ETV Bharat / bharat

ঘূৰ্ণীবতাহ ডানাৰ প্ৰভাৱ; পশ্চিমবংগত ৪ জনৰ মৃত্যু, ওড়িশাত বিস্তৰ ক্ষতি - CYCLONE DANA AFTERMATH

Cyclonic storm Dana: ঘূৰ্ণীবতাহ 'ডানা'ৰ ফলত পশ্চিমবংগ আৰু ওড়িশাত ব্যাপক ক্ষতিৰ খবৰ পোৱা গৈছে । পশ্চিমবংগত ৪ গৰাকী লোকৰ মৃত্যু হৈছে ।

Cyclonic storm Dana
পশ্চিমবংগত ৪ জনৰ মৃত্যু,ওড়িশাত বিস্তৰ ক্ষতি (PTI)
author img

By ETV Bharat Assamese Team

Published : Oct 26, 2024, 11:57 AM IST

ভুৱনেশ্বৰ/কলকাতা : ঘূৰ্ণীবতাহ 'ডানা'ই শুকুৰবাৰে পুৱতি নিশা পূব উপকূলত খুন্দা মাৰিছিল । যাৰ ফলত ওড়িশা আৰু পশ্চিমবংগৰ বিভিন্ন জিলাত ধাৰাসাৰ বৰষুণ আৰু ধুমুহাৰ হোৱা দেখা গৈছিল । ধুমুহাৰ ফলত গছ-গছনি, বিদ্যুতৰ খুঁটা আদি ভাগি যোৱাৰ লগতে বিভিন্ন আন্তঃগাঁথনি আৰু শস্যৰ গুৰুত্বপূৰ্ণ ক্ষতি হয় ।

ওড়িশা চৰকাৰৰ মতে, ঘূৰ্ণীবতাহ 'ডানা'ৰ ফলত কোনো হতাহত হোৱা নাই । অৱশ্যে দুৰ্ভাগ্যজনকভাৱে পশ্চিমবংগত ৪ গৰাকী লোকৰ মৃত্যুৰ খবৰ পোৱা গৈছে ।

  • ওড়িশাত বিস্তৰ ক্ষতি

ঘূৰ্ণীবতাহ 'ডানা' পশ্চিম দিশে গতি কৰাৰ লগে লগে প্ৰশাসন তথা কৰ্তৃপক্ষই প্ৰভাৱিত অঞ্চলবোৰত অতি তৎপৰতাৰে সাহায্য আৰু পুনঃসংস্থাপনৰ প্ৰক্ৰিয়া আৰম্ভ কৰে । ঘূৰ্ণীবতাহ 'ডানা'ৰ প্ৰভাৱ হ্ৰাস হোৱাৰ লগে লগে ওড়িশা আৰু পশ্চিমবংগত বিমান, ৰে'ল আৰু বাছ সেৱাসমূহো আৰম্ভ হৈছে । লগতে প্ৰতিটো বিভাগে ক্ষতিৰ মূল্যায়ন কৰি সেইবোৰৰ মেৰামতিৰ কাম আৰম্ভ কৰিছে ।

ওড়িশাৰ ৰাজহ মন্ত্ৰী সুৰেশ পূজাৰীয়ে শুকুৰবাৰে সন্ধিয়া উল্লেখ কৰা মতে, শনিবাৰে ক্ষতিৰ মূল্যায়নৰ কাম আৰম্ভ হ'ব আৰু ৭ দিনৰ ভিতৰত সম্পূৰ্ণ কৰা হ'ব । তেওঁ দাবী কৰা মতে, গছ উভালি যিবোৰ পথ বন্ধ হৈছিল সেইবোৰ মুকলি কৰা হৈছে আৰু যোগাযোগ ব্যৱস্থা সুস্থিৰ হৈছে । মন্ত্ৰীগৰাকীয়ে লগতে কয় যে যিবোৰ পৰিয়ালৰ ঘৰৰ ক্ষতি হৈছে তেওঁলোকক পকী ঘৰ প্ৰদান কৰা হ'ব ।

শক্তি বিভাগৰ ভাৰপ্ৰাপ্ত উপ-মুখ্যমন্ত্ৰী কে.ভি. সিং দেওৱে কয় যে প্ৰভাৱিত ৩৩ টা কেভি ফিডাৰৰ প্ৰায় ৯৫ শতাংশ ইতিমধ্যে পুনৰুদ্ধাৰ কৰা হৈছে আৰু বাকীবোৰ শীঘ্ৰেই কাৰ্যক্ষম হ'ব বুলি আশা কৰা হৈছে । জাম্বু, তালচুয়া, কান্দিৰা আৰু বাগাপতিয়াৰ দৰে অঞ্চলত ধাৰাসাৰ বৰষুণে প্ৰত্যাহ্বানৰ সৃষ্টি কৰা স্বত্বেও সিং দেওৱে আশ্বাস দিয়ে যে দলবোৰে বিদ্যুৎ যোগান পুনৰ আৰম্ভ কৰাৰ বাবে অক্লান্ত পৰিশ্ৰম কৰি আছে ।

