ETV Bharat / bharat

দিল্লীত কংগ্ৰেছ প্ৰাৰ্থী কানহাইয়া কুমাৰক আক্ৰমণ - lok sabha election 2024

author img

By ETV Bharat Assamese Team

Published : May 18, 2024, 6:48 AM IST

Kanhaiya Kumar attacked in Delhi : উত্তৰ-পূব দিল্লী লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী কানহাইয়া কুমাৰক তেওঁৰ সমৰ্থকৰ সৈতে আলোচনা কৰি থকা অৱস্থাত যুৱকৰ এটা দলে আক্ৰমণ কৰে । এই সন্দৰ্ভত আৰক্ষীৰ ওচৰত এটা অভিযোগ দাখিল কৰা হৈছে । এই আক্ৰমণ সম্পৰ্কীয় এটা ভিডিঅ'ও পোহৰলৈ আহিছে । তাত স্পষ্টকৈ দেখা গৈছে যে কানহাইয়া কুমাৰক মালা পিন্ধোৱাৰ পিচত এজন যুৱকে তেওঁক চৰ মাৰে ।

Kanhaiya Kumar attacked in Delhi
দিল্লীত কংগ্ৰেছ প্ৰাৰ্থী কানহাইয়া কুমাৰক আক্ৰমণ (ETV Bharat)

নিউজ ডেস্ক, ১৮ মে' : উত্তৰ-পূব দিল্লী লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী কানহাইয়া কুমাৰক আক্ৰমণ । নিজৰ সমৰ্থকৰ সৈতে তেওঁ নিউ ওছমানপুৰ আৰক্ষী থানা অঞ্চলৰ অন্তৰ্গত কৰতাৰ নগৰৰ কাৰ্যালয়ত থকাৰ সময়তে এই ঘটনা সংঘটিত হয় । তাত তেওঁ সমৰ্থকৰ সৈতে থকাৰ সময়ত কিছু লোক আহি তাত উপস্থিত হয় আৰু তেওঁলোকে কানহাইয়া কুমাৰৰ সৈতে হাতাহাতি আৰম্ভ কৰে । যাৰ বাবে তাত এক বিশৃংখল পৰিৱেশৰ সৃষ্টি হয় । জানিব পৰা মতে, আক্ৰমণকাৰীসকলে প্ৰথমে কানহাইয়াক মালা পিন্ধাই আৰু তাৰ পিচত তেওঁক আক্ৰমণ কৰিবলৈ আৰম্ভ কৰে ।

তথ্য অনুসৰি, নিউ ওছমানপুৰ আৰক্ষী থানাত আম আদমী পাৰ্টীৰ পৌৰ পৰিষদৰ ছায়া গৌৰৱ শৰ্মাই এই সন্দৰ্ভত এটা অভিযোগ দাখিল কৰিছে । আৰক্ষীৰ ওচৰত দাখিল কৰা অভিযোগ অনুসৰি, শুকুৰবাৰে আবেলি প্ৰায় ৪ বজাত চৌথ পুস্ত কৰতাৰ নগৰৰ সত্যনাৰায়ণ ভৱনৰ কাউন্সিলাৰ কাৰ্যালয়লৈ সাতৰ পৰা আঠজন লোক আহে । সেই সময়ত তাত কানাহাইয়া কুমাৰে দলীয় কৰ্মীৰ সৈতে সভা অনুষ্ঠিত কৰি উঠিছিল । তেওঁলোকৰ মাজৰ দুজন অস্ত্ৰধাৰী ব্যক্তিয়ে ভৱনটোত প্ৰৱেশ কৰে আৰু কানহাইয়া কুমাৰক মালা পিন্ধাই উঠি তেওঁক জোৰে চৰ মাৰে ।

পৌৰ নিগমৰ কাউন্সিলাৰৰ অভিযোগ অনুসৰি, আক্ৰমণকাৰীসকলে তেওঁক চুৰ্ণীত ধৰি টানি এটা কোণলৈ লৈ যায় আৰু তেওঁৰ স্বামীক হত্যা ৰ ভাবুকি দিয়ে । এই সময়ছোৱাত তাত উপস্থিত প্ৰায় 30-40 জন লোকৰ ওপৰত ক'লা চিয়াঁহীও নিক্ষেপ কৰা হয় । এই আক্ৰমণত তিনিৰ পৰা চাৰিগৰাকী মহিলা আহত হোৱা বুলিও জানিব পৰা গৈছে ।

"কংগ্ৰেছ প্ৰাৰ্থী কানহাইয়া কুমাৰ স্বামী সুব্ৰমনিয়াম ভৱন, নিউ ওছমানপুৰৰ আপ কাৰ্যালয়ত এখন সভাত আছিল । আম আদমী পাৰ্টীৰ কাউন্সিলাৰ ছায়া শৰ্মাই আয়োজন কৰিছিল সভাখন । সভাৰ পিচত যেতিয়া ছায়া শৰ্মা কানহাইয়া কুমাৰক বিদায় জনাবলৈ তললৈ নামি আহিছিল, সেই সময়ত কিছু লোকে আহি কানহাইয়া কুমাৰৰ ডিঙিত মালা পিন্ধায় । তেওঁক মালা পিন্ধোৱাৰ পিচত কিছু লোকে কানহাইয়া কুমাৰৰ গালৈ চিয়াঁহী দলিয়ায় আৰু তেওঁক আক্ৰমণ কৰিবলৈ চেষ্টা কৰে । ছায়া শৰ্মাৰ অভিযোগৰ ভিত্তিত আইনী ব্যৱস্থা গ্ৰহণ কৰা হৈছে । পৰৱৰ্তী তদন্ত চলি আছে ।" উত্তৰ-পূব দিল্লীৰ ডিচিপি ডঃ জয় তিৰ্কীয়ে ঘটনা সন্দৰ্ভত কয় ।

উল্লেখ্য যে এই সমগ্ৰ আক্ৰমণৰ ভিডিঅ'টো ইতিমধ্যে প্ৰকাশ হৈছে, য'ত স্পষ্টকৈ দেখা গৈছে যে কানহাইয়া কুমাৰক এগৰাকী সাংবাদিকক সাক্ষাৎকাৰ দিয়া দেখা গৈছে । এই সময়ছোৱাত কিছু লোক আহি তাত উপস্থিত হয় আৰু মালা পিন্ধাবলৈ চেষ্টা কৰে । মালা পিন্ধোৱাৰ পিচত তেওঁক আক্ৰমণ কৰা হয় । অৱশ্যে এই ঘটনা সন্দৰ্ভত এতিয়ালৈকে দিল্লী আৰক্ষীৰ তৰফৰ পৰা কোনো বিবৃতি প্ৰকাশ কৰা হোৱা নাই ।

লগতে পঢ়ক :ৰাজনৈতিক হিটমেনে নিজকে বচাবলৈ চেষ্টা কৰিছে : স্বাতী মালিৱাল - Swati Maliwal Assault Case

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.