ETV Bharat / bharat

৫৮ বছৰ বয়সত সিদ্ধু মুছেৱালাৰ মাতৃয়ে সন্তান জন্ম দিয়াক লৈ পঞ্জাৱলৈ কেন্দ্ৰৰ জাননী - Sidhu Moosewala

Sidhu Moosewala Mother Gives Birth: প্ৰয়াত পাঞ্জাবী কন্ঠশিল্পী সিদ্ধু মুছেৱালাৰ মাতৃ চৰণ কৌৰে ৫৮ বছৰ বয়সত আইভিএফৰ জৰিয়তে সন্তান জন্ম দিয়াক লৈ পঞ্জাৱ চৰকাৰলৈ পত্ৰ প্ৰেৰণ কৰিছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে ৷ কেন্দ্ৰই পঞ্জাৱ চৰকাৰক এই বিষয়ত কি ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি প্ৰশ্ন কৰে । চৰণ কৌৰৰ গৰ্ভধাৰণক কেন্দ্ৰ কৰি পূৰ্বৰে পৰাই চলি আহিছিল বিতৰ্ক ৷

Sidhu Moosewala Mother Gives Birth
সিদ্ধু মুছেৱালাৰ মাতৃয়ে সন্তান জন্ম দিয়াক লৈ পঞ্জাৱলৈ কেন্দ্ৰৰ জাননী
author img

By ETV Bharat Assamese Team

Published : Mar 20, 2024, 8:57 PM IST

নিউজ ডেস্ক, ২০ মাৰ্চ: প্ৰয়াত পাঞ্জাবী কন্ঠশিল্পী সিদ্ধু মুছেৱালাৰ মাতৃ চৰণ কৌৰে দেওবাৰে এটি পুত্ৰ সন্তান জন্ম দিয়ে । মুছেৱালাৰ ৫৮ বছৰীয়া মাতৃ চৰণ সিং কৌৰে ইন ভিট্ৰ’ ফাৰ্টিলাইজেচন চমুকৈ আইভিএফৰ জৰিয়তে এই সন্তানটি জন্ম দিয়ে ৷ ইয়াৰ পাচতেই কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ে পঞ্জাৱ চৰকাৰৰ পৰা এই সন্দৰ্ভত বিশদ প্ৰতিবেদন বিচাৰিছে ৷

Sidhu Moosewala Mother Gives Birth
পঞ্জাৱলৈ কেন্দ্ৰৰ জাননী

পঞ্জাৱ চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ প্ৰধান সচিবলৈ প্ৰেৰণ কৰা এখন পত্ৰত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে আলোকপাত কৰিছে যে পাঞ্জাবী কন্ঠশিল্পী সিদ্ধু মুছেৱালাৰ মাতৃয়ে ৫৮ বছৰ বয়সত আইভিএফৰ জৰিয়তে সন্তান জন্ম দিয়াৰ খবৰ আহিছে । ইয়াত কেন্দ্ৰই পঞ্জাৱ চৰকাৰক এই বিষয়ত কি ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি প্ৰশ্ন কৰে ।

  • " class="align-text-top noRightClick twitterSection" data="">

স্বাস্থ্য মন্ত্ৰালয়ৰ হৈ এছ কে ৰঞ্জনে স্বাক্ষৰ কৰা পত্ৰখনত উল্লেখ কৰা মতে, ২০২১ চনৰ সহায়ক প্রজনন প্রযুক্তি (নিয়ন্ত্রণ) আইন ৰ ২১ নং ধাৰাত এআৰটিসেৱাৰ অধীনত এগৰাকী মহিলাৰ বাবে নিৰ্ধাৰিত বয়সৰ সীমা ২১-৫০ বছৰৰ ভিতৰত । ‘সহায়ক প্ৰজনন প্ৰযুক্তি (আৰ টি) (নিয়ম) আইন, ২০২১ অনুসৰি গোচৰটোত গ্ৰহণ কৰা ব্যৱস্থাৰ প্ৰতিবেদন এই বিভাগত দাখিল কৰিবলৈ অনুৰোধ জনোৱা হৈছে ।’

