ঘূৰ্ণীবতাহ ফেংগাল : আগতীয়াকৈ নৌসেনাই গ্ৰহণ কৰিছে সুৰক্ষামূলক ব্যৱস্থা - CYCLONE FENGAL
বংগোপসাগৰত সৃষ্টি হোৱা ঘূৰ্ণীবতাহ তামিলনাডু আৰু পুডুচেৰীৰ উপকূলৰ দিশে আগবাঢ়িছে । তামিলনাডুত ইতিমধ্যে ঘূৰ্ণীবতাহ ফেংগালৰ প্ৰভাৱ আৰম্ভ হৈছে ।


By ANI
Published : Nov 29, 2024, 11:19 AM IST
অমৰাৱতী(অন্ধ্ৰ প্ৰদেশ): দক্ষিণ-পশ্চিম বংগোপসাগৰৰ ওপৰত গভীৰ নিম্নচাপ দেখা গৈছে । যি প্ৰথম অৱস্থাত ঘূৰ্ণীবতাহত পৰিণত হোৱাৰ সম্ভাৱনা আছে । ইফালে উত্তৰ তামিলনাডু আৰু পুডুচেৰী উপকূলৰ ওচৰ চাপি অহাৰ লগে লগে এই ঘূৰ্ণীবতাহৰ তীব্ৰতা দুৰ্বল হোৱাৰ সম্ভাৱনা আছে । ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ (আইএমডি) মতে, এই প্ৰণালীটোৱে ২৯ নৱেম্বৰলৈকে গভীৰ নিম্নচাপ হিচাপে তীব্ৰতা বজাই ৰাখি উত্তৰ-পশ্চিম দিশে আগবাঢ়ি যোৱাৰ সম্ভাৱনা আছে । তাৰ পিছত উত্তৰ তামিলনাডু আৰু পুডুচেৰী উপকূলৰ ওচৰ চাপি অহাৰ লগে লগে ই কিছু দুৰ্বল হ'ব ।
৩০ নৱেম্বৰৰ পুৱালৈকে পুডুচেৰীৰ ওচৰৰ কাৰাইকাল আৰু মহাবলিপুৰমৰ মাজত এই ঘূৰ্ণীবতাহে খুন্দা মাৰিব বুলি অনুমান কৰা হৈছে । ই উপকূলত খুন্দা মৰাৰ লগে লগে বতাহৰ গতিবেগ কিছু হ্ৰাস হ'ব । যাৰ গতি বেগ ৪৫ ৰ পৰা ৫৫ কিমি/ঘণ্টাৰ ভিতৰত হ'ব বুলি অনুমান কৰা হৈছে । ইয়াৰ ফলত উপকূলীয় অঞ্চলবোৰত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে ।
- বতৰ বিজ্ঞান বিভাগৰ পৰামৰ্শ
এনে পৰিস্থিতিত কৰ্তৃপক্ষই মাছমৰীয়া আৰু উপকূলীয় বাসিন্দাসকলক সতৰ্ক হৈ থাকিবলৈ পৰামৰ্শ জাৰি কৰিছে । তামিলনাডু আৰু পুডুচেৰীৰ উপকূলীয় জিলাসমূহ বিশেষকৈ কৰাইকাল আৰু পুডুচেৰীৰ ওচৰত ঘূৰ্ণীবতাহৰ আগমনৰ লগে লগে বৰষুণ, ধুমুহা আৰু তীব্ৰ সাগৰীয় ঢৌৰ অনুমান কৰা হৈছে । ঘূৰ্ণীবতাহৰ অৱস্থান সম্পৰ্কত বতৰ বিজ্ঞান বিভাগে কয়, "ই পুডুচেৰীৰ পৰা ৩৯০ কিলোমিটাৰ পূব-দক্ষিণ-পূব আৰু চেন্নাইৰ পৰা ৪৩০ কিলোমিটাৰ দক্ষিণ-পূবত আছে ।" আইএমডিয়ে কয় ।
