ETV Bharat / bharat

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ন্যায়িক জিম্মা ১২ জুলাইলৈ বৃদ্ধি ৰাউজ এভিনিউ আদালতৰ - Delhi CM Arvind Kejriwal

author img

By ETV Bharat Assamese Team

Published : Jul 3, 2024, 8:33 PM IST

Delhi CM Arvind Kejriwal: দিল্লী আবকাৰী নীতিৰ সৈতে জড়িত ধন সৰবৰাহৰ গোচৰত ৰাউছ এভিনিউ আদালতে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ন্যায়িক জিম্মা ১২ জুলাইলৈ বৃদ্ধি কৰিছে । ইফালে অহা ৫ জুলাইত দিল্লী উচ্চ ন্যায়ালয়ে চিবিআইৰ আবকাৰী নীতি কেলেংকাৰীৰ গোচৰত মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ জামিন আবেদনৰ শুনানি গ্ৰহণ কৰিব ।

Delhi CM Arvind Kejriwal
দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল (ETV BHARAT ASSAM)

নিউজ ডেস্ক, ৩ জুলাই: দিল্লী আবকাৰী নীতিৰ সৈতে জড়িত ধন সৰবৰাহ গোচৰত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু বিনোদ চৌহানৰ ন্যায়িক জিম্মা ১২ জুলাইলৈ বৃদ্ধি কৰিছে ৰাউজ এভিনিউ আদালতে । বিশেষ ন্যায়াধীশ কাবেৰী বাৱেজাই ন্যায়িক জিম্মা বৃদ্ধিৰ নিৰ্দেশ দিয়ে । আজি কেজৰিৱালৰ ন্যায়িক জিম্মা শেষ হৈছিল, তাৰ পিচত তেওঁক ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে আদালতত হাজিৰ কৰা হৈছিল ।

ইয়াৰ পূৰ্বে ২৯ জুনত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক চিবিআইয়ে ৰাউছ এভিনিউ আদালতত হাজিৰ কৰিছিল । শুনানিৰ অন্তত আদালতে কেজৰিৱালক ১৪ দিনৰ বাবে ন্যায়িক জিম্মাত তিহাৰলৈ প্ৰেৰণ কৰে । এই গোচৰত এতিয়ালৈকে ১৮ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে । গ্ৰেপ্তাৰ হোৱা লোকসকলৰ ভিতৰত আছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল, প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ ছিছ’দিয়া, আম আদমি পাৰ্টীৰ সাংসদ সঞ্জয় সিং, বি আৰ এছ নেতা কে কবিতা । এই গোচৰত ইতিমধ্যে উচ্চতম ন্যায়ালয়ে আম আদমি পাৰ্টীৰ সাংসদ সঞ্জয় সিঙক জামিন প্ৰদান কৰিছে ।

লগতে পঢ়ক: জামিন নাপালে অৰবিন্দ কেজৰিৱালে : পুনৰ ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ - Arvind Kejriwal Hearing

ইফালে দিল্লী উচ্চ ন্যায়ালয়ে অহা ৫ জুলাইত চিবিআইৰ আবকাৰী নীতি কেলেংকাৰীৰ অভিযোগত মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ জামিন আবেদনৰ শুনানি গ্ৰহণ কৰিব । মুখ্যমন্ত্ৰী কেজৰিৱালৰ অধিবক্তাই ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ মনমোহন আৰু ন্যায়াধীশ তুষাৰ ৰাও গেডেলাৰ বিচাৰপীঠৰ সন্মুখত জৰুৰী শুনানিৰ বাবে বিষয়টো উল্লেখ কৰে, য’ত আদালতে শুকুৰবাৰে গোচৰৰ শুনানি হ’ব বুলি কয় ।