উল্লেখ্য যে, পঞ্জাৱৰ মানছাত গায়কজনক গুলীয়াই হত্যা কৰাৰ প্ৰায় দুবছৰৰ পাছত মুছেৱালাৰ পিতৃ-মাতৃয়ে দেওবাৰে এটি পুত্ৰ সন্তানৰ পিতৃ হয় ৷ মুছেৱালাৰ পিতৃ বালকৌৰ সিঙে নিজৰ ফেচবুক পেজত নৱজাতকৰ জন্মৰ কথা ঘোষণা কৰি কয় যে তেওঁ আৰু তেওঁৰ পত্নীয়ে মুছেৱালাৰ সৰু ভাতৃ লাভ কৰি ধন্য হৈছে ।

এআৰটি (নিয়ন্ত্ৰণ) আইন

সহায়ক প্রজনন প্রযুক্তি (নিয়ন্ত্রণ) আইন ২০২১, ২০২১ চনৰ ১৮ ডিচেম্বৰত গৃহীত হয় আৰু ক্লিনিক আৰু বেংকসমূহৰ নিয়ন্ত্ৰণ আৰু তত্বাৱধান আৰু সুৰক্ষিত তথা নৈতিক পদ্ধতি নিশ্চিত কৰাৰ উদ্দেশ্যেৰে ২০২২ চনৰ ২৫ জানুৱাৰীৰ পৰা ইয়াক ভাৰতত বলবৎ হয় । ইয়াৰ পাচত ২০২২ চনৰ ৭ জুনত সহায়ক প্ৰজনন প্ৰযুক্তি (নিয়ন্ত্ৰণ) নিয়ম, ২০২২ গৃহীত হয় । এই আইনৰ ধাৰা ২ (গ) অনুসৰি এআৰটি ক্লিনিকৰ অৰ্থ হ’ল সহায়ক প্ৰজনন প্ৰযুক্তিৰ সৈতে জড়িত পদ্ধতিসমূহ সম্পন্ন কৰিবলৈ ৰাষ্ট্ৰীয় চিকিৎসা আয়োগ (এনএমচি)ত পঞ্জীয়নভুক্ত প্ৰয়োজনীয় সুবিধা আৰু চিকিৎসা প্ৰেকটিচনাৰেৰে সজ্জিত যিকোনো চৌহদ ।

ইন-ভিট্ৰ' ফাৰ্টিলাইজেচন (IVF) কি

ইন-ভিট্ৰ’ ফাৰ্টিলাইজেচন (IVF) হৈছে কেইবাটাও পদ্ধতিৰে গঠিত এক জটিল প্ৰজনন প্ৰক্ৰিয়া । এই প্ৰক্ৰিয়াটো আৰম্ভ হয় ডিম্বাশয়ৰ উদ্দীপনাৰে, য’ত হৰম’ন থেৰাপীৰ সহায়ত ডিম্বাশয়ক সাধাৰণ একক কণীৰ পৰিৱৰ্তে একাধিক কণী উৎপন্ন কৰিবলৈ উদ্দীপিত কৰা হয় । নিয়মীয়া তেজৰ পৰীক্ষা আৰু আল্ট্ৰাছাউণ্ডৰ ছবিৰ জৰিয়তে মহিলাগৰাকীৰ সঁহাৰি নিবিড়ভাবে নিৰীক্ষণ কৰি ফলিকলৰ বিকাশ আৰু হৰম’নৰ মাত্ৰা অনুসৰণ কৰা হয় । ফোলিকলবোৰে আদৰ্শ আকাৰত উপনীত হ’লে কণীবোৰৰ চূড়ান্ত পৰিপক্কতা প্ৰৰোচিত কৰিবলৈ ট্ৰিগাৰ শ্বট দিয়া হয় । তাৰ পিছত ট্ৰেন্সভেজিনেল আল্ট্ৰাছাউণ্ড-গাইডেড ফলিকল এস্পিৰেচন নামৰ নূন্যতম আক্ৰমণাত্মক পদ্ধতি ব্যৱহাৰ কৰি কণীবোৰ উদ্ধাৰ কৰা হয় । উদ্ধাৰৰ পিছত কণী আৰু শুক্ৰাণুবোৰ লেবৰ ডিচত একত্ৰিত কৰি নিষিক্ত কৰা হয় । তাৰ পিচত নিষিক্ত কণীবোৰ পৰীক্ষাগাৰত কেইদিনমান কালচাৰ কৰি বিকশিত কৰা হয় । কালচাৰ পিৰিয়ডৰ পিচত এটা বা ততোধিক ভ্ৰূণ জৰায়ুলৈ স্থানান্তৰিত কৰিবলৈ বাছি লোৱা হয় । ভ্ৰূণ স্থানান্তৰৰ ১০ৰ পৰা ১৪ দিনৰ পিচত গৰ্ভাৱস্থা পৰীক্ষা কৰি আইভিএফ প্ৰক্ৰিয়াৰ সফলতা নিৰ্ণয় কৰা হয় ।

