ETV Bharat / bharat

কোন হ’ব ৰাষ্ট্ৰীয় বিজেপিৰ পৰৱৰ্তী সভাপতি; অহা মাহৰ পৰা আৰম্ভ হ’ব নিৰ্বাচনী প্ৰক্ৰিয়া - BJP National president

author img

By ANI

Published : Jul 14, 2024, 5:50 PM IST

National president of BJP: সভাপতি হিচাপে নতুন মুখৰ সন্ধানত বিজেপি ৷ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ কাৰ্যকালৰ অন্ত পৰাৰ পাচতেই নতুন সভাপতিৰ সন্ধান চলাইছে বিজেপি দলে ৷ 1 আগষ্টৰ পৰা আৰম্ভ হ’ব নিৰ্বাচনী প্ৰক্ৰিয়া ৷

BJP to appoint new national president by December
কোন হ’ব ৰাষ্ট্ৰীয় বিজেপিৰ পৰৱৰ্তী সভাপতি; অহা মাহৰ পৰা আৰম্ভ হ’ব নিৰ্বাচনী প্ৰক্ৰিয়া (ANI)

নেশ্যনেল ডেস্ক, 14 জুলাই: অন্ত পৰিল ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ কাৰ্যকালৰ । অৱশ্যে তেওঁৰ কাৰ্যকাল 2024 চনৰ জুন মাহ পৰ্যন্ত বৃদ্ধি কৰা হৈছিল ৷ নাড্ডাক বৰ্তমান মোদী 3.0 মন্ত্ৰীসভাত স্বাস্থ্য, ৰাসায়নিক আৰু সাৰ দপ্তৰৰ দৰে গুৰুত্বপূৰ্ণ দপ্তৰৰ দায়িত্ব অৰ্পণ কৰা হৈছে । ফলত বিজেপিয়ে এতিয়া নতুন সভাপতিৰ বাবে সন্ধান চলাইছে ।

চলিত বৰ্ষৰ ডিচেম্বৰৰ ভিতৰত নতুন ৰাষ্ট্ৰীয় সভাপতিগৰাকীক নিযুক্তি দিয়াৰ লক্ষ্য স্থিৰ কৰিছে বিজেপিয়ে । এই পদৰ বাবে নিৰ্বাচনী প্ৰক্ৰিয়া 1 আগষ্টৰ পৰা আৰম্ভ হ’ব । ৰাষ্ট্ৰীয় সভাপতি নিৰ্বাচনৰ পূৰ্বে জিলা আৰু ৰাজ্যিক গোটসমূহ শক্তিশালী কৰাৰ লগতে এক বিস্তৃত সদস্যপদ অভিযান চলোৱা হ’ব ।

1 আগষ্টৰ পৰা আৰম্ভ হ’ব বিজেপিৰ নতুন ৰাষ্ট্ৰীয় সভাপতি নিৰ্বাচনৰ প্ৰক্ৰিয়া । প্ৰথম অৱস্থাত সদস্যপদ অভিযান আৰম্ভ কৰা হ’ব, যিটো 15 ছেপ্টেম্বৰ পৰ্যন্ত চলিব । ইয়াৰ পিছত 16 ছেপ্টেম্বৰৰ পৰা 30 ছেপ্টেম্বৰলৈ সক্ৰিয় সদস্যপদ অভিযান অনুষ্ঠিত হ’ব । 1 অক্টোবৰৰ পৰা 15 অক্টোবৰলৈ সক্ৰিয় সদস্যপদৰ পৰীক্ষণ কৰা হ’ব ।

বিজেপি দলৰ সংবিধান অনুসৰি প্ৰতিজন সদস্যই প্ৰতি 9 বছৰৰ মূৰে মূৰে সদস্যপদ নবীকৰণ কৰিব লাগিব । এইবাৰ প্ৰধানমন্ত্ৰী, দলৰ সভাপতি আৰু দলৰ সকলো নেতাই সদস্যপদ নবীকৰণ কৰিব লাগিব ।

1 নৱেম্বৰৰ পৰা 15 নৱেম্বৰলৈ বিজেপিয়ে মণ্ডল (স্থানীয় গোট)ৰ সভাপতিৰ বাবে নিৰ্বাচন অনুষ্ঠিত কৰিব । ইয়াৰ পিছতে 16 নৱেম্বৰৰ পৰা 30 নৱেম্বৰলৈ জিলা সভাপতি নিৰ্বাচন অনুষ্ঠিত হ’ব ।

বিজেপিৰ ভিতৰৰ সূত্ৰই ইংগিত দিছে যে মণ্ডল আৰু জিলা সভাপতি নিৰ্বাচনৰ পিছত ৰাজ্য পৰিষদ আৰু কেন্দ্ৰীয় পৰিষদৰ সদস্য নিৰ্বাচিত হ’ব । এই নিৰ্বাচনৰ পিছতহে ৰাজ্যৰ সভাপতি নিৰ্বাচনৰ প্ৰক্ৰিয়া আৰম্ভ হ’ব ।

1 ডিচেম্বৰৰ পৰা আৰম্ভ হ’ব ৰাজ্যৰ সভাপতিৰ নিৰ্বাচনী প্ৰক্ৰিয়া ।

উল্লেখযোগ্য যে, নাড্ডাক ৰাজ্যসভাত সদনৰ নেতা হিচাপে নিযুক্তি দিয়া হৈছে । গুজৰাটৰ পৰা ৰাজ্যসভাৰ সাংসদ নিৰ্বাচিত হোৱা নাড্ডাই 2024 চনৰ লোকসভা নিৰ্বাচনৰ পিছত মোদী 3.0 মন্ত্ৰীসভাত স্বাস্থ্য, ৰাসায়নিক আৰু সাৰ দপ্তৰ অৰ্পণ কৰা হৈছে ।

লগতে পঢ়ক: কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী জে পি নাড্ডা ৰাজ্যসভাৰ নেতা হিচাপে নিযুক্তি - J P Nadda As Leader Of Rajya Sabha

মোডী ৩.০: আগন্তুক ৫ বছৰলৈ দেশৰ অৰ্থনীতিৰ ভেটি গঢ়াৰ দায়িত্ব পুনৰ নিৰ্মলা সীতাৰমণৰ হাতলৈ - FM Nirmala Sitharaman

24 জুনৰ পৰা আৰম্ভ অষ্টাদশ লোকসভাৰ প্ৰথম অধিৱেশন - first session of 18th Lok Sabha

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.