ETV Bharat / bharat

মীন ৰাশিৰ বাবে আনন্দ-স্ফূৰ্তি কৰাৰ সময়...কৰ্কট ৰাশিৰ বাবে সৌভাগ্যশালী দিন...কি কয় আপোনাৰ দিনটোৰ ৰাশিফলে ? - Daily Horoscope For 12th July

author img

By ETV Bharat Assamese Team

Published : Jul 12, 2024, 12:20 AM IST

Daily Horoscope: আজি ৰাশি সলনি কৰি কন্যা ৰাশিত প্ৰৱেশ কৰিব চন্দ্ৰই ৷ ইয়াৰ ফলত কেনে প্ৰভাৱ পৰিব ৰাশিসমূহত, জানিবলৈ পঢ়ক আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল...

Daily Horoscope For 12th July 2024
আজিৰ দিনটোৰ ৰাশিফল (ETV Bharat)

মেষ ৰাশি: আজিৰ দিনৰ আৰম্ভণিয়েই শুভ হ’ব ৷ গণেশৰ কৃপাত আজি গোটেই দিনটো আপোনাৰ বাবে হাঁহি আৰু আনন্দৰ দিন ৷ লক্ষ্মী দেৱীৰ কৃপা আপোনাৰ ওপৰত বৰষি থাকিব ৷ ব্যৱসায়ৰ বাবে বিজ্ঞাপন দিয়াৰ পৰিকল্পনা কৰক ৷ আপোনাৰ যোগাযোগ ব্যৱস্থাই আপোনাক লাভান্বিত কৰিব ৷ সৰু ভ্ৰমণৰ যোগ আছে ৷

বৃষ ৰাশি: গণেশৰ কৃপাত কৰ্মক্ষেত্ৰত সফলতা লাভ ৷ আপোনাৰ মিঠা মাত আৰু ব্যৱহাৰেই আপোনাৰ চাৰিওকাষে থকা লোকসকলক প্ৰভাৱিত কৰাৰ বাবে যথেষ্ট ৷ ব্যৱসায়ত লাভ ৷ আপুনি বিচৰা মানুহৰ লগত মিত্ৰতা সুদৃঢ় হ’ব ৷ যদিও কামৰ ফল পোৱাত অলপ পলম হ’ব পাৰে কিন্তু কষ্ট অথলে নাযায় ৷ ধন জমা কৰাৰ বাবে সুন্দৰ সময় ৷

মিথুন ৰাশি: আপুনি আপোনাৰ দৰেই থাকক ৷ যিহেতু আপুনি বৰ বেছি সংবেদনশীল সেয়েহে আনে হঠাৎ লোৱা সিদ্ধান্তই আপোনাক অসন্তুষ্ট কৰিব ৷ আপোনাৰ মাতৃ বা পত্নীৰ লগত আপোনাৰ সম্বন্ধ অলপ মিশ্ৰ ধৰণৰ হ’ব ৷ ভ্ৰমণ বাতিল কৰক আৰু অলপ দিন পানীৰ পৰা আঁতৰি থাকক ৷ লগতে এইকেইদিন কোনো নিৰ্দিষ্ট বিষয়ত মানসিক চিন্তা বৃদ্ধি পাব পাৰে ৷

কৰ্কট ৰাশি: আপোনাৰ বাবে এক সৌভাগ্যশালী দিন ৷ আগতে পৰিকল্পনা কৰি ৰখা নতুন কাম আৰম্ভৰ এয়া এক উত্তম সময় ৷ পুৰণি বন্ধুসকলক সাক্ষাৎ কৰাৰ বাবে উত্তম সময় ৷ ভাল বন্ধু আৰু আপোনাক আনন্দিত কৰি ৰখা বন্ধুসকলৰ মাজত আপুনি নিজকে সতেজ অনুভৱ কৰিব ৷ ভ্ৰমণত আনন্দ লাভ কৰিব ৷ ভগৱানক ধন্যবাদ জনাওক কাৰণ এই সময়খিনিত আপুনি কৰা সকলো কামৰ অতি ভাল ফল আপুনি লাভ কৰিব পাৰিব ৷ প্ৰচুৰ ধনাগমণ হ’ব আৰু টকাৰ লেনদেনত কোনো বাধা নহাকৈয়ে আগবাঢ়িব ৷

