ETV Bharat / bharat

ভাৰ্চুৱেলী আদালতত হাজিৰ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল - মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল

Delhi Excise Scam: দিল্লীৰ আবকাৰী কেলেংকাৰীৰ গোচৰত আজি ভাৰ্চুৱেলী আদালতত হাজিৰ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল । একে গোচৰতে আপ নেতা মণীষ ছিছোদিয়া আৰু সঞ্জয় সিং আৰু সত্যেন্দৰ জৈন ভাৰ্চুৱেলী আদালতত হাজিৰ হোৱাৰ সম্ভাৱনা আছে ।

Arvind Kejriwal
মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল
author img

By ETV Bharat Assamese Team

Published : Feb 17, 2024, 10:09 AM IST

Updated : Feb 17, 2024, 1:05 PM IST

নিউজ ডেস্ক, 17 ফেব্ৰুৱাৰী: দিল্লীৰ আবকাৰী নীতিৰ গোচৰত একাধিক চমন লাভ কৰাৰ পাচতো বলবৎকাৰী সঞ্চালকালয়ৰ কাৰ্যালয়ত হাজিৰ নোহোৱাৰ অভিযোগৰ সন্দৰ্ভত আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ৰাউজ এভিনিউ আদালতত হাজিৰ হয় আম আদমি পাৰ্টিৰ চুপ্ৰেমো তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল । বিধানসভাত আস্থা প্ৰস্তাৱৰ আলোচনা আৰু চলি থকা বাজেট অধিৱেশনৰ বাবে তেওঁ ব্যক্তিগতভাৱে উপস্থিত হ’ব নোৱাৰাৰ কথা উল্লেখ কৰে ।

ইডিৰ চমনক অহৰহ আওকাণ কৰাৰ বাবে 7 ফেব্ৰুৱাৰীত ৰাউজ এভিনিউ আদালতে দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীক 17 ফেব্ৰুৱাৰী অৰ্থাৎ আজি আদালতত হাজিৰ হ’বলৈ নিৰ্দেশ দিছিল । আদালতত শুনানিৰ সময়ত ইডিৰ হৈ হাজিৰ হোৱা এ এছ জি এছ ভি ৰাজুৱে আদালতত কয় যে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে ধাৰাবাহিকভাবে চমনক আওকাণ কৰি আছে । তেওঁ কৈছিল যে ধন সৰবৰাহৰ আইনৰ 50 নং ধাৰাত অৰবিন্দ কেজৰিৱাললৈ পাঁচবাৰ চমন প্ৰেৰণ কৰা হৈছে যদিও আটাইকেইবাৰ কেজৰিৱালে চমন আওকাণ কৰি ইডিৰ সন্মুখত হাজিৰ নহ’ল । ইয়াৰ পাচত আদালতে ইডিৰ অভিযোগৰ প্ৰতি গুৰুত্ব আৰোপ কৰাৰ কথা উল্লেখ কৰে ৷

ইফালে আবকাৰী নীতিৰ গোচৰত দিল্লীৰ মুখ্যমন্ত্ৰীৰ সৈতে আপ নেতা মণীষ ছিছোদিয়া আৰু সঞ্জয় সিং আজি শাৰীৰিকভাবে আদালতত হাজিৰ হ’ব পাৰে ৷ আনহাতে সত্যেন্দৰ জৈনে ভাৰ্চুৱেলি হাজিৰ হোৱাৰ সম্ভাৱনা আছে ।

উল্লেখ্য যে, দিল্লী আবকাৰী কেলেংকাৰী গোচৰত ন্যায়িক জিম্মাত আছে প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মণীষ ছিছোদিয়া আৰু ৰাজ্যসভাৰ সদস্য সঞ্জয় সিং । ইডিয়ে 2023 চনৰ 4 অক্টোবৰত সঞ্জয় সিঙক তেওঁৰ চৰকাৰী বাসগৃহত সোধা-পোছা কৰি গ্ৰেপ্তাৰ কৰিছিল । 2023 চনৰ 9 মাৰ্চত জেৰাৰ অন্তত তিহাৰ জেলৰ পৰা ইডিয়ে গ্ৰেপ্তাৰ কৰিছিল মণীষ ছিছোদিয়াক ।

ইয়াৰ পূৰ্বে 2023 চনৰ 26 ফেব্ৰুৱাৰীত চিবিআইয়ে মণীষ ছিছোদিয়াক গ্ৰেপ্তাৰ কৰিছিল । ইতিমধ্যে সঞ্জয় সিঙৰ জামিন আবেদন নাকচ কৰিছে ৰাউজ এভিনিউ আদালতে আৰু তাৰ পিছত সঞ্জয় সিঙে উচ্চতম ন্যায়ালয়ত জামিন আবেদন দাখিল কৰিছে । ইফালে মণীষ ছিছোদিয়াৰ জামিন আবেদন নাকচ কৰে উচ্চতম ন্যায়ালয়ে ।

লগতে পঢ়ক: বিজেপিৰ মুখ্য কাৰ্যালয়ৰ বাহিৰত প্ৰতিবাদত বহিব মুখ্যমন্ত্ৰী কেজৰিৱাল

Last Updated : Feb 17, 2024, 1:05 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.