ETV Bharat / bharat

আজিৰে পৰা বিজেপিৰ দুদিনীয়া ৰাষ্ট্ৰীয় পৰিষদৰ বৈঠক - PM Narendra Modi

BJP national council meeting : শেহতীয়া সময়ছোৱাত নিৰ্বাচিত পঞ্চায়ত মুৰব্বীৰ পৰা জিলা সভাপতি আৰু কেন্দ্ৰীয় মন্ত্ৰীলৈকে, বিজেপিৰ 'ৰাষ্ট্ৰীয় পৰিষদ'ৰ বৈঠকত শাসকীয় দলৰ সৰ্ববৃহৎ বৈঠকত সাংগঠনিক নেতাসকল একত্ৰিত হ'বলৈ গৈ আছে ।

আজিৰে পৰা বিজেপিৰ দুদিনীয়া ৰাষ্ট্ৰীয় পৰিষদৰ বৈঠক

author img

By PTI

Published : Feb 17, 2024, 12:00 PM IST

নিউজ ডেস্ক, ১৭ ফেব্ৰুৱাৰী : আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে শনিবাৰৰ পৰা আৰম্ভ হৈছে বিজেপিৰ ৰাষ্ট্ৰীয় পৰিষদৰ দুদিনীয়া বৈঠক । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দলটোৰ শীৰ্ষ বিষয়াসকলে আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে প্ৰচাৰৰ বিষয়বস্তু প্ৰস্তুত কৰাৰ বাবে সাজু হৈছে । তেনে সময়তে শনিবাৰে সমগ্ৰ দেশৰ প্ৰায় ১১,৫০০ বিজেপি প্ৰতিনিধিৰে দিল্লীত আৰম্ভ হ'বলৈ গৈ আছে দুদিনীয়া বৈঠক ।

শেহতীয়া সময়ছোৱাত নিৰ্বাচিত পঞ্চায়ত মুৰব্বীৰ পৰা জিলা সভাপতি আৰু কেন্দ্ৰীয় মন্ত্ৰীলৈকে, বিজেপিৰ 'ৰাষ্ট্ৰীয় পৰিষদ'ৰ বৈঠকত শাসকীয় দলৰ আটাইতকৈ ডাঙৰ বৈঠকত সাংগঠনিক নেতাসকল একত্ৰিত হ'বলৈ গৈ আছে । নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ কেডাৰসকলক উৎসাহিত কৰাৰ লক্ষ্যৰে কৰা ই হৈছে সৰ্ববৃহৎ অনুষ্ঠান ।

মূল বৈঠকৰ পূৰ্বে দলটোৰ ৰাষ্ট্ৰীয় কাৰ্যালয়ৰ বিষয়াসকলৰ এখন বৈঠক অনুষ্ঠিত হ'ব । এই বৈঠকত মুখ্য বৈঠকত আলোচনা কৰিবৰ বাবে কিছু গুৰুত্বপূৰ্ণ কাৰ্যসূচীৰ বিষয় চূড়ান্ত কৰা হ'ব ।

বিজেপিৰ মুৰব্বী জে পি নাড্ডাই বৈঠকখন উদ্বোধন কৰিব আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে সামৰণী ভাষণ প্ৰদান কৰিব । এই বৈঠকত দলটোৰ নিৰ্বাচনী প্ৰচাৰৰ বিস্তৃত ৰূপৰেখা তৈয়াৰ কৰাৰ সম্ভাৱনা আছে । লগতে সদস্যসকলক আগন্তুক নিৰ্বাচনত ৩৭০ খন আসনত জয়লাভৰ বাবে প্ৰধানমন্ত্ৰীৰ লক্ষ্যত উপনীত হ'বলৈ সকলো প্ৰচেষ্টা চলাবলৈ অনুৰোধ জনাইছে ।

ভাৰত মণ্ডপমত অনুষ্ঠিত হ'বলগীয়া এই বৈঠকত সমগ্ৰ দেশৰ মুখ্যমন্ত্ৰী, ৰাজ্যিক মন্ত্ৰী, বিজেপিৰ ৰাজ্যিক গোটৰ সভাপতি আৰু ইয়াৰ সাংগঠনিক নেতাসকলৰ উপস্থিতিও পৰিলক্ষিত হ'ব । আনহাতে, সমগ্ৰ দেশৰ পৰা দলটোৰ জিলা সংস্থা আৰু 'মৰ্চা'ৰ প্ৰতিনিধিসকলেও এই বৃহৎ সভাত অংশগ্ৰহণ কৰিব ।

2014 আৰু 2019 চনৰ লোকসভা নিৰ্বাচনৰ সপ্তাহৰ পূৰ্বে ৰাষ্ট্ৰীয় ৰাজধানীত আয়োজিত আৰু বিগত 10 বছৰত অনুষ্ঠিত ৰাষ্ট্ৰীয় পৰিষদৰ বৈঠকত উপস্থিতি সাধাৰণতে প্ৰায় 3,000 আছিল ।

ইফালে দলৰ জ্যেষ্ঠ নেতা ৰবি শংকৰ প্ৰসাদে জনোৱা মতে, পৰিষদে দুটা প্ৰস্তাৱ গৃহীত কৰাৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক :ঝাৰখণ্ড চৰকাৰৰ কেবিনেট সম্প্ৰসাৰণ; নতুন মন্ত্ৰীসভাক দায়িত্ব অৰ্পণ মুখ্যমন্ত্ৰী চম্পাইৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.