ধুমুহা, বৰষুণৰ ফলত উপকূলীয় ওড়িশাত গুৰুত্বপূৰ্ণ ক্ষতি হৈছে । বিশেষকৈ কেন্দ্ৰপাৰা, ভদ্ৰক আৰু বালাচোৰত হাজাৰ হাজাৰ গছ উভালি পৰিছে । প্ৰায় দুই মিটাৰ উচ্চতালৈ অহা সাগৰীয় ঢৌৰ ফলত ভিটাৰকনিকা ৰাষ্ট্ৰীয় উদ্যানৰ ওচৰৰ অঞ্চলবোৰ প্লাবিত হয় ।

  • পশ্চিমবংগত ৪ জনৰ মৃত্যু

ইফালে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ঘূৰ্ণীবতাহ 'ডানা'ৰ ফলত এজন লোকৰ মৃত্যু নিশ্চিত কৰে । আনহাতে প্ৰায় ২.১৬ লাখ লোকক নামনি অঞ্চলৰ পৰা স্থানান্তৰ কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে ।

পৰিস্থিতি নিৰীক্ষণৰ বাবে নিশা ৰাজ্যিক সচিবালয়ত প্ৰশাসনৰ উচ্চ পদস্থ বিষয়াসকলৰ সৈতে মুখ্যমন্ত্ৰীগৰাকী এক পৰ্যালোচনা বৈঠকত মিলিত হয় । মুখ্যমন্ত্ৰী বেনাৰ্জীয়ে বিষয়াসকলক ঘূৰ্ণীবতাহৰ দ্বাৰা ক্ষতিগ্ৰস্ত সকলো লোকে যাতে সাহায্য সামগ্ৰী লাভ কৰে সেয়া নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে ।

অৱশ্যে শনিবাৰে পুৱাৰ ভাগলৈ পশ্চিমবংগত মৃত্যুৰ সংখ্যা ৪ জনলৈ বৃদ্ধি হৈছে বুলি জানিব পৰা গৈছে । আৰক্ষীয়ে জনোৱা মতে, নিশাৰ ভাগত হোৱা আন এক ঘটনাত ২০ বছৰীয়া এজন যুৱক বিদ্যুৎস্পৃষ্ট হৈ কলকাতাত মৃত্যুবৰণ কৰে ।

পূব বৰ্ধমান জিলাৰ বুদ বাডত এডাল বৈদ্যুতিক তাঁৰত লাগি চন্দন দাস নামৰ এজন স্বেচ্ছাসেৱকৰ ঘটনাস্থলীতে মৃত্যু হয় । একেদৰে হাওৰা পৌৰ নিগমৰ এজন কৰ্মচাৰীক তাঁতীপাৰাৰ এটা পথত পানীত মৃত অৱস্থাত পোৱা যায় । পশ্চিমবংগৰ ঠায়ে ঠায়ে গছ-গছনি উভালি যোৱাৰ লগতে বিদ্যুতৰ খুঁটা আৰু আন্তঃগাঁথনিৰো বিস্তৰ ক্ষতি হয় ।

একেদৰে ঘূৰ্ণীবতাহ 'ডানা'ই ধান খেতিৰ ওপৰতো প্ৰভাৱ পেলায় । ৰাজ্যখনৰ বহু অঞ্চলত শস্যৰ ব্যাপক ক্ষতি হয় । পশ্চিম মেদিনীপুৰ আৰু অন্যান্য প্ৰভাৱিত অঞ্চলৰ কৃষকসকলে শেহতীয়া বানৰ পিছত হোৱা অতিৰিক্ত লোকচানৰ বিষয়ে উদ্বেগ প্ৰকাশ কৰিছে । ইফালে ঘূৰ্ণীবতাহৰ ফলত মুষলধাৰ বৰষুণ হোৱাৰ বাবে কলকাতাৰ কিছু অংশ প্লাবিত হয় ।

লগতে পঢ়ক : শান্ত হৈছে 'ডানা'; ভুৱনেশ্বৰ বিমানবন্দৰত আৰম্ভ বিমানৰ চলাচল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.