ETV Bharat / bharat

অসমকে ধৰি দেশত সংঘটিত হৈছিল এইসমূহ শোকাৱহ তথা বহু চৰ্চিত নাও দুৰ্ঘটনা - Boat Capsize Incidents

author img

By ETV Bharat Assamese Team

Published : Jul 12, 2024, 9:03 PM IST

Boat Capsize Incidents : শেহতীয়াকৈ গোৱালপাৰাৰ শিমলীতোলাত সংঘটিত হৈছে এক নাও দুৰ্ঘটনা য‘ত পাঁচটাকৈ মৃতদেহ উদ্ধাৰ কৰা হৈছে ৷ স্বাভাৱিকতে এই ঘটনাই পুনৰ প্ৰাসংগিক কৰি তুলিছে অসমৰ ইতিহাসত সংঘটিত কেবাটাও উল্লেখযোগ্য নাও দুৰ্ঘটনাৰ ঘটনাৰাজীক ৷ এই সাম্প্ৰতিক ঘটনাৰ আলম লৈ অসম তথা ভাৰতৰ ভিন্ন প্ৰান্তত সংবাদ শিৰোনাম দখল কৰা কেতবোৰ উল্লেখযোগ্য নাও দুৰ্ঘটনাৰ বিষয়ে আজি এই বিশেষ এই প্ৰতিবেদন ৷

ASSAM BOAT CAPSIZE INCIDENTS
অসম আৰু ভাৰতত নাও দুৰ্ঘটনা (ETV BHARAT ASSAM)

বিশেষ প্ৰতিবেদন, 12 জুলাই : বৃহস্পতিবাৰে গোৱালপাৰা জিলাত এখন নাও দুৰ্ঘটনাই পাঁচজনকৈ লোকক কাঢ়ি লৈ যায় ৷ শুকুৰবাৰে বিয়লি পৰ্যন্ত চলা উদ্ধাৰ অভিযানৰ অন্তত এই কথা নিশ্চিত হৈ পৰে যে সলিল সমাধি ঘটিছে সন্ধানহীন পাঁচ ব্যক্তিৰ ৷ ঘটনাটো গোৱালপাৰা জিলাৰ শিমলীতোলা নাৰায়ণপাৰা অঞ্চলত সংঘটিত হয় ৷ গাঁৱৰ এদল লোকক কঢ়িয়াই নিয়া এখন দেশীয় নাও গভীৰ পানীত ডুব গৈ এই দুৰ্ঘটনা সংঘটিত হয় ৷ এগৰাকী ব্যক্তিৰ পত্নীৰ মৃতদেহ সৎকাৰ কৰি শ্মশানৰ পৰা উভতি অহাৰ সময়তে সংঘটিত হয় এই মৰ্মান্তিক নাও দুৰ্ঘটনা ৷

গোৱালপাৰাৰ এই নাও দুৰ্ঘটনাই পুনৰ সজীৱ কৰি তুলিলে অসম তথা দেশৰ কিছু চৰ্চিত নৌকা দুৰ্ঘটনাৰ অভিশপ্ত স্মৃতি ৷ যি ঘটনাবোৰ আজি আমি আকৌ উভতি চাম ৷

অসমত শেহতীয়াকৈ নাও ডুবি মৃত্যুৰ বিষয়ে এন চি আৰ বিৰ (NCRB) তথ্য-

এন চি আৰ বিৰ তথ্য অনুসৰি 2022 চনত অসমত নাও দুৰ্ঘটনাৰ ফলত কমেও 8 জন লোকৰ মৃত্যু হৈছিল ৷ এন চি আৰ বিয়ে ভাৰতত 2022 চনত দুৰ্ঘটনাজনিত মৃত্যু আৰু আত্মহত্যাৰ ওপৰত দিয়া প্ৰতিবেদনত এই তথ্য প্ৰকাশ পাইছে ৷ 2021 চনত অসমত 11 টা নাও দুৰ্ঘটনা আৰু এজন লোকৰ মৃত্যুৰ তথ্য লাভ কৰা গৈছে ৷ 2019 চনত 15 টা মৃত্যু নথিভুক্ত কৰা হৈছে যদিও 2020 চনত ৰাজ্যখনত কোনো নাও দুৰ্ঘটনা পঞ্জীয়ন কৰা হোৱা নাই ৷

অসমত ঘটা কিছু নাও দুৰ্ঘটনা :

01.04.2024 অসম : এখন নাও ডুব যোৱাৰ পিচত দুটা শিশুসহ 3 জনৰ মৃত্যু আৰু দুজন লোক সন্ধানহীন হোৱাৰ খবৰ পোৱা গৈছিল ৷ সমগ্ৰ অসমতে হোৱা ধাৰাসাৰ বৰষুণ আৰু শিলাবৃষ্টিৰ মাজতে দক্ষিণ শালমাৰা-মানকাচাৰ জিলাত ব্ৰহ্মপুত্ৰ নদীত ডুব গৈছিল নাওখন ৷

30.09.2022 অসম: বহু যাত্ৰী কঢ়িয়াই নিয়া এখন নাও ডুব যোৱাৰ ফলত এজন লোকৰ মৃত্যু হয় আৰু আন তিনিজন আহত হয় ৷ অসমৰ ধুবুৰী জিলাত ব্ৰহ্মপুত্ৰ নদীত ডুব গৈছিল নাওখন ৷

05.09.2018 অসম : ব্ৰহ্মপুত্ৰত নাও ডুবি 3 জন নিহত, 11 জন সন্ধানহীন হোৱা এই ঘটনা সংঘটিত হৈছিল যেতিয়া নাওখনৰ ইঞ্জিন বিকল হৈ অশ্বক্লান্ত মন্দিৰৰ ওচৰত এটা শিলত খুন্দা মাৰিছিল ৷

28.09.2015 অসম : অত্যধিক বোজা কঢ়িয়াই নিয়া এখন মেচিন নাও ডুব যোৱাৰ ফলত 50 জনৰো অধিক লোকৰ মৃত্যু হোৱাৰ আশংকা কৰা হৈছিল ৷ অসমৰ কামৰূপ (গ্ৰাম্য) জিলাৰ কলহিনী নদীত সংঘটিত হোৱা এই দুৰ্ঘটনাত প্ৰায় 250 ৰ পৰা 300 জন লোক উটি গৈছিল ৷

30.04.2012 অসম : ব্ৰহ্মপুত্ৰ নদীত ধুমুহাৰ সময়ত অধিক বোজা কঢ়িয়াই নিয়া এখন ফেৰীৰ আধা অংশ ভাগি ডুব যায় ৷ এই শোকাৱহ দুৰ্ঘটনাত 103 জন লোকৰ মৃত্যু হয় ৷

ইয়াত ভাৰতৰ আন আন অংশত সংঘটিত হোৱা কিছু নাও দুৰ্ঘটনাৰ বিষয়ে উল্লেখ কৰা হ’ল:

21.05.2024 মহাৰাষ্ট্ৰ : বেয়া বতৰৰ মাজতে ভীমা নদীৰ উজনি অংশৰ বান্ধৰ পিছফালৰ পানীত 7 জন লোকক লৈ যোৱা এখন নাও ডুবি যায় ৷ ঘটনাটো 21 মে'ৰ সন্ধিয়া সংঘটিত হৈছিল যেতিয়া তীব্ৰ বতাহ আৰু বৰষুণৰ মাজতে নাওখন কুগাভৰ পৰা কালাচী গাঁৱলৈ গৈ আছিল ৷ মে’ৰ 22 তাৰিখে 5 ৰ মৃতদেহ উদ্ধাৰ কৰা হয় ৷

19.04.2024 ওড়িশা: ওড়িশাত প্ৰায় 50 জন যাত্ৰী কঢ়িয়াই নিয়া এখন নাও ডুবি যোৱাৰ ফলত 7 জন লোকৰ মৃত্যু হয় ৷ বেছিভাগ ঝাৰচুগুড়া জিলাৰ মন্দিৰ ভ্ৰমণ কৰি ওভতি অহা ভক্ত কঢ়িয়াই অনা এখন নাও দুৰ্ঘনটাগ্ৰস্ত হৈছিল ৷ ঘটনাটো 19 এপ্ৰিলৰ সন্ধিয়া সংঘটিত হৈছিল ৷

16.04.2024 শ্ৰীনগৰ : শ্ৰীনগৰৰ ওচৰৰ গাণ্ডবালৰ ঝিলামত ছাত্ৰ-ছাত্ৰীক বিদ্যালয়লৈ লৈ যোৱা এখন নাও ডুবি যোৱাৰ ফলত দুটি শিশু আৰু তেওঁলোকৰ মাতৃসহ 6 জন লোক নিহত হৈছিল ৷

18.01.2024 গুজৰাট : গুজৰাটৰ বদোদৰা জিলাত পিকনিকলৈ স্কুলৰ এটা দল কঢ়িয়াই নিয়া, আপাতদৃষ্টিত অত্যাধিক ভৰ কঢ়িওৱা এখন নাও হাৰ্নি হ্ৰদত ওলোটা হৈ পৰাত কমেও 14 জন লোক - 12 টি স্কুলীয়া শিশু আৰু দুজন শিক্ষক নিহত হৈছিল ৷

07.05.2023 কেৰালা : কেৰালাৰ মালাপ্পুৰম জিলাৰ পুৰাপুঝা প্ৰান্তত এখন পৰ্যটকৰ নাও ডুবি যোৱাৰ ফলত 22 জন লোক ডুব যোৱাৰ লগতে বহুলোক সন্ধানহীন হয় ৷

08.08.2019 মহাৰাষ্ট্ৰ : মহাৰাষ্ট্ৰত উদ্ধাৰকাৰী নাও ডুবি যোৱাৰ ফলত 9 জন নিহত ৷ ৰাজ্যখনত ভয়ংকৰ বানৰ কবলত পৰাৰ সময়তে এই দুৰ্ঘটনা সংঘটিত হয় ৷ এন ডি আৰ এফৰ পাঁচটা দলক উদ্ধাৰ অভিযানৰ বাবে পঞ্জাৱৰ পৰা বিমানেৰে নিয়া হৈছিল ৷

22.01.2019 কৰ্ণাটক : কাৰৱাৰৰ সমীপত নাও উলটি যোৱাৰ ফলত 8 জনৰ মৃত্যু; 18 জনক উদ্ধাৰ ৷ সকলোবোৰ কুৰুমগাড দ্বীপৰ স্থানীয় উৎসৱৰ পৰা উভতি আহিছিল ৷ ফেৰীখনত মুঠ 33 জন লোক আছিল ৷

11.09. 2019 মহাৰাষ্ট্ৰ : চাংলি জিলাত হোৱা নাও দুৰ্ঘটনাৰ পিচত 17 টা মৃতদেহ উদ্ধাৰ কৰা হয় ৷

15.01.2019 মহাৰাষ্ট্ৰ : নৰ্মদা নদীত নাও দুৰ্ঘটনাৰ ফলত 6 জন ডুব যায় ৷ মকৰ সংক্ৰান্তিৰ উপলক্ষে নদী উপাসনা অনুষ্ঠান সম্পাদন কৰাৰ সময়তে এই দুৰ্ঘটনা সংঘটিত হয় ৷

লগতে পঢ়ক : তিনিখন নাৱৰ সৈতে 13 গৰাকী ভাৰতীয় মাছমৰীয়াক আটক শ্ৰীলংকাৰ নৌসেনাৰ - INDIAN FISHERMEN APPREHENDS

15.07.2018 অন্ধ্ৰ প্ৰদেশ : অন্ধ্ৰ প্ৰদেশত গোদাৱৰী নদীত 33 জন লোকক কঢ়িয়াই নিয়া এখন নাও ডুবি যোৱাৰ পিছতে

ছগৰাকী ছোৱালী, সকলো বিদ্যালয়ৰ শিক্ষাৰ্থী আৰু এগৰাকী 35 বছৰীয়া মহিলাক একাধিক দলে অভিযান চলোৱাৰ পিচতো উদ্ধাৰ কৰিবলৈ সক্ষম নহ’ল ৷

16 05.2018 অন্ধ্ৰ প্ৰদেশ : অন্ধ্ৰ প্ৰদেশত এখন নাও ডুব যোৱাৰ পিচত কমেও 15 জন লোক সন্ধানহীন হয় ৷

31.01.2018 বিহাৰ : বিহাৰৰ পাটনাত সংঘটিত এক শোকাৱহ ঘটনাত কমেও পাঁচজন লোক ডুব যায় আৰু আন কেইবাজনো লোক সন্ধানহীন হয় ৷ ফাতুহাত গংগা নদীত 15 জন লোকক কঢ়িয়াই নিয়া এখন নাও ডুব যোৱাৰ ফলতে এই দুৰ্ঘটনা সংঘটিত হয় ৷

06.05.2018 বিহাৰ : বেগুচৰাইত এখন দুৰ্বল নাও ডুব যোৱাৰ ফলত মুঠ চাৰিটা শিশুৰ মৃত্যু হয় আৰু আন সাতজন আহত হয় ৷

13. 01.2018 মহাৰাষ্ট্ৰ : মুম্বাইৰ ওচৰত ভাৰতীয় উপকূলত 40 জন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক কঢ়িয়াই নিয়া এখন নাও ডুব যোৱাৰ ফলত তিনিজন ছাত্ৰৰ মৃত্যু হয়৷ টাইমছ অৱ ইণ্ডিয়াৰ বাতৰি অনুসৰি নাওখনত অত্যধিক ভিৰ হৈছিল আৰু ছাত্ৰ-ছাত্ৰীসকলে লাইফজেকেট পিন্ধা নাছিল ৷ মৃত্যু হোৱা সকলৰ মাজৰ দুজনৰ বয়স 17 বছৰ বুলি জানিব পৰা গৈছে ৷

13.11.2017 অন্ধ্ৰ প্ৰদেশ : অন্ধ্ৰ প্ৰদেশত অখন নাও ডুব যোৱাৰ ফলত উদ্ধাৰকাৰীসকলে 16 জন তীৰ্থযাত্ৰীৰ মৃতদেহ উদ্ধাৰ কৰে ৷ আৰক্ষীৰ সূত্ৰ অনুসৰি জাহাজখনত 38 জন লোক আছিল, তেওঁলোকৰ বহুতেই এখ ধৰ্মীয় উৎসৱলৈ গৈ আছিল ৷ কৃষ্ণা নদীত সংঘটিত এই দুৰ্ঘটনাৰ পৰা বিশজন লোকৰ প্ৰাণ ৰক্ষা পৰে ৷

14.09.2017 উত্তৰ প্ৰদেশ : উত্তৰ প্ৰদেশৰ বাঘপতৰ পৰা হাৰিয়ানালৈ গৈ থকা অৱস্থাত যমুনা নদীত এখন নাও দুৰ্ঘটনাগ্ৰস্ত হোৱাত কমেও 19 জন লোক ডুব যায় ৷ নাওখনত প্ৰায় 50 জন লোক আছিল, যাৰ ক্ষমতা আছিল কেৱল 35 জন ৷ দহজন লোকে সুৰক্ষিত স্থানলৈ সাঁতুৰি প্ৰাণ ৰক্ষা কৰে আৰু প্ৰায় 31 জন যাত্ৰী সন্ধানহীন হয় ৷

14.01.2017: উত্তৰ প্ৰদেশ: পাটনাৰ এনআইটি ঘাটৰ বিপৰীতে ৰাজ্য চৰকাৰৰ দ্বাৰা আয়োজিত চিলা উৎসৱৰ পৰা উভতি অহা প্ৰায় 40 জন লোক কঢ়িয়াই অনা এখন নাও গংগা নদীত ডুব যোৱাত কমেও 23 জন লোক নিহত আৰু 7 জন আহত হয় ৷

মে’ 14, 2016 পশ্চিম বংগ : বৰ্ধমান জিলাৰ নাদিয়াৰ শান্তিপুৰ অভিমুখে গৈ থকা এখন অত্যধিক বোজা কঢ়িওৱা নাও কালনাৰ পৰা যাত্ৰা কৰাৰ কেইমিনিটমান পিচতে ডুব যায় ৷ দুৰ্ঘটনাৰ পাচত এন ডি আৰ এফৰ দ্বাৰা ভাগিৰথী নদীৰ পৰা 19 টা মৃতদেহ উদ্ধাৰ কৰা হয় ৷

07.11.2014 উত্তৰ প্ৰদেশ : উত্তৰ প্ৰদেশৰ ৰায়বৰেলী জিলাৰ ৰালপুৰ ঘাটত গংগা নদীত এখন নাও দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত দহজন লোক, যাৰ ভিতৰত নজন শিশু ডুব যোৱাৰ আশংকা কৰা হৈছিল ৷

09.02.2014 ওড়িশা: হীৰাকুদৰ জলাশয়ত প্ৰায় 120 জন যাত্ৰী কঢ়িয়াই নিয়া এখন মটৰ নাও ডুব যোৱাৰ পিচত মহিলা আৰু শিশুসহ কমেও 11 জন লোক নিহত হৈছিল আৰু আন কেইবাজনো লোক সন্ধানহীন হৈছিল ৷

26.01.2014 আন্দামান আৰু নিকোবৰ: আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ বংগোপসাগৰত পৰ্যটকক কঢ়িয়াই অনা এখন নাও ডুব যোৱাত কমেও 21 জন লোকৰ মৃত্যু হয় ৷

25.12.2011 অন্ধ্ৰ প্ৰদেশ : পুলিকাট হ্ৰদত এখন নাও ডুব যোৱাৰ পিত 22 জন লোকৰ মৃত্যু হয় ৷

22.05.2011 উত্তৰ প্ৰদেশ: মাণ্ডা আৰক্ষী চক্ৰৰ অন্তৰ্গত গংগা নদীত এখন নাও ডুব যোৱাত এটা পৰিয়ালৰ তিনিজন সদস্যসহ কমেও 12 জন লোক সন্ধানহীন হোৱাৰ আশংকা কৰা হৈছিল ৷

27.12.2010 তামিলনাডু: তামিলনাডু উপকূলৰ ওচৰৰ বংগোপসাগৰত সংঘটিত এক নাও দুৰ্ঘটনাত 15 জন নিহত ৷

14.06.2010 উত্তৰ প্ৰদেশ : পূব উত্তৰ প্ৰদেশৰ বালিয়া জিলাত অত্যধিক ভিৰ কঢ়িয়াই নিয়া এখন নাও দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত 75 জনৰো অধিক লোকৰ মৃত্যু হোৱাৰ আশংকা কৰা হৈছিল ৷

ছেপ্টেম্বৰ 2009 বিহাৰ: বিহাৰৰ বাগমতী নদীত এখন নাও দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত 34 টা শিশুসহ কমেও 60 জন লোক ডুব যায় ৷

30.09.2009 কেৰালা : পেৰিয়াৰ ৰাষ্ট্ৰীয় উদ্যানৰ থেক্কাডি হ্ৰদত এখন ডাবল ডেকড ব’ট ডুব যোৱাৰ ফলত 45 জন লোকৰ মৃত্যু হয় ৷

20.02.2007 কেৰালা : অংগমলী জিলাৰ ছেইণ্ট ষ্টিফেন স্কুলৰ 103 জন ছাত্ৰ-ছাত্ৰী পিকনিকৰ পৰা ভূমিথানকেট্টু জলাশয়লৈ উভতি অহাৰ সময়তে পোন্ধৰজন স্কুলীয়া ছাত্ৰ আৰু তিনিজন শিক্ষক পানীত ডুব যায় ৷ কোচিৰ পৰা 70 কিলোমিটাৰ দূৰত্বৰ থাটাকেডুত তেওঁলোক অহা নাওখন ডুব যোৱাত 10 ৰ পৰা 12 বছৰৰ ভিতৰৰ 15 জন ছাত্ৰ-ছাত্ৰী আৰু তিনিজন শিক্ষকৰ মৃত্যু হয় ৷

15.10.2005 উত্তৰ প্ৰদেশ: বালিয়াৰ এখন নদীত অত্যধিক বোজা কঢ়িওৱা এখন নাও দুৰ্ঘটনাগ্ৰস্ত হোৱাত নাওখনত থকা প্ৰায় 56 জন শ্ৰমিক উটি যায় ৷

20.07.2002 বিহাৰ : চাপ্ৰা জিলাত এক নাও দুৰ্ঘটনাত 24 জনৰো অধিক লোক ডুব যোৱাৰ আশংকা কৰা হয় ৷ 60 জনৰো অধিক লোক কঢ়িয়াই নিয়া নাওখন মুজাফ্ফৰপুৰলৈ যোৱাৰ পথত মাজ পানীত ডুব যায় ৷

লগতে পঢ়ক : গোৱালপাৰাৰ অভিশপ্ত নাও দুৰ্ঘটনা: পুৱা উদ্ধাৰ গৌৰাংগ মালাকৰৰ মৃতদেহ; সন্ধান নাই উদয়ৰ - Boat Accident in Goalpara

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.