ETV Bharat / bharat

ছত্তীশগড়ত নিহত ৩ মহিলা মাওবাদী, এজনৰ আত্মসমৰ্পণ - Maoist killed

author img

By ANI

Published : Aug 30, 2024, 8:12 AM IST

Maoist killed : বিশেষ তথ্যৰ ভিত্তিত নিৰাপত্তা বাহিনীয়ে নাৰায়ণপুৰৰ আবুঝমাদৰ ঘন অৰণ্যত মাওবাদীৰ বিৰুদ্ধে অভিযান চলায় । এই সময়ত মাওবাদীৰে সংঘৰ্ষ হয় । অভিযানৰ অন্তত ৩ টা মহিলা মাওবাদীৰ মৃতদেহ উদ্ধাৰ । আৰক্ষীয়ে বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰও উদ্ধাৰ কৰে ।

Maoist killed
ছত্তীশগড়ত নিহত ৩ মহিলা মাওবাদী, এজনৰ আত্মসমৰ্পণ (ANI)

নেশ্যনেল ডেস্ক, ৩০ আগষ্ট : ছত্তীশগড়ত নিৰাপত্তা বাহিনীৰ মাওবাদী বিৰোধী অভিযান অব্যাহত আছে । তেনে এক অভিযানৰ মাজতে বৃহস্পতিবাৰে নাৰায়ণপুৰৰ আবুঝমাদৰ ঘন অৰণ্যত নিৰাপত্তা বাহিনীৰ গুলীত নিহত হয় ৩ টা মহিলা মাওবাদী । নিহত মাওবাদীকেইটা উত্তৰ বস্তাৰ ডিভিজন কমিটী আৰু পিএলজিএ কোম্পানীৰ সদস্য হিচাপে চিনাক্ত কৰা হৈছে ।

জিলা ৰিজাৰ্ভ গাৰ্ড (ডিআৰজি), বিশেষ টাস্ক ফ'ৰ্চ (এছটিএফ) আৰু সীমান্ত সুৰক্ষা বাহিনীৰ এক যুটীয়া দলে এই অভিযান চলাইছিল । এগৰাকী বিষয়াই জনোৱা মতে ঘটনাস্থলীৰ পৰা ৩০৩ ৰাইফল আৰু ৩১৫ টা বোৰ বন্দুকসহ (Bore Guns) বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু সামগ্ৰী উদ্ধাৰ কৰা হৈছে ।

  • মাওবাদী বিৰোধী অভিযান

নাৰায়ণপুৰৰ আৰক্ষী অধীক্ষক প্ৰভাত কুমাৰে কয় যে মাওবাদীৰ বিৰুদ্ধে তালাচী অভিযান পুৱা ৮ বজাৰ পৰা আৰম্ভ হৈছিল আৰু সেই অভিযানৰ সময়তে মাওবাদীয়ে আৰক্ষীৰ ওপৰত গুলীচালনা কৰিছিল ।

আৰক্ষী অধীক্ষকগৰাকীয়ে কয়, "আমি আজি পুৱা প্ৰায় ৮ মান বজাত মাওবাদীৰ বিৰুদ্ধে তালাচী অভিযান আৰম্ভ কৰিছিলো । সেই তথ্য লাভ কৰাৰ পিচতে মাওবাদীয়ে আৰক্ষীৰ ওপৰত গুলীচালনা কৰিছিল ।" তেওঁ লগতে কয় যে তালাচীৰ সময়ত মহিলা মাওবাদীকেইটাৰ মৃতদেহ উদ্ধাৰ কৰা হয় আৰু বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰও উদ্ধাৰ কৰা হয় ।

  • মাওবাদীৰ আত্মসমৰ্পণ

ৱাৰাংগলৰ আয়ুক্ত অম্বৰ কিশোৰ ঝাই কয় যে নালেবেলিৰ বাসিন্দা অনিল নামৰ এজন লোকে আত্মসমৰ্পণ কৰিছে । তেওঁ মাওবাদীৰ অঞ্চল সমিতিৰ সদস্য হিচাপে কাম কৰি আছিল । সংবাদ মাধ্যমৰ সন্মুখত ঝাই কয় যে আত্মসমৰ্পণকাৰী মাওবাদীৰ ওপৰত ৪ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰা হৈছিল । ইয়াৰ জৰিয়তে আয়ুক্তগৰাকীয়ে মাওবাদীৰে জড়িত লোকসকলক মূলসুঁতিলৈ উভতি আহিবলৈও আহ্বান জনায় ।

বস্তাৰৰ আৰক্ষী মহাপৰিদৰ্শক পি সুন্দৰৰাজে জানিবলৈ দিয়া মতে বস্তাৰ বিভাগৰ অধীনত বাৰিষা কালত চলোৱা মাওবাদী বিৰোধী অভিযানৰ সময়ত ২৬ টা মাওবাদীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে । ২১২ টা মাওবাদীক গ্ৰেপ্তাৰ কৰা হৈছে আৰু ২০১ টা মাওবাদীয়ে আত্মসমৰ্পণ কৰিছে । একেদৰে এনকাউণ্টাৰৰ সময়ত ইয়াতকৈও অধিক মাওবাদী আহত বা নিহত হোৱাৰ সন্দেহ কৰা হৈছে ।

লগতে পঢ়ক :ৰাজৌৰীত সন্ত্ৰাসবাদী আৰু নিৰাপত্তাৰক্ষীৰ মাজত সংঘৰ্ষ: নিহত ৩ সন্ত্ৰাসবাদী - Jammu and Kashmir gunfight

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.