ETV Bharat / bharat

চি পি আই(এম)ৰ সাধাৰণ সম্পাদক সীতাৰাম য়েচুৰীৰ অৱস্থা সংকটজনক, দিল্লী এইমছত ভৰ্তি - Sitaram Yechury Critical Condition

author img

By ETV Bharat Assamese Team

Published : Sep 10, 2024, 3:59 PM IST

Opposition leader Sitaram Yechury: চি পি আই (এম)ৰ সাধাৰণ সম্পাদক সীতাৰাম য়েচুৰীৰ অৱস্থা সংকটজনক । এইমছত চিকিৎসাধীন হৈ আছে জ্যেষ্ঠ বামপন্থী নেতাগৰাকী । নিউমোনিয়াৰ বাবে বুকু আৰু হাওঁফাওঁত সংক্ৰমণ হোৱাত ১৯ আগষ্টত তেওঁক এইমছত ভৰ্তি কৰোৱা হৈছিল ।

Opposition leader Sitaram Yechury
চি পি আই(এম)ৰ সাধাৰণ সম্পাদক সীতাৰাম য়েচুৰী (FILE PHOTO)

নিউজ ডেস্ক, ১০ ছেপ্টেম্বৰ : ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ সাধাৰণ সম্পাদক সীতাৰাম য়েচুৰীৰ অৱস্থা পুনৰ সংকটজনক হৈ পৰিছে । দিল্লী এইমছৰ আই চি ইউত চিকিৎসাধীন হৈ আছে জ্যেষ্ঠ বামপন্থী নেতাগৰাকী । দলৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যালয়ৰ পৰা প্ৰকাশ কৰা এক বিবৃতিত হাওঁফাওঁৰ সংক্ৰমণৰ বাবে তেওঁৰ উশাহ-নিশাহত অসুবিধা হোৱা বুলি কোৱা হৈছে । চিকিৎসকৰ এটা দলে তেওঁৰ অৱস্থাৰ ওপৰত অহৰহ নিৰীক্ষণ কৰি আছে ।

লগতে পঢ়ক: Patna Oppositions Meet : বিদেশত গান্ধী আৰু ভাৰতত গডছে সূত্ৰই প্ৰধানমন্ত্ৰী মোদীৰ বাবে কাম নকৰে; সীতাৰাম য়েচুৰী

এইমছৰ চিকিৎসকে কয়, "নিউমোনিয়াৰ বাবে সংক্ৰমণ বৃদ্ধি পোৱাত তেওঁৰ অৱস্থা গুৰুতৰ হৈ পৰিছে ।" চি পি আই (এম)ৰ জ্যেষ্ঠ নেতাগৰাকী ১৯ আগষ্টত নিউমোনিয়াৰ বাবে স্বাস্থ্যৰ অৱনতি ঘটাত দিল্লী এইমছত ভৰ্তি কৰোৱা হৈছিল । প্ৰথম অৱস্থাত তেওঁক এইমছৰ জৰুৰীকালীন বিভাগৰ ৰেড জ’নত ভৰ্তি কৰা হৈছিল । তাৰ পিছত যেতিয়া তেওঁৰ স্বাস্থ্যৰ উন্নতি নহ’ল, তেতিয়া তেওঁক চিকিৎসালয়ৰ আই চি ইউলৈ স্থানান্তৰ কৰা হ’ল । তেতিয়াৰ পৰা দিল্লী এইমছত তেওঁৰ চিকিৎসা অবিৰতভাৱে চলি আছে ।

সীতাৰাম য়েচুৰী চি পি আই (এম) দলৰ জ্যেষ্ঠ নেতা তথা ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ । দীৰ্ঘদিন ধৰি তেওঁ দলৰ সাধাৰণ সম্পাদকৰ পদত অধিষ্ঠিত হৈ আছে । য়েচুৰী ২০১৫ চনৰ ১৯ ​​এপ্ৰিলত দলটোৰ সাধাৰণ সম্পাদকৰূপে নিৰ্বাচিত হয়, তেতিয়াৰ পৰাই তেওঁ এই পদত কাম কৰি আহিছে । ২০১৬ চনত তেওঁক ৰাজ্যসভাৰ শ্ৰেষ্ঠ সাংসদৰ বঁটাৰে সন্মানিত কৰা হৈছিল । ১৯৬৯ চনত তেলেংগানাত হোৱা আন্দোলনৰ পিছত তেওঁ দিল্লীলৈ আহে ।

লগতে পঢ়ক: China fund to NewsClick link : সীতাৰাম য়েচুৰীৰ বাসগৃহত অভিযান দিল্লী আৰক্ষীৰ

১৯৫২ চনৰ ১২ আগষ্টত চেন্নাইত জন্মগ্ৰহণ কৰা য়েচুৰী ডি ইউৰ ছেইণ্ট ষ্টিফেন কলেজৰ পৰা অৰ্থনীতিত বি এ কৰাৰ পিছত জে এন ইউৰ পৰা অৰ্থনীতিত বি এ কৰি পিছত পি এইচ ডিত নামভৰ্তি কৰে । ইয়াতেই ১৯৭৪ চনত তেওঁ ভাৰতীয় ছাত্ৰ ফেডাৰেচনত যোগদান কৰি ছাত্ৰ ৰাজনীতি আৰম্ভ কৰে । কিন্তু ১৯৭৭ চনত জৰুৰীকালীন অৱস্থাত গ্ৰেপ্তাৰ হোৱাৰ পিছত তেওঁ জে এন ইউৰ পৰা পি এইচ ডি সম্পূৰ্ণ কৰিব নোৱাৰিলে । জে এন ইউক বাওঁপন্থীৰ দুৰ্গ হিচাপে গঢ়ি তোলাত সীতাৰাম য়েচুৰীয়ে গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱা বুলি বিবেচিত হৈ আহিছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.