ভাৰতত আইভিএফৰ সফলতা

নতুন দিল্লীৰ অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্সৰ (এইমছ)ৰ প্ৰসূতি আৰু স্ত্ৰীৰোগ বিভাগৰ তথ্য অনুসৰি ভাৰতত আইভিএফৰ সফলতাৰ হাৰ ৩০-৩৫ শতাংশ । চিকিৎসা পদ্ধতিৰ ওপৰত নিৰ্ভৰ কৰি সফলতাৰ হাৰ ৪০ শতাংশ পৰ্যন্ত বৃদ্ধি পোৱাৰ প্ৰৱণতা থাকে।

ভাৰতৰ ব্যক্তিগত ক্লিনিকসমূহে সফলতাৰ হাৰ বহু বেছি বুলি দাবী কৰে । বহুতো ব্যক্তিগত আইভিএফ ক্লিনিকে ৩৫ আৰু ৪০ বছৰৰ মহিলাৰ সফলতাৰ হাৰ ৭০ৰ পৰা ৮০ শতাংশ আৰু ৪০ বছৰৰ ওপৰৰ মহিলাৰ বাবে ৫০ শতাংশ সম্ভাৱনা থকাৰ কথা প্ৰকাশ কৰে ।

প্ৰয়োজনীয়তা আৰু খৰচ

প্ৰাকৃতিকভাবে গৰ্ভধাৰণ কৰিব নোৱাৰাৰ মহিলাই আইভিএফ পছন্দ কৰে । আইভিএফ চিকিৎসাৰ ব্যয় আইভিএফ (আইভিএফ) কেন্দ্ৰৰ অৱস্থান, চিকিৎসকৰ দক্ষতাসহ বিভিন্ন কাৰকৰ ওপৰত নিৰ্ভৰ কৰি প্ৰায় ১,০০,০০০ টকাৰ পৰা ৩,৫০,০০০ টকালৈকে হয় ।

বিশেষজ্ঞৰ মতামত

বৰ্ধিত মানসিক চাপ আৰু ষ্ট্ৰেইনৰ বাবে আজিৰ জীৱনত আই ভি এফ অধিক সাধাৰণ হৈ পৰিছে । ক্লায়েণ্টসকলক সঠিক তথ্য থকা সহায়ক প্ৰযুক্তিয়ে দম্পতীক বহু সহায় কৰে বুলি কয় বিখ্যাত স্বাস্থ্য বিশেষজ্ঞ তথা কমিউনিটি মেডিচিনৰ উৎকৃষ্টতাৰ অধ্যাপিকা ডাঃ সুনীলা গাৰ্গে ।

দিল্লীৰ মৌলানা আজাদ মেডিকেল কলেজৰ উপ ডীন হিচাপে কৰ্মৰত ডাঃ গাৰ্গে কয় যে শাৰীৰিক আৰু মোকাবিলা কৰাৰ ক্ষমতাৰ বাবে ৩০ বছৰলৈকে আদৰ্শ যদিও আজিকালি দম্পতীৰ হাতত পছন্দ আছে ।

লগতে পঢ়ক: পঞ্জাৱ চৰকাৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন সিদ্ধু মুছেৱালাৰ পিতৃৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.