ETV Bharat / bharat

পুনৰ স্বাভাৱিক হৈছে ভাৰতৰ এয়াৰলাইন সেৱাসমূহ - Microsoft major outage - MICROSOFT MAJOR OUTAGE

Microsoft major outage : মাইক্ৰ'ছফ্ট বিভ্ৰাটৰ ফলত ব্যাপক সমস্যাৰ সন্মুখীন হৈছিল ভাৰতৰ বিমানবন্দৰ আৰু এয়াৰলাইন সেৱা । অৱশ্যে পুৱা ৩ বজাৰ পৰা এই সেৱাবোৰ স্বাভাৱিক হৈছে । কেন্দ্ৰীয় মন্ত্ৰী মুৰলীধৰ মহলে এই কথা নিশ্চিত কৰিছে ।

Microsoft major outage
পুনৰ স্বাভাৱিক হৈছে ভাৰতৰ এয়াৰলাইন সেৱাসমূহ (ANI)
author img

By ANI

Published : Jul 20, 2024, 12:37 PM IST

নেশ্যনেল ডেস্ক, ২০ জুলাই : দেশৰ বিমানবন্দৰসমূহত স্বাভাৱিক অৱস্থা ঘূৰি আহিছে । পুৱা ৩ বজাৰ পৰা স্বাভাৱিকভাৱে বিমানবন্দৰৰ কাম-কাজবোৰ পুনৰ আৰম্ভ হৈছে । এই কথা জনালে অসামৰিক বিমান পৰিবহণৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী মুৰলীধৰ মহলে । শনিবাৰে এক চৰকাৰী জাননীযোগে তেওঁ কয় যে নিশা ৩ বজাৰ পৰা বিমান বন্দৰৰ এয়াৰলাইন প্ৰণালীসমূহে স্বাভাৱিকভাৱে কাম কৰা আৰম্ভ কৰিছে ।

বিমান পৰিচালনা এতিয়া সুচাৰুৰূপে চলি আছে । মাইক্ৰ'ছফ্টৰ বিভ্ৰাটৰ বাবে বেকলগ আছে আৰু সেয়া ক্ৰমান্বয়ে সম্পূৰ্ণ হ'ব বুলি তেওঁ উল্লেখ কৰে । দুপৰীয়াৰ ভিতৰত সকলো সমস্যা সমাধান হোৱাটো আশা কৰা হৈছে । তেওঁ অৱগত কৰা মতে বিভাগে বিমানবন্দৰৰ লগতে এয়াৰলাইনসমূহৰ সৈতে নিৰন্তৰভাৱে কাম-কাজৰ নিৰীক্ষণ কৰি আছে । যাত্ৰীসকলৰ ভ্ৰমণৰ পুনৰ ব্যৱস্থা কৰাৰ লগতে টিকট বাতিলৰ ধনো ঘূৰাই দিয়াৰো ব্যৱস্থা কৰা হৈছে ।

উল্লেখ্য যে, শুকুৰবাৰে মাইক্ৰ'ছফ্ট বিভ্ৰাটৰ ফলত বিশ্বজুৰি বিভিন্ন সেৱা ব্যাহত হৈ পৰিছিল । বিশেষকৈ বিমানবন্দৰসমূহ অচল হৈ পৰিছিল । টিকট বুকিং, বৰ্ডিং পাছ, চেক-ইন আদিত ব্যাপক সমস্যাৰ সন্মুখীন হৈছিল যাত্ৰীসকল । অৱশ্যে ভাৰতীয় কম্পিউটাৰ জৰুৰীকালীন সঁহাৰি দলে (চিইআৰটি-ইন) এক পৰামৰ্শ জাৰী কৰে যে ক্ৰাউডষ্ট্ৰাইক এজেণ্ট, ফালকন চেন্সৰৰ শেহতীয়া আপডেটৰ ফলত হোৱা ব্যাপক সমস্যাটো সমাধান কৰা হৈছে । এই আপডেটৰ ফলত চিষ্টেম ক্ৰেছ আৰু 'ব্লু স্ক্ৰীণ অফ ডেথ' (বিএছওডি) হয়, যাৰ ফলত ক্ৰাউডষ্ট্ৰাইক ফালকন চেন্সৰেৰে সজ্জিত অসংখ্য উইণ্ডোচ হোষ্ট প্ৰভাৱিত হয় ।

ইফালে ক্ৰাউডষ্ট্ৰাইকে শেহতীয়া আপডেটত কৰা পৰিৱৰ্তনবোৰ আগৰ অৱস্থালৈ লৈ গৈছিল । অৱশ্যে, ইয়াৰ ফলত ক্ষতিৰ সন্মুখীন হোৱা হোষ্টসকলৰ বাবে চিইআৰটি-ইনয়ে নিৰ্দিষ্ট প্ৰশমন পদক্ষেপৰ পৰামৰ্শ দিছে । আনহাতে শুকুৰবাৰে কেন্দ্ৰীয় তথ্য প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে ৰাইজক আশ্বাস দিছিল যে সমস্যাটো সমাধান কৰিবলৈ চৰকাৰে মাইক্ৰ'ছফ্টৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক ৰাখিছে ।

লক্ষণীয়ভাৱে মাইক্ৰ'ছফ্টে ভাৰতকে ধৰি বিশ্বব্যাপী অনলাইন সেৱাসমূহ প্ৰভাৱিত কৰা বিভ্ৰাটৰ কথা স্বীকাৰ কৰে । শেহতীয়া আপডেটত মাইক্ৰ'ছফ্টে সেৱাবোৰত নিৰন্তৰ উন্নতিৰ প্ৰতিবেদন দিছে । একেদৰে স্বাভাৱিক এয়াৰলাইন কাৰ্যকলাপ পুনৰ আৰম্ভ হোৱাটো বহুতো ভ্ৰমণকাৰীৰ বাবে এক সকাহ হিচাপে দেখা গৈছে । কিয়নো তেওঁলোকে চিষ্টেম বিভ্ৰাটৰ বাবে গুৰুত্বপূৰ্ণ বিলম্ব আৰু ব্যাঘাতৰ সন্মুখীন হৈছিল ।

লগতে পঢ়ক :মাইক্ৰ'ছফ্ট বিভ্ৰাট : প্ৰভাৱিত এয়াৰলাইনছ কোম্পানী, হোৱা নাই টিকট বুকিং-চেক ইন - Microsoft outage

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.