নেশ্যনেল ডেস্ক, 5 মাৰ্চ : মধ্যপ্ৰদেশৰ ছত্ৰপুৰ জিলাৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে বহুজন সমাজ পাৰ্টীৰ (বিএছপি) নেতা মহেন্দ্ৰ গুপ্তাক গুলীয়াই হত্যা কৰাৰ ঘটনা পোহৰলৈ আহিছে । নেতাজনক কোনো আততায়ীয়ে মূৰত গুলীওৱাৰ ফলত তেওঁৰ ঘটনাস্থলীতেই মৃত্যু হয় । এই ঘটনাটোৰ খবৰ পোৱাৰ লগে লগে ছত্ৰপুৰৰ আৰক্ষী অধীক্ষক অমিত সংঘীয়ে ঘটনাস্থলীত উপস্থিত হৈ অভিযুক্তক বিচাৰি অভিযান আৰম্ভ কৰিছে ৷
কোন আছিল মহেন্দ্ৰ গুপ্তা ?
মহেন্দ্ৰ গুপ্তা বিএছপিৰ অন্যতম শক্তিশালী নেতা আছিল ৷ 2023 চনৰ নিৰ্বাচনত, বিএছপিয়ে তেওঁক বিজাৱাৰ বিধানসভাৰ পৰা প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছিল । ইয়াৰ পূৰ্বে, তেওঁ ঈশানগৰৰ পঞ্চায়তৰ সভাপতি হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল । মহেন্দ্ৰ গুপ্তাই যোৱা কেইবাছৰ ধৰি বিএছপিৰ হৈ সক্ৰিয়ভাৱে কাম কৰি আহিছে ৷ তেওঁক জিলাখনৰ বিএছপিৰ শক্তিশালী নেতাসকলৰ ভিতৰত এজন বুলি গণ্য কৰা হয় ৷
বিতৰ্কৰ সৈতে পুৰণি সম্পৰ্ক:
মহেন্দ্ৰ গুপ্তাৰ বিৰুদ্ধে কেইবাটাও অপৰাধমূলক গোচৰ পঞ্জীয়ন হৈছিল ৷ বিতৰ্কৰ সৈতে দীৰ্ঘদিন ধৰি সম্পৰ্ক আছে গুপ্তাৰ । ইয়াৰ পূৰ্বে বিতৰ্কৰ বাবেই মহেন্দ্ৰ গুপ্তাৰ নিৰাপত্তাৰ বাবে চৰকাৰী নিৰাপত্তাৰক্ষীও মোতায়েন কৰা হৈছিল ৷ ইয়াৰ পিচতো তেওঁক মূৰত গুলীয়াই হত্যা কৰা হয় ৷
এক বিবাহ অনুষ্ঠানত অংশগ্ৰহণৰ বাবে ছত্ৰপুৰলৈ আহিছিল গুপ্তা :
আৰক্ষীয়ে জনোৱা অনুসৰি, মহেন্দ্ৰ গুপ্তা ঈশানগৰৰ পৰা ছত্ৰপুৰলৈ এখন বিবাহ অনুষ্ঠানত অংশ ল'বলৈ আহিছিল । ঘটনাটো সংঘটিত কৰিবলৈ অহা অপৰাধীকেইটাই পূৰ্বৰে পৰা বিয়াঘৰত তেওঁৰ অপেক্ষা কৰি আছিল ৷ তেওঁ মহেন্দ্ৰ গাৰ্ডেনৰ পৰা ওলাই অহাৰ লগে লগে তেওঁক আততায়ীয়ে নিচেই ওচৰৰ পৰা মূৰত গুলী মাৰে আৰু ঘটনাস্থলীতে তেওঁৰ মৃত্যু হয় ।
লগতে পঢ়ক: অৱশেষত আদালতত হাজিৰ অভিনেত্ৰী জয়প্ৰদা