নিউজ ডেস্ক, ২৩ মে' : দেশৰ চলিত লোকসভা নিৰ্বাচনৰ ষষ্ঠ পৰ্যায়ৰ ভোটগ্ৰহণ অহা ২৫ মে’ত অনুষ্ঠিত হ’ব । ইয়াৰ বাবে বৃহস্পতিবাৰে সন্ধিয়া ৫ বজাত এই নিৰ্বাচনী প্ৰচাৰ কাৰ্যৰ অন্ত পৰিব । ইয়াৰ পূৰ্বে নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিনটোত সকলো দলে নিজা নিজা প্ৰাৰ্থীৰ সমৰ্থনত প্ৰচাৰ কাৰ্যত পূৰ্ণ শক্তি প্ৰয়োগ কৰিছে । কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে দিল্লীৰ উত্তৰ-পূব আৰু উত্তৰ-পশ্চিম লোকসভা সমষ্টিত ৰাজহুৱা সভাত ভাষণ দিয়ে । ইয়াৰ উপৰি তেওঁ ৰাইজৰ সৈতে অধিক অন্তৰংগভাৱে সংযোগ স্থাপনৰ বাবে দিল্লী মেট্ৰ’যোগেও যাত্ৰা কৰে ।
![Rahul Gandhi Election Rally](https://etvbharatimages.akamaized.net/etvbharat/prod-images/23-05-2024/21540374_gfx2.jpg)
ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ‘এক্স’ত ৰাহুল গান্ধীয়ে এই মেট্ৰ’ যাত্ৰাৰ বহু ছবি শ্বেয়াৰ কৰিছে । তাত তেওঁ লিখিছে, "দিল্লীৰ প্ৰিয়জনৰ সৈতে মেট্ৰ' যাত্ৰা । সহযাত্ৰীসকলক লগ পাই তেওঁলোকৰ কুশল-মংগলৰ কথা পাতো । দিল্লীত মেট্ৰ' নিৰ্মাণৰ আমাৰ পদক্ষেপ ৰাজহুৱা পৰিবহণৰ বাবে ইমান সুবিধাজনক বুলি প্ৰমাণিত হোৱাটো প্ৰত্যক্ষ কৰি মই আনন্দিত অনুভৱ কৰিছোঁ ।"
![Rahul Gandhi Election Rally](https://etvbharatimages.akamaized.net/etvbharat/prod-images/23-05-2024/21540374_gfx3.jpg)
উল্লেখ্য যে ৰাহুল গান্ধীয়ে মেট্ৰ’ত যাত্ৰা কৰাৰ সময়ত জনসাধাৰণৰ সৈতে মত বিনিময় কৰে আৰু লগতে ছেলফিও উঠে । উত্তৰ-পূব দিল্লীৰ লোকসভা আসনখনৰ পৰা কংগ্ৰেছ প্ৰাৰ্থী কানহাইয়া কুমাৰৰ সমৰ্থনত দিলশাদ গাৰ্ডেনত এক সভা অনুষ্ঠিত কৰি মংগলপুৰীৰ ৰেলীলৈ যাওঁতে মেট্ৰ’ৰে যাত্ৰা কৰে কংগ্ৰেছ নেতাগৰাকীয়ে । এই যাত্ৰাত কানহাইয়া কুমাৰেও তেওঁক সংগ দিয়ে ।
![Rahul Gandhi Election Rally](https://etvbharatimages.akamaized.net/etvbharat/prod-images/23-05-2024/21540374_gfx4.jpg)
প্ৰণিধানযোগ্য যে এইবাৰ কংগ্ৰেছ আৰু আম আদমী পাৰ্টীয়ে দিল্লী লোকসভাৰ সাতখন আসনত যৌথভাৱে নিৰ্বাচনত অৱতীৰ্ণ হৈছে । এই ৭ খন আসনৰ ভিতৰত কংগ্ৰেছে তিনিখন আসনত প্ৰতিদ্বন্দ্বিতা কৰাৰ বিপৰীতে আম আদমী পাৰ্টীয়ে চাৰিখন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছে । উত্তৰ-পূব দিল্লীৰ আসনৰ পৰা নিৰ্বাচনী ৰণত কানহাইয়া কুমাৰ আৰু উত্তৰ-পশ্চিম আসনৰ পৰা ডঃ উদিত ৰাজ নিৰ্বাচনী ৰণত যুঁজিছে ।
আনহাতে, চান্দনী চ'ক লোকসভা আসনৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে জে পি আগৰৱালে । ইতিমধ্যে জে পি আগৰৱালৰ সমষ্টিত ৰাহুল গান্ধীয়ে অংশগ্ৰহণ কৰিছে । উল্লেখ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও বহুবাৰ দিল্লী মেট্ৰ’ৰে যাত্ৰা কৰিছে ।