সিংহ ৰাশি: এই দিনটো আপোনাৰ বাবে মিশ্ৰ ফলদায়ক গতিকে চিন্তা নকৰিব ৷ ধনৰ দিশৰ পৰা খৰচ সাময়িকভাৱে অলপ বাঢ়িব ৷ আপুনি বিদেশৰ লগত যোগাযোগ আৰু সম্পৰ্ক ৰক্ষাত সফল হ’ব ৷ পৰিয়ালৰ সদস্য আৰু প্ৰেমীৰ সহযোগিতাই আপোনাক আনন্দিত কৰিব ৷ মহিলা বন্ধুসকল বেচি সহায়ক হ’ব ৷ দাঁত , চকু বা কাণৰ বিষে আপোনাক অলপ আমনি কৰিব পাৰে ৷

কন্যা ৰাশি: দিনটো কন্যা ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে মিশ্ৰ ফলদায়ক ৷ আপুনি ভবা আৰু কৰা সকলো কামৰ উচিত ফল আজি আপুনি লাভ কৰিব ৷ যিয়ে আপোনাক সুখী আৰু আপুনি আনক সুখী কৰিব পাৰিব ৷ ধনৰ ফালৰ পৰা ভাল দিশ দেখা গৈছে ৷ ব্যৱসায় বৃদ্ধি হ’ব আৰু শৰীৰ ভাল থাকিব ৷ দূৰৰ পৰা ভাল খবৰ পাব আৰু সেয়া ধন সম্পৰ্কীয় হ’ব ৷ ভ্ৰমণ লাভদায়ক হ’ব আৰু বিবাহৰ যোগ আছে ৷ সংগীৰ লগত সম্পৰ্ক উন্নত হ’ব ৷

তুলা ৰাশি: জীৱনক নতুনকৈ সজোৱা আৰু উন্নত কৰাৰ উপযুক্ত সময় ৷ অযথা যুক্তিতৰ্ক বা অদৰকাৰী কথা কোৱাৰ পৰা নিজকে আঁতৰাই ৰাখক ৷ আইন সংক্ৰান্তীয় কাগজত চহী কৰোঁতে দুবাৰ ভাবি লওক ৷ যোগভ্যাস, ধ্যান আৰু প্ৰাৰ্থনাই শৰীৰ আৰু মনক সুস্থ সবল কৰি ৰখাত সহায় কৰিব ৷

বৃশ্চিক ৰাশি: আপোনাৰ বাবে সুন্দৰ আৰু শান্ত দিন ৷ সকলো নতুনকৈ আৰম্ভ হ’ব আৰু আপুনি সফলতা লাভ কৰিব ৷ ব্যৱসায়িক আৰু পৰিয়ালৰ লগত সম্পৰ্ক উন্নত হ’ব ৷ পুৰণি বন্ধুক লগ পাব আৰু তেওঁলোকৰ লগত বা সংগীৰ সৈতে ফুৰিবলৈ যাব পাৰে ৷ বিবাহপ্ৰাৰ্থী বিচৰাসকলৰ বাবে উত্তম সময় , বিপৰীত লিংগৰ লগত আপোনাৰ সম্পৰ্কই আপোনাক লাভান্বিত কৰিব ৷ তেওঁলোকৰ লগত কৰা ব্যৱসায়ত প্ৰচুৰ উন্নতি হ’ব ৷ বন্ধু আৰু ভালপোৱা জনৰ পৰা উপহাৰ লাভ কৰিব ৷ সন্তানৰ সফলতাত আনন্দ পাব ৷

ধনু ৰাশি: আজি আপুনি নিজৰ কঠোৰ পৰিশ্ৰমৰ বাবে সুফল পাব । আপোনাৰ সাংসাৰিক জীৱন আনন্দদায়ক হ’ব ৷ আপুনি যি কৰিব তাতেই সফল হ’ব । কৰ্মক্ষেত্ৰত আপোনাৰ ঊৰ্ধ্বতনসকলে আপোনাৰ কামত সন্তুষ্ট হ’ব । পিতৃ বা আপোনাৰ পৰিয়ালৰ বয়োজ্যেষ্ঠ কোনো লোকৰ দ্বাৰা উপকৃত হ’ব । ব্যৱসায়ৰ কাৰণে আপুনি ভ্ৰমণত যাব পাৰে । কৰ্মক্ষেত্ৰত আপোনাক ডাঙৰ দায়িত্ব দিয়া হ’ব । ভাবিচিন্তিহে ব্যয় কৰিব ।

মকৰ ৰাশি: আজিৰ দিনটো মিশ্ৰ । আজি আপুনি অত্যন্ত সৃজনশীল আৰু উদ্ভাৱনশীল হৈ থাকিব । আপুনি প্ৰয়োজন অনুসৰি এই সৃজনশীলতাক কামত লগাব পাৰিব ৷ মানসিক স্বাস্থ্য আপোনাৰ ভালে নাথাকিব পাৰে । সন্তানক লৈ সমস্যা বা সিহঁতৰ অনুপস্থিতিয়ে আপোনাক গোটেই দিনটো আমনি দি থাকিব । ধনৰ অপচয় এৰাই চলক । ভ্ৰমণলৈ যাব পাৰে । প্ৰতিযোগীসকলৰ সৈতে বিবাদত লিপ্ত নহ’ব ।

কুম্ভ ৰাশি: অনৈতিক ক্ৰিয়াকলাপত লিপ্ত নহ’ব । প্ৰিয়জনৰ প্ৰতি অনুগত হৈ থাকিব । আপোনাৰ চাৰিওফালে ঘটি থকা ঘটনাবোৰক লৈ বাস্তৱসন্মত মনোভাৱ ৰাখক । ইয়াৰ সহায়ত আপুনি পৰিয়ালত গুৰুতৰ কোনো সমস্যাক চম্ভালি চলিব পাৰিব । আপুনি খৰচ নিয়ন্ত্ৰণ কৰিব নোৱাৰিব বাবে আৰ্থিক সংকটত পৰিব আৰু আপুনি নিয়ন্ত্ৰণ ৰাখিব লাগিব আপোনাৰ খঙৰ ওপৰত । আপোনাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য ভালে নাযাব ।

মীন ৰাশি: আজি আপুনি কৰ্মক্ষেত্ৰৰ দৈনন্দিন কামৰ পৰা ছুটী লৈ অলপ বিশ্ৰাম ল’ব । আনন্দ-স্ফূৰ্তি কৰাৰ কাৰণে আপুনি নিজৰ পৰিয়ালৰ লোক আৰু বন্ধুসকলৰ সৈতে ক’ৰবালৈ যাব পাৰে । স্বাস্থ্যৰ দিশত আজিৰ দিনটো ভাল । শাৰীৰিক আৰু মানসিকভাৱে কোনো সমস্যা ভুগিব পাৰে । তদুপৰি আপোনাৰ প্ৰতি আনৰ মনত শ্ৰদ্ধা বৃদ্ধি পোৱা দেখা পাব ।

লগতে পঢ়ক: এই সপ্তাহত বহুকেইটা ৰাশিৰ কৰ্ম-ব্যৱসায়ত উন্নতি লাভ...গভীৰ হ’ব প্ৰেমৰ সম্পৰ্ক...চাওক কেনে যাব আপোনাৰ এই সপ্তাহটো ? - Weekly Horoscope

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.