আইএমডিয়ে লগতে কয়, "ই উত্তৰ-পশ্চিম দিশে আগবাঢ়ি যোৱাৰ সম্ভাৱনা আছে আৰু ২৯ নৱেম্বৰলৈকে গভীৰ নিম্নচাপ সৃষ্টিৰ সম্ভাৱনা আছে । উত্তৰ-পশ্চিম দিশে আগবাঢ়ি যোৱা অব্যাহত ৰাখি ই ৩০ নৱেম্বৰৰ পুৱা পুডুচেৰীৰ সমীপৰ কাৰাইকাল আৰু মহাবলিপুৰমৰ মাজৰ উত্তৰ তামিলনাডু-পুডুচেৰী উপকূল অতিক্ৰম কৰাৰ সম্ভাৱনা আছে । এই প্ৰণালীটো নিৰন্তৰ নিৰীক্ষণ কৰা হৈছে ।"
- ঘূৰ্ণীবতাহ 'ফেংগাল'ৰ প্ৰভাৱ
ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে ঘূৰ্ণীবতাহ 'ফেংগাল'ৰ ফলত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত তামিলনাডুৰ নাগাপট্টিনম জিলাত শস্যৰ ব্যাপক ক্ষতি হয় । ধাৰাসাৰ বৰষুণৰ পিছত বহু অঞ্চল প্লাবিত হয় । ৮০০ একৰৰ অধিক ভূমিত ধানৰ শস্য সম্পূৰ্ণৰূপে পানীত ডুব যায় । যাৰ ফলত কৃষকসকল সংকটত পৰিছে । প্ৰভাৱিত অঞ্চলবোৰৰ ভিতৰত আছে কামশ্বৰাম, বিৰুন্ধমাবাদী, পুডুপল্লী, ভেদ্ৰাপ্পু, ভানামাদেভি, ভালাপালম, কাললিমেডু, ইৰাভায়াল আৰু চেম্বোয়াদি ।
- ভাৰতীয় নৌসেনাৰ তৎপৰতা
ভাৰতীয় নৌসেনাই বৃহস্পতিবাৰে বংগোপসাগৰত ঘূৰ্ণীবতাহ ফেংগাল তীব্ৰ হোৱাৰ লগে লগে এক ব্যাপক দুৰ্যোগ সঁহাৰি পৰিকল্পনা সক্ৰিয় কৰিছে । ইষ্টাৰ্ণ নেভেল কমাণ্ডে মুখ্য কাৰ্যালয় তামিলনাডু আৰু পুডুচেৰী নৌ সেনা এলেকাৰ (এইচকিউটিএন এণ্ড পি) সৈতে সমন্বয় কৰি ঘূৰ্ণীবতাহৰ সম্ভাব্য প্ৰভাৱ হ্ৰাস কৰিবলৈ এক শক্তিশালী দুৰ্যোগ সঁহাৰি প্ৰণালী সক্ৰিয় কৰিছে ।
মানৱীয় সহায় আৰু দুৰ্যোগ সাহায্য (এইচএডিআৰ), অনুসন্ধান আৰু উদ্ধাৰ (এছএআৰ) অভিযানৰ ওপৰত গুৰুত্ব দি নৌ সেনা কৰ্তৃপক্ষই দ্ৰুত সঁহাৰি ক্ষমতা নিশ্চিত কৰাৰ বাবে ৰাজ্য আৰু অসামৰিক প্ৰশাসনৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰি আছে । বাহনবোৰত খাদ্য, খোৱা পানী আৰু ঔষধকে ধৰি অত্যাৱশ্যকীয় সাহায্য সামগ্ৰী ভৰ্তি কৰোৱা হৈছে ।
আনহাতে বিশেষ বান সাহায্য দল (এফআৰটি) অসুৰক্ষিত এলেকাত সষ্টম হৈছে । পৰৱৰ্তী ৪৮ ঘণ্টাৰ ভিতৰত তীব্ৰতৰ হোৱাৰ সম্ভাৱনা থকা ঘূৰ্ণীবতাহ ফেংগালে তামিলনাডুৰ উপকূলীয় অঞ্চলসমূহত ধাৰাসাৰ বৰষুণ, ধুমুহা আৰু সম্ভাব্য বান আনিব বুলি অনুমান কৰা হৈছে । কৰ্তৃপক্ষই নিম্ন আৰু উপকূলীয় অঞ্চলৰ বাসিন্দাসকলক সতৰ্ক হৈ থাকিবলৈ পৰামৰ্শ দিছে ।
লগতে পঢ়ক :দিল্লীত পি ভি আৰৰ ওচৰত বিস্ফোৰণ