তেজপুৰ, ২৭ মে': পূব অৰুণাচল প্ৰদেশৰ ভাৰত-চীন সীমান্তৱৰ্তী জিলা নামনি দিবাং ভেলীত ভাৰত চৰকাৰে নিৰ্মাণ কৰিবলৈ লোৱা দিবাং বহুমুখী (Multipurpose) জলবিদ্যুৎ প্ৰকল্প দেশৰ সৰ্ববৃহৎ প্ৰকল্প হিচাবে বিবেচিত হৈছে । চলিত বৰ্ষৰ ৯ মাৰ্চত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অৰুণাচলৰ ৰাজধানী ইটানগৰৰ পৰা ইয়াৰ শিলান্যাস কৰে ।
প্ৰাকৃতিক সম্পদ আৰু জৈৱ বৈচিত্ৰৰ সৌন্দৰ্যৰে ভৰপূৰ অৰুণাচল প্ৰদেশৰ নামনি দিবাং ভেলী জিলাত অৱস্থিত দিবাং বান্ধ হৈছে পৰিকল্পিত এক বৃহৎ পকী বান্ধ । যদি এই বান্ধ নিৰ্মাণ কৰা হয় তেন্তে ২৮৮ মিটাৰ (৯৪৫ ফুট) উচ্চতাত অৱস্থিত ভাৰতৰ সৰ্ববৃহৎ তথা বিশ্বৰ সৰ্বোচ্চ পকী বান্ধ হ’ব । ইয়াৰ দ্বাৰা দিবাং নদীৰ অৱবাহিকাৰ পৰা ২,৮৮০ মেগাৱাট পৰ্যন্ত জলবিদ্যুৎ শক্তি যোগান ধৰাৰ লগতে উপত্যকাটোৰ বান নিয়ন্ত্ৰণৰ ক্ষেত্ৰতো সহায়ক হ’ব বুলি আশা কৰা হৈছে ।
১৯৮০ চনৰ জুন মাহত লোহিত জিলাৰ এটা অংশ কৰ্তন কৰি দিবাং ভেলী জিলা গঠন কৰা হৈছিল । ২০০১ চনৰ ১৬ ডিচেম্বৰত দিবাং ভেলী জিলাক দুভাগত বিভক্ত কৰি দিবাং ভেলী আৰু নামনি দিবাং ভেলী জিলা হিচাপে ঘোষণা কৰা হয় ৷
দিবাং ভেলী বহুমুখী প্ৰকল্প কি ?
তথ্য মতে ২০০৮ চনৰ ৩১ জানুৱাৰীত প্ৰথমবাৰৰ বাবে প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙে বান্ধটোৰ আধাৰশিলা স্থাপন কৰে । ২০১৩ চনত কেন্দ্ৰীয় পৰিৱেশ আৰু বন মন্ত্ৰালয়ে এই প্ৰকল্পৰ আবেদন নাকচ কৰিছিল যদিও ২০১৪ চনত এন এইচ পি চি লিমিটেডে পুনৰ আবেদন দাখিল কৰিছিল আৰু ২০১৫ চনত ইয়াৰ অনুমোদন লাভ কৰে । পূৰ্বতে বান্ধটোৰ আংশিক নেতিবাচক প্ৰভাৱ পৰিছিল ৷ সেই অঞ্চলত বসবাস ইদু-মিছিমি জনগোষ্ঠীক সেই সময়ত বলপূৰ্বকভাৱে স্থানান্তৰিত কৰা হ’ব বুলি প্ৰচাৰ চলাত এই বান্ধ নিৰ্মাণৰ তীব্ৰ বিৰোধিতা কৰা হৈছিল ।
মোদী চৰকাৰে ২০১৯ চনত এই প্ৰকল্পৰ বাবে নতুনকৈ অনুমতি দিছিল । প্ৰকল্পটোৰ মূল উদ্দেশ্য হ’ব বান নিয়ন্ত্ৰণ আৰু বিদ্যুৎ উৎপাদন । ২০২০ চনলৈকে অৰুণাচলৰ নামনি অঞ্চলৰ দুটা বৃহৎ নদীবান্ধ প্ৰকল্প প্ৰস্তুত কৰা হৈছে যদিও, দিবাং আৰু নামনি সোৱণশিৰি কোনো এটাতে কাম অজিও আগবাঢ়িব পৰা নাই । অৰুণাচল প্ৰদেশৰ নামনি দিবাং ভেলী জিলাৰ মুনলী গাঁৱৰ সমীপত ২৮৮০ মেগাৱাটৰ দিবাং বহুমুখী প্ৰকল্পতো নিৰ্মাণ হ’ব ।
মুঠ ব্যয়ৰ পৰিমাণ :
চৰকাৰী তথ্য অনুসৰি এই বৃহৎ বান্ধ নিৰ্মাণৰ বাবে কেন্দ্ৰীয় চৰকাৰে মুঠ ৩১,৮৭৫ কোটি টকা অনুমোদন জনাইছে । ইয়াৰ দ্বাৰা বিদ্যুৎ উৎপাদন হ’ব, বানপানীৰ সমস্যা সমাধানত সহায় হ’ব আৰু অঞ্চলটোত কৰ্মসংস্থাপনৰ সুযোগ আৰু আৰ্থ-সামাজিক উন্নয়নৰ সূচনা হ’ব ।
এই প্ৰকল্পটোত ২৭৮ মিটাৰ উচ্চতাৰ বান্ধ নিৰ্মাণ হ’ব, যিটো ভাৰতৰ সৰ্বোচ্চ কংক্ৰিটৰে নিৰ্মাণ কৰা বান্ধ হ’ব । এই বান্ধটো ৰোলাৰ কম্পেক্টেড কংক্ৰিট (আৰ চি চি) কৌশলেৰে নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰা হৈছে আৰু ই হ’ব বিশ্বৰ সৰ্বোচ্চ আৰ চি চি বান্ধ । বান্ধৰ লক্ষ্য হৈছে এমাহত ৫ লাখ ঘনমিটাৰতকৈ অধিক কংক্ৰিটৰ শিখৰ স্থাপন কৰা, যিটো বিশ্বৰ ভিতৰতে প্ৰথম হ’ব ।
প্ৰকল্পৰ পৰা লাভালাভ :
এই প্ৰকল্পটোৱে প্ৰতি বছৰে ১১,২২৩ মিলিয়ন ইউনিট জলবিদ্যুৎ উৎপাদন কৰিব, যিয়ে স্বচ্ছ আৰু সেউজ শক্তি প্ৰদান কৰিব, যিটো উত্তৰ গ্ৰীডত যোগান ধৰা হ’ব । ১০৮ মাহৰ ভিতৰত নিৰ্মাণকালীন এই প্ৰকল্পটো ২০৩২ চনৰ ফেব্ৰুৱাৰী মাহত আৰম্ভ হোৱাৰ কথা । নিৰ্মাণ পৰ্যায়ত ৫০০ লোকক আৰু পৰিচালনাৰ সময়ত ৩০০ লোকক প্ৰত্যক্ষভাৱে কৰ্মসংস্থাপন দিয়াৰ সম্ভাৱনা আছে ।
দিবাং প্ৰকল্পৰ জৰিয়তে অৰুণাচল প্ৰদেশ ৰাজ্যৰ উন্নয়নৰ বাবে স্থানীয় এলেকা উন্নয়ন পুঁজিৰ বাবে ১২% বিনামূলীয়া শক্তি আৰু অতিৰিক্ত ১% বিনামূলীয়া শক্তি প্ৰদান কৰা হ’ব । প্ৰকল্পটো শক্তি সংৰক্ষণ প্ৰকল্প হিচাপে ডিজাইন কৰা হৈছে, যাৰ ফলত বিদ্যুৎ উৎপাদনৰ উপৰিও বানপানীৰ সমস্যা সমাধানৰ অন্যতম মূল লক্ষ্য হিচাপে লোৱা হৈছে । বানপানী সমস্যাৰ সমাধানৰ উদ্দেশ্যে বাৰিষাত বান্ধৰ জলাশয়টোত ১২৮২.৬০ মিলিয়ন ঘনমিটাৰ পানী ৰাখিব পৰা ক্ষমতাৰে নিৰ্মাণ কৰা হ’ব ।
লগতে পঢ়ক: ৮৪ বছৰ বয়সত অষ্টম শ্ৰেণীৰ পৰীক্ষাত অৱতীৰ্ণ হ’ল এগৰাকী চিকিৎসক - Dr Prakash Indian Tata