কেজৰিৱালৰ হৈ হাজিৰ অধিবক্তা ৰজত ভৰদ্বাজে কয় যে আবেদনকাৰীক উপযুক্ত আইনী পদ্ধতি অনুসৰণ নকৰাকৈ অবৈধভাৱে আটক কৰি ৰখা হৈছে আৰু তেওঁ জামিন আবেদন দাখিল কৰিছে । অধিবক্তাগৰাকীয়ে আবেদনখনৰ শুনানিৰ বাবে বৃহস্পতিবাৰটো নিৰ্ধাৰণ কৰিবলৈ অনুৰোধ জনায়, যাৰ উত্তৰত ন্যায়াধীশ মনমোহনে কয়, ‘বিচাৰকক কাগজ-পত্ৰ চাবলৈ দিয়ক । ইয়াৰ এদিন পিচত আমি বিষয়টোৰ শুনানী গ্ৰহণ কৰিম ।"

লগতে পঢ়ক: বন্দিত্বৰ পৰা ওলাবই নোৱাৰিলে কেজৰিৱাল : পুনৰ ৩ দিনৰ বাবে চি বি আই জিম্মালৈ প্ৰেৰণ - Arvind Kejriwal arrested by CBI

যোৱা ২৬ জুনত কেজৰিৱালক চিবিআইয়ে গ্ৰেপ্তাৰ কৰিছিল: আম আদমি পাৰ্টীৰ ৰাষ্ট্ৰীয় আহ্বায়কক ২৬ জুনত চিবিআইয়ে তিহাৰ জেলৰ পৰা গ্ৰেপ্তাৰ কৰিছিল, য’ত তেওঁ এতিয়াও বলবৎকাৰী সঞ্চালকালয়ে (ইডি) পঞ্জীয়ন কৰা ধন সৰবৰাহৰ গোচৰত ন্যায়িক জিম্মাত আছে । সূত্ৰৰ মতে, কেজৰিৱালে ১ জুলাইৰ বিচাৰ আদালতৰ আদেশক প্ৰত্যাহ্বান জনাইছে য’ত ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে তেওঁৰ উকীলসকলৰ সৈতে প্ৰতি সপ্তাহত দুখন অতিৰিক্ত বৈঠকৰ অনুমতি দিবলৈ কাৰাগাৰ কৰ্তৃপক্ষক নিৰ্দেশ দিয়াৰ আবেদন নাকচ কৰিছে ।

বিচাৰ আদালতৰ পৰা জামিন লাভ:

বৰ্তমান তেওঁক সপ্তাহত দুবাৰকৈ অধিবক্তাক লগ কৰিবলৈ দিয়া হৈছে । ইতিমধ্যে তেওঁ চিবিআই গোচৰত গ্ৰেপ্তাৰক প্ৰত্যাহ্বান জনাইছে আৰু এই আবেদন উচ্চ ন্যায়ালয়ত বিচাৰাধীন হৈ আছে । আদালতে চিবিআইক উত্তৰ দাখিল কৰিবলৈ জাননী জাৰি কৰিছিল আৰু ১৭ জুলাইত যুক্তিৰ বাবে তালিকাভুক্ত কৰিছিল । যোৱা ২১ মাৰ্চত ইডিয়ে গ্ৰেপ্তাৰ কৰা কেজৰিৱালক ২০ জুনত ধন সৰবৰাহৰ গোচৰত বিচাৰ আদালতে জামিন প্ৰদান কৰিছিল ।

অৱশ্যে উচ্চ ন্যায়ালয়ে বিচাৰ আদালতৰ নিৰ্দেশ স্থগিত ৰাখিছিল । ২০২২ চনত দিল্লীৰ লেফটেনেণ্ট গভৰ্ণৰে ইয়াৰ প্ৰণয়ন আৰু কাৰ্যকৰীকৰণৰ সৈতে জড়িত কথিত অনিয়ম আৰু দুৰ্নীতিৰ তদন্তৰ নিৰ্দেশ দিয়াৰ পিচতে এই আবকাৰী নীতি বাতিল কৰা হৈছিল । চিবিআই আৰু ইডিৰ তথ্য অনুসৰি আবকাৰী নীতি সংশোধন কৰাৰ সময়ত অনিয়ম সংঘটিত হোৱাৰ লগতে অনুজ্ঞাপত্ৰধাৰীক অযথা সুবিধা প্ৰদান কৰা হয় ।

লগতে পঢ়ক: কাৰাবন্দী হৈয়েই থাকিব কেজৰিৱাল : জামিন আদেশত স্থগিতাদেশ - ARVIND KEJRIWAL

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.