নেশ্যনেল ডেস্ক, 21 জুলাই: আগন্তুক ঝাৰখণ্ড বিধানসভা নিৰ্বাচনত বাংলাদেশী অনুপ্ৰৱেশকাৰী, পৰিৱৰ্তিত জনগাঁথনি, ভূমি আৰু লাভ জেহাদ আদি বিষয়বোৰক মূল ইছ্যু হিচাপে লৈ প্ৰতিদ্বন্দ্বিতা কৰিব বিজেপিয়ে । কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৰাঁচীত অনুষ্ঠিত দলৰ বিশদ কাৰ্যকৰী সমিতিৰ বৈঠকত ইয়াৰ স্পষ্ট ইংগিত দিয়ে ।
ধুব্ৰাত আয়োজন কৰা এক কাৰ্যসূচীত অমিত শ্বাহে কয় যে যদি বিজেপিয়ে ঝাৰখণ্ডত চৰকাৰ গঠনৰ সুযোগ পায় তেন্তে জনজাতীয় জনসংখ্যা, মাটি আৰু সংৰক্ষণৰ সুৰক্ষাৰ বাবে এখন শ্বেতপত্ৰ আনিব । অৱশ্যে আগন্তুক বিধানসভা নিৰ্বাচনত বিজেপিয়েই জয় লাভ কৰিব বুলি দাবী কৰি অমিত শ্বাহে কয় যে লোকসভা নিৰ্বাচনৰ সময়ত তেওঁৰ দলে ৰাজ্যখনৰ 52 খন বিধানসভাৰ আসন লাভ কৰিছে ।
ইয়াৰ উপৰিও তেওঁ বৰ্তমানৰ ঝাৰখণ্ড চৰকাৰক প্ৰেম আৰু ভূমি জেহাদ প্ৰসংগত তীব্ৰ সমালোচনা কৰে । বিজেপিয়ে ঝাৰখণ্ডত বাংলাদেশী অনুপ্ৰৱেশৰ বিষয়টো ধাৰাবাহিকভাৱে উত্থাপন কৰি আহিছে বুলি দাবী কৰি বাংলাদেশী অনুপ্ৰৱেশকাৰীয়ে ঝাৰখণ্ডত বিবাহপাশত আবদ্ধ হয়, নথি-পত্ৰ বনায় আৰু জনজাতীয় ভূমি দখল কৰে বুলি দাবী কৰে ।
লগতে, গৃহমন্ত্ৰীগৰাকীয়ে কয় যে অনুপ্ৰৱেশৰ বাবে যুৱক-যুৱতীসকলৰ মাজতো নিবনুৱা সমস্যা বৃদ্ধি পাইছে । দেশৰ কোনো ঠাইত যদি জনজাতীয় লোকৰ সংখ্যা কমিছে তেন্তে সেয়া ঝাৰখণ্ড বুলি দাবী কৰি যদিহে এই পৰিস্থিতি অব্যাহত থাকে তেন্তে অনাগত দিনত ই অধিক হ্ৰাস পাব বুলি উদ্বেগ প্ৰকাশ কৰে ।
উল্লেখ্য যে, বিজেপিয়ে বিধানসভালৈ লক্ষ্য কৰি ৰাজ্যখনৰ ইছ্যুবোৰ উত্থাপন কৰি শাসকীয় চৰকাৰখনক আক্ৰমণৰ লক্ষ্য কৰি লৈছে ৷ বিজেপিৰ এইদিশলৈ লক্ষ্য কৰিলে ইণ্ডি এলায়েন্সৰ বাবে ৰাজ্যখনৰ বিধানসভাৰ পথ বৰ সহজ নহ’ব বুলি ৰাজনৈতিক মহলত চৰ্চা চলিছে । সমান্তৰালভাৱে, ইণ্ডি এলায়েন্সে বিজেপি দলে উত্থাপন কৰা অভিযোগৰ উত্তৰ দিবলৈ কোনো সুনিৰ্দিষ্ট কৌশল গ্ৰহণ কৰাও পৰিলক্ষিত হোৱা নাই ।