহ-উদ্দীপনাৰে পৰিপূৰ্ণ হৈ থাকিব আকৌ কেতিয়াবা মনো বেয়া হৈ যাব আপোনাৰ আকৌ মনত আঘাতো পাব ৷ প্ৰিয়জনৰ সৈতে ভুল বুজাবুজি বা মাতৃৰ অসুস্থতাৰ বাবে মনটো বেয়া থাকিব আপোনাৰ ৷ সামগ্ৰিকভাৱে ক’ব গ’লে বৰ্তমান আপোনাৰ গ্ৰহ আপোনাৰ প্ৰতিকূল নহয় ৷ গতিকে আৰামত থাকক ৷ কাৰণ বেয়া সময় পাৰ হৈ যাব ৷

বৃশ্চিক ৰাশি: আজি আপোনাৰ আন এটা নাম উৎসাহপূৰ্ণ আৰু আনন্দপূৰ্ণ ৷ আজিৰ দিনটো আপোনাৰ বাবে সৌভাগ্যশালী ৷ আপোনাৰ আনন্দপূৰ্ণ মনোভাৱ সকলৰ দিশত প্ৰভাৱ পেলাব সেয়ে আপুনি আজি সকলো প্ৰকাৰ আনন্দদায়ক আলোচনাত অংশগ্ৰহণ কৰিব আৰু আনন্দদায়ক সংগ উপভোগ কৰিব ৷ যিসকল বন্ধুৰ সৈতে আজিকালি সাক্ষাত্ নহয়, তেওঁলোকক লগ ধৰিবলৈ আপুনি মনৰপৰা প্ৰয়াস পাব ৷ তেওঁলোকক সাক্ষাৎ কৰিলে আপোনাৰ জাগতিক লাভহে হ’ব, কিয়নো তেওঁলোকৰ সৈতে আপুনি হয়তো নতুন কোনো উদ্যোগ আৰম্ভ কৰি দিব পাৰে ৷ আজিৰ সময়টো বৰ ভাল, কিয়নো আজি আপোনাৰ সম্পদ বৃদ্ধি পাব আৰু লগতে কৰ্মক্ষেত্ৰত সফলতা পাব ৷ গ্ৰহৰ অৱস্থানে কয় যে, সৰুসুৰা সুখকৰ ভ্ৰমণ হোৱাৰ সম্ভাৱনা আছে ৷

ধনু ৰাশি: আজিৰ দিনটোত মধ্যমীয়া প্ৰভাৱ থাকিব ৷ বিভ্ৰান্তি আৰু স্ববিৰোধ আপোনাৰ স্বাস্থ্যৰ ক্ষতি কৰিব পাৰে আৰু লগতে কৰ্মক্ষেত্ৰত আপোনাৰ সফলতাত বাধাৰ সৃষ্টি কৰিব পাৰে ৷ মিশ্ৰ অনুভূতিৰ কাৰণে আপোনাৰ মনক আগুৰি ধৰি থাকিব বিভ্ৰান্তিৰ ডাৱৰ আৰু আপোনাৰ স্বাভাৱিক সুস্থতাক নষ্ট কৰিব ৷ অলপ নিজৰ মনটোক বিশ্ৰাম দি সকলো কথা ভালকৈ চিন্তা কৰক তাৰ পিছত দৃঢ় অৱস্থান গ্ৰহণ কৰক ৷ এনেকুৱা কৰিব নোৱাৰিলে অনিশ্চয়তাৰ সৈতে অত্যধিক কামৰ হেঁচা আৰু অপ্ৰত্যাশিত ব্যয়ৰ কাৰণে আপোনাৰ মন বিমোৰত পৰি থাকিব ৷ আপোনাৰ মনৰ উদ্বিগ্ন অৱস্তাৰ কাৰণে ঘৰতো সকলৰ সৈতে মতবিৰোধ হ’ব ৷ মনক আৰাম দিয়ক আৰু নমনীয় হওঁক ৷

মকৰ ৰাশি: আপুনি সুন্দৰ বৈবাহিক জীৱন উপভোগ কৰিব পৰিব আৰু কামত সফলতা পাব ৷ ব্যবসায়ি আৰু চাকৰিয়াল সকলৰ ভাল দিন আৰু পদোন্নতি হব পাৰে ৷ আপোনাক দিয়া কাম সোনকালে শেষ কৰিব পাৰিব ৷ প্ৰিয়জনৰ লগত চিনেমা চাবলৈ যাব পাৰে আৰু বন্ধুৰ লগত ৰাতিৰ আহাৰ খাবলৈ যাব পাৰে ৷আনন্দৰ মূহুত্ববোৰে আপোনাৰ প্ৰিয়জনৰ ওচৰ চপায় আনিব ৷ভগবানক এনে এটা ভাল দিনৰ বাবে ধন্যবাদ জনাওক আৰু প্ৰাৰ্থনা কৰক , ভাল ভাগ্য আনৰ লগতো ভগায় লওক ৷

কুম্ভ ৰাশি: আজি আপুনি শাৰীৰিক আৰু মানসিকভাৱে ভাগৰুৱা হৈ থাকিব ৷ আজি আপুনি পৰিয়ালৰ লোকৰ সৈতে কাজিয়া বিবাদত লিপ্ত হ’ব পাৰে ৷ ধন বিনিয়োগ কৰাৰ সময়ত আৰু আইনী বিষয়ক লৈ কাম কৰাৰ সময়ত সতৰ্ক থাকিব ৷ অতিৰিক্ত ব্যয় হ’ব পাৰে ৷ আপোনাৰ ব্যক্তিগত ক্ষতি হোৱাৰ পিছতো আপুনি লাভবান হৈ থাকিব ৷ নিজৰ কথা আৰু খঙৰ উপৰত নিয়ন্ত্ৰণ ৰাখক ৷ দুৰ্ঘটনা হ’ব পাৰে ৷

মীন ৰাশি: প্ৰেম প্ৰাৰ্থী বা বিবাহ প্ৰাৰ্থীৰ বাবে দিনটো ভাল ৷ আচলতে ক’ব গ’লে যিসকলে মনৰ মানুহ বিচাৰি আছে তেওঁলোকৰ বাবে দিনটো বৰ ভাল ৷ আজি গোটেই দিনটো উলহ-মালহেৰে পাৰ হ’ব ৷ সুখকৰ ভ্ৰমণ বা বনভোজত গৈ ৷ আপুনি নিজৰ পৰিকল্পনা আৰু প্ৰস্তুতি অনুসৰি ‘সামাজিক’ সকলো বিষয়বোৰৰ প্ৰতি আকৃষ্ট হ’ব, এইবোৰৰ নামত আপোনাৰ যদি টকা খৰচো হয়, তথাপি আপোনাৰ বেয়া নালাগিব ৷ আপুনি হয়তো জনসেৱামূলক কামো কৰিব পাৰে, কিয়নো আজি পৰোপকাৰিতাই হ’ল আপোনাৰ আজিৰ মন্ত্ৰ ৷ সকলো ক্ষেত্ৰত সফলতা লাভ কৰাৰ পিছত আপোনাৰ সদিচ্ছা বৃদ্ধি পাব, সন্ধিয়াটো পাৰ হ’ব হাঁহি-ফুৰ্তি সৈতে ৷

লগতে পঢ়ক: জানি লওক আপোনাৰ সপ্তাহটোৰ ৰাশিফল - Weekly Horoscope

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.