ETV Bharat / bharat

গোপন অংগ কাটি আত্মহত্যাৰ চেষ্টা : মুজাফ্ফৰপুৰত চীনা অনুপ্ৰৱেশকাৰীৰ মৃত্যু - Chinese Died In Muzaffarpur

author img

By ETV Bharat Assamese Team

Published : Jun 11, 2024, 6:43 PM IST

Chinese Died In Muzaffarpur : বিহাৰৰ মুজাফ্ফৰপুৰত এজন সন্দেহযুক্ত চীনা নাগৰিকৰ মৃত্যু । বৈধ নথিপত্ৰ অবিহনে ভাৰতত প্ৰৱেশৰ অভিযোগত শেহতীয়াভাৱে আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰিছিল । আৰক্ষীয়ে জনোৱা অনুসৰি, চীনা নাগৰিকজনে শৌচালয়ত চছমাৰ আইনাৰে তেওঁৰ গোপন অংগ কাটিবলৈ চেষ্টা কৰিছিল । অৱশেষত চিকিৎসাধীন অৱস্থাতে তেওঁৰ মৃত্যু হয় ।

Chinese Died In Muzaffarpur
মৃত্যু হোৱা চীনা ব্যক্তি (Etv Bharat)

নিউজ ডেস্ক, ১১ জুন : ভিছা অবিহনে ভাৰতত প্ৰৱেশ কৰা এজন চীনা নাগৰিকৰ চিকিৎসাধীন অৱস্থাত মৃত্যু । চীনা নাগৰিক লি জিয়াকীয়ে মুজাফ্ফৰপুৰৰ শ্বহীদ খুদিৰাম কেন্দ্ৰীয় কাৰাগাৰত আত্মহত্যাৰ চেষ্টা কৰিছিল । তেওঁ নিজৰ গোপন অংগ কাটি আত্মহত্যাৰ চেষ্টা কৰিছিল । ইয়াৰ পিচত তেওঁক খৰখেদাকৈ শ্ৰীকৃষ্ণ চিকিৎসা মহাবিদ্যালয়ৰ কাৰাগাৰ ৱাৰ্ডত ভৰ্তি কৰোৱা হয় । তাতে মঙলবাৰে পুৱা তেওঁৰ মৃত্যু হয় । কেন্দ্ৰীয় কাৰাগাৰৰ অধীক্ষকে এই কথা নিশ্চিত কৰিছে ।

কাৰাগাৰ অধীক্ষকে জনোৱা মতে, মুজাফ্ফৰপুৰৰ শ্বহীদ খুদিৰাম বসু কেন্দ্ৰীয় কাৰাগাৰত চীনা নাগৰিক লি জিয়াকীয়ে শৌচাগাৰত আত্মহত্যাৰ চেষ্টা কৰিছিল । তেওঁ নিজৰ চছমাৰ আইনাৰে তেওঁৰ গোপন অংগ কাটিবলৈ চেষ্টা কৰিছিল । তাৰ পিচত শৌচালয়তে তেওঁ মূৰ্চা যায় । কাৰাগাৰৰ আন বন্দীসকলে তেওঁক তেজেৰে লুটুৰি-পুতুৰি অৱস্থাত উদ্ধাৰ কৰে । পিচত তেওঁক কাৰাগাৰ প্ৰশাসনে এছ কে এম চি এইচত ভৰ্তি কৰায় ।

তেওঁ আৰক্ষীৰ জিম্মাত চিকিৎসাধীন হৈ আছিল । আনহাতে, কাৰাগাৰ প্ৰশাসনে ঘটনাটো সন্দৰ্ভত কাৰাগাৰত বন্দী হৈ থকা আন বন্দীসকলক সোধা-পোছা কৰে । বন্দীসকলে কাৰাগাৰ কৰ্তৃপক্ষক জনায় যে তেওঁ নিজৰ চছমাৰ আইনাৰে গোপন অংগ কাটিবলৈ চেষ্টা কৰিছিল ।

উল্লেখ্য, চহৰখনৰ ব্ৰহ্মপুৰা আৰক্ষী থানাৰ আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰিছিল । তেওঁৰ হাতত ভাৰতত প্ৰৱেশৰ কোনো ভিছা বা আন নথিপত্ৰ নাছিল । তেওঁ নেপাল সীমান্তৰ পৰা ভাৰতত প্ৰৱেশ কৰিছিল । জিলা আৰক্ষীৰ সৈতে চোৰাংচোৱা বিভাগৰ দলে তেওঁক জেৰা কৰিছিল । সোধা-পোছাৰ অন্তত তেওঁক কাৰাগাৰৰ চিকিৎসালয় ৱাৰ্ডত ভৰ্তি কৰোৱা হৈছিল আৰু তদন্ত কৰা হৈছিল ।

লগতে পঢ়ক : কয়ম্বটুৰত 2.5 লাখত বিক্ৰী কেঁচুৱা : বিহাৰৰ অভিযুক